পিছ পৰিছে হাগ্ৰামা, বিটিচি নিৰ্বাচনৰ ভোটগণনা শেহতীয়া খবৰ…

বড়োলেণ্ড পিপলছ ফ্ৰণ্টে (BPF)২২খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (UPPL) ৭ খন আসন আৰু বিজেপিয়ে ১১খন আসনেৰে পিছ পৰি আছে। কংগ্ৰেছে এতিয়াও খুলিব পৰা নাই একাউণ্ট।

পিছ পৰিছে হাগ্ৰামা, বিটিচি নিৰ্বাচনৰ ভোটগণনা শেহতীয়া খবৰ...
Published: 

26 Sep 2025 | 07:28 PM

অব্যাহত আছে বিটিচি নিৰ্বাচনৰ ভোটগণনা। ভোটগণনা চলি থকাৰ সময়লৈকে বিপিএফে আগ্ৰগতি লাভ কৰা দেখা গৈছে। শেহতীয়া তথ্য অনুসৰি বিটিচি নিৰ্বাচনত বড়োলেণ্ড পিপলছ ফ্ৰণ্টে (BPF)২২খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (UPPL) ৭ খন আসন আৰু বিজেপিয়ে ১১খন আসনেৰে পিছ পৰি আছে। কংগ্ৰেছে এতিয়াও খুলিব পৰা নাই একাউণ্ট।

দেখা গৈছে শ্ৰীৰামপুৰ আৰু ওদালগুৰি সমষ্টিত বিপিএফৰ প্ৰাৰ্থীয়ে শক্তিশালী অগ্ৰগতি লাভ কৰিছে। চিৰাং দুৱাৰ সমসষ্টিত পঞ্চম ৰাউণ্ডৰ ভোটগণনা অন্তত খাম্পা বৰগয়াৰীয়ে অগ্ৰগতি লাভ কৰা দেখা গৈছে। ভোটগণনাৰ পঞ্চম ৰাউণ্ডৰ অন্তত ইউ পি পি এলৰ খাম্পা বৰগয়াৰীয়ে ১৪৫৫০ টা ভোট লাভ কৰাৰ বিপৰীতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ১৩৪৩১ টা ভোট লাভ কৰিছে। দেখা গৈছে ১১১৯ টা ভোটত পিছ পৰি আছে হাগ্ৰামা।

ইফালে, ৬ নং কচুগাওঁ সমষ্টিত বিপিএফৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীৰ জয়লাভ কৰিছে। একেদৰে কাজলগাওঁ সমষ্টিত ইউ পি পি এলৰ চন্দন ব্ৰহ্ম পৰাস্ত হৈছে। ইয়াৰ বিপৰীতে জয়লাভ কৰিছে বিপিএফৰ প্ৰাৰ্থী ফণীৰাম ব্ৰহ্ম। দেৱৰগাওঁ সমষ্টি সমষ্টিত আগবাঢ়ি আছে বিপিএফ। উল্লেখ্য যে, বি টি চিৰ ৪০টা পৰিষদীয় সমষ্টিৰ বাবে মুঠ ৩১৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...