পিছ পৰিছে হাগ্ৰামা, বিটিচি নিৰ্বাচনৰ ভোটগণনা শেহতীয়া খবৰ…

বড়োলেণ্ড পিপলছ ফ্ৰণ্টে (BPF)২২খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (UPPL) ৭ খন আসন আৰু বিজেপিয়ে ১১খন আসনেৰে পিছ পৰি আছে। কংগ্ৰেছে এতিয়াও খুলিব পৰা নাই একাউণ্ট।

পিছ পৰিছে হাগ্ৰামা, বিটিচি নিৰ্বাচনৰ ভোটগণনা শেহতীয়া খবৰ...
Published: 

26 Sep 2025 19:28 PM

অব্যাহত আছে বিটিচি নিৰ্বাচনৰ ভোটগণনা। ভোটগণনা চলি থকাৰ সময়লৈকে বিপিএফে আগ্ৰগতি লাভ কৰা দেখা গৈছে। শেহতীয়া তথ্য অনুসৰি বিটিচি নিৰ্বাচনত বড়োলেণ্ড পিপলছ ফ্ৰণ্টে (BPF)২২খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (UPPL) ৭ খন আসন আৰু বিজেপিয়ে ১১খন আসনেৰে পিছ পৰি আছে। কংগ্ৰেছে এতিয়াও খুলিব পৰা নাই একাউণ্ট।

দেখা গৈছে শ্ৰীৰামপুৰ আৰু ওদালগুৰি সমষ্টিত বিপিএফৰ প্ৰাৰ্থীয়ে শক্তিশালী অগ্ৰগতি লাভ কৰিছে। চিৰাং দুৱাৰ সমসষ্টিত পঞ্চম ৰাউণ্ডৰ ভোটগণনা অন্তত খাম্পা বৰগয়াৰীয়ে অগ্ৰগতি লাভ কৰা দেখা গৈছে। ভোটগণনাৰ পঞ্চম ৰাউণ্ডৰ অন্তত ইউ পি পি এলৰ খাম্পা বৰগয়াৰীয়ে ১৪৫৫০ টা ভোট লাভ কৰাৰ বিপৰীতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ১৩৪৩১ টা ভোট লাভ কৰিছে। দেখা গৈছে ১১১৯ টা ভোটত পিছ পৰি আছে হাগ্ৰামা।

ইফালে, ৬ নং কচুগাওঁ সমষ্টিত বিপিএফৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীৰ জয়লাভ কৰিছে। একেদৰে কাজলগাওঁ সমষ্টিত ইউ পি পি এলৰ চন্দন ব্ৰহ্ম পৰাস্ত হৈছে। ইয়াৰ বিপৰীতে জয়লাভ কৰিছে বিপিএফৰ প্ৰাৰ্থী ফণীৰাম ব্ৰহ্ম। দেৱৰগাওঁ সমষ্টি সমষ্টিত আগবাঢ়ি আছে বিপিএফ। উল্লেখ্য যে, বি টি চিৰ ৪০টা পৰিষদীয় সমষ্টিৰ বাবে মুঠ ৩১৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।

উৎসৱৰ বতৰত এনেধৰণৰ গহনাই বঢ়াব আপোনাৰ সৌন্দৰ্য, অনুসৰণ কৰক ট্ৰেণ্ড
দৈনিক কণী খাই নেকি ? কোনটো অংশ বেছি পুষ্টিকৰ ? কুহুম নে বগা অংশ!
ফুলিব ভাগ্য ! দেৱী দুৰ্গাৰ আৰ্শীবাদ পাবলৈ পঞ্চমীৰ দিনটোত এই কাম কৰক
বৰষুণৰ পানী কিমান পৰিষ্কাৰ! পোনে পোনে খাব পাৰিনে এই পানী? চাওক এই বিষয়ে