কা আন্দোলনঃ আজিৰ দিনটোতেই আৰক্ষীৰ গুলীয়ে বুকু ভেদি গৈছিল ৫ নিৰীহ যুৱকৰ…

CAA Protest: আজিৰ পৰা প্ৰায় ৬ বছৰ পূৰ্বে অসম গৰ্জি উঠিছিল কাৰ বিৰুদ্ধে। লাখ লাখ লোক ওলাই আহি নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবী কৰিছিল। এই আন্দোলনতে শ্বহীদ হৈছিল অসমৰ ৫ যুৱক।

কা আন্দোলনঃ আজিৰ দিনটোতেই আৰক্ষীৰ গুলীয়ে বুকু ভেদি গৈছিল ৫ নিৰীহ যুৱকৰ...

কা আন্দোলনৰ শ্বহীদ

Published: 

12 Dec 2025 | 07:57 AM

অসমবাসীয়ে পাহৰিব নোৱাৰা এটা দিন। সেইদিনা আছিল ২০১৯ চনৰ ১২ ডিচেম্বৰ। আজিৰ পৰা প্ৰায় ৫ বছৰ পূৰ্বে আজিৰ দিনটোতে অসমৰ হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি কা (CAA) (নাগৰিকত্ব সংশোধনী আইন)ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল, য’ত প্ৰাণ হেৰুৱাইছিল ৫ যুৱকে। তেওঁলোক আছিল দ্বীজেন্দ্ৰ পাংগিং, আব্দুল আলিম, ছেম ষ্টেফ’ৰ্ড, ঈশ্বৰ নায়ক আৰু দ্বীপাঞ্জল দাস। কিন্তু মৃত্যুৰ ইমান বছৰ ৰাছতো আজি পৰ্যন্ত তেওঁলোকে ন্যায় লাভ নকৰিলে।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০২৬ (CAB) বিষয়টো উত্থাপন হোৱাৰ পাছতে ৰাজ্যত আৰম্ভ হৈছিল কেব আন্দোলন। কিন্তু ইয়াৰ মাজতে দুই সদনত কেব গৃহীত হয় আৰু পাছত ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দিনা সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে স্বাক্ষৰ কৰি ‘কেব’ক আইনলৈ ৰূপান্তৰিত কৰে। ইয়াৰ লগে লগে সমগ্ৰ অসমবাসী জ্বলি উঠে আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আছে। সকলোৰে আছিল এটাই দাবী-কা বাতিল কৰক।

কিন্তু সেই আন্দোলনৰ মাজতে প্ৰাণ হেৰুৱাইছিল ৫ নিৰীহ যুৱকে। আৰক্ষীৰ গুলীয়ে বুকু ভেঁদি গৈছিল তেওঁঁলোকৰ। অসমবাসী সাক্ষী ৰৈ ৰৈছিল এয়া ক’লা দিনৰ। সেই দিনটোৰ স্মৃতিত আজি সেই আটাইকেইগৰাকী নিৰীহক সুঁৱৰি ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হ’ব। ৬ বছৰ পাৰ হৈ গ’ল, কিন্তু ন্যায়া নাপালে এই ৫ শ্বহীদে। কা আন্দোলনে একাংশক দিলে আৰু একাংশৰ পৰা কাঢ়িলে। কা আন্দোলনৰ নামত সম্ভৱতঃ আজিও বহু লোক ঘূণীয়া হৈ আছে।

কিন্তু কা আন্দোলনে একাংশক যেন প্ৰতাপী বনাই থৈ গ’ল। সেই সময়ত কাৰ বিৰুদ্ধে গৰ্জি উঠা একাংশ আজি ক্ষমতাৰ ৰাগীত মত্ত। একাংশৰ মতে, সেই সময়ত তেওঁলোক বিপথে পৰিচালিত হৈছিল। কিন্তু সকলো ঘটনাৰ উত্তৰ সময়ৰ হাতত আছে। অসমবাসীৰ চকুৰ সন্মুখত আছে সকলো।

 

অন্য খবৰ পঢ়কঃ কামৰ সন্ধানত গৈছিল অৰুণাচল প্ৰদেশলৈ! পথ দুৰ্ঘটনাত মৃত্যু অসমৰ ২১ জন শ্ৰমিকৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...