BTC Election Result 2025: খাম্পাক নোৱাৰিলে, দেৱৰগাঁৱত জয়ী হাগ্ৰামা ! বৃহৎ অগ্ৰগতি বিপিএফৰ

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ৪০খন আসনৰ ভিতৰত ২২খন আসনত অগ্ৰগতি লাভ কৰিছে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ)য়ে। নিৰ্বাচনৰ ভোটগণনা চলি থকা পৰ্যন্ত বিপিএফৰ ৪ গৰাকী প্ৰাৰ্থী জয়ী হোৱাৰ খবৰ আহিছে। ই

BTC Election Result 2025: খাম্পাক নোৱাৰিলে, দেৱৰগাঁৱত জয়ী হাগ্ৰামা ! বৃহৎ অগ্ৰগতি বিপিএফৰ
Updated On: 

26 Sep 2025 23:40 PM

অব্যাহত আছে বিটিচি নিৰ্বাচনৰ ভোটগণনা। দেখা গৈছে এইবাৰ বিটিচি নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে বিপিএফ দল। দলটোৱে ইউপিপিএল আৰু বিজেপিক অতিক্ৰম কৰি এক বৃহৎ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ৪০খন আসনৰ ভিতৰত ২২খন আসনত অগ্ৰগতি লাভ কৰিছে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ)য়ে।

নিৰ্বাচনৰ ভোটগণনা চলি থকা পৰ্যন্ত বিপিএফৰ ৪ গৰাকী প্ৰাৰ্থী জয়ী হোৱাৰ খবৰ আহিছে। ইয়াৰ বিপৰীতে ইউপিপিএলৰ দুজন আৰু বিজেপিৰ এজন প্ৰাৰ্থী জয়ী হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বাতৰি লিখাৰ সময়লৈকে বিপিএফ ২২ খন, ইউ পি পি এলে ৭ খন আসন আৰু বিজেপি ১১ খন আসনত আগবাঢ়ি আছে।

প্ৰকাশিত তথ্য অনুসৰি, বিপিএফৰ মুৰব্বী হাগ্ৰাম মহিলাৰীয়ে দেৱৰগাওঁ সমষ্টিৰ পৰা জয় লাভ কৰাৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা কৰা আনটো সমষ্টি চিৰাং দুৱাৰত পৰাস্ত হৈছে। চিৰাং দুৱাৰ সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰী জয়ী হৈছে।

ইফালে, গৈবাৰী সমষ্টিৰ পৰা ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৱে জয় লাভ কৰা বুলি খবৰ আহিছে। দতোমা সমষ্টিটো প্ৰমোদ বড়োৱে বিপিএফৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। দৰংগাজুলিত বিজেপিৰ প্ৰাৰ্থী বিজিত গোৰাই জয় লাভ কৰা বুলি খবৰ আহিছে।

ধন-সম্পত্তিৰে ভৰিব আপোনাৰ ঘৰ, মাথোঁ হনুমানক আগবঢ়াওক এই কেইবিধ সামগ্ৰী
উৎসৱৰ বতৰত এনেধৰণৰ গহনাই বঢ়াব আপোনাৰ সৌন্দৰ্য, অনুসৰণ কৰক ট্ৰেণ্ড
দৈনিক কণী খাই নেকি ? কোনটো অংশ বেছি পুষ্টিকৰ ? কুহুম নে বগা অংশ!
ফুলিব ভাগ্য ! দেৱী দুৰ্গাৰ আৰ্শীবাদ পাবলৈ পঞ্চমীৰ দিনটোত এই কাম কৰক