BTC Election: কাৰ হাতলৈ যাব BTC ৰ বাঘজৰী? কেইটামান ঘন্টাৰ পাছতে ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল…

BTC election 2025: মাত্ৰ কিছু সময়ৰ অপেক্ষা। আজি ঘোষণা হ'ব বিটিচি নিৰ্বাচনৰ ফলাফল। ইতিমধ্যে আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া। মুঠ ৪০ খন আসনত এইবাৰ বিটিচিত ৩১৬ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

BTC Election: কাৰ হাতলৈ যাব BTC ৰ বাঘজৰী? কেইটামান ঘন্টাৰ পাছতে ঘোষণা হব নিৰ্বাচনৰ ফলাফল...

ভোটদান

Updated On: 

26 Sep 2025 | 08:20 AM

কাৰ হাতলৈ যাব বিটিচি শাসনৰ বাঘজৰী? কোনে কৰিব বিটিচিত ৰাজত্ব? কেইটামান ঘন্টাৰ পাছতে পোৱা যাব এই উত্তৰ। কিয়নো আজি ঘোষণা হ’ব বিটিচি নিৰ্বাচনৰ ফলাফল। শুকুৰবাৰ (২৬ ছেপ্টেম্বৰ) পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে বিটিচি নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া। সম্ভৱতঃ সন্ধিয়ালৈ ভোটগণনা প্ৰক্ৰিয়া শেষ হ’ব আৰু তাৰ পাছতেই জানিব পৰা যাব এইবাৰ বিটিচি কাৰ দখললৈ যায়।

যোৱা ২২ ছেপ্টেম্বৰত বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল। প্ৰায় ৭১ শতাংশ ভোটদানেৰে শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছিল নিৰ্বাচন প্ৰক্ৰিয়া। এইবাৰ নিৰ্বাচনত মুঠ ৪০ খন আসনত ৩১৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই আসনসমূহৰ ৩০ খন আসন অনুসূচীত জনজাতিৰ বাবে, ৫ খন আসন অনুসূচীত অ-জনজাতীয় লোকৰ বাবে আৰু ৫ খন আসন মুকলি।

ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইবাৰ বিটিচিত ভোটাৰৰ মুঠ সংখ্যা আছিল ২৬,৫৭,৯২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১৩,২৩,৩৯৯ আৰু মহিলা ভোটাৰৰ সংখ্যা ১৩,৩৪,৫২১ গৰাকী। অন্যান্য ভোটাৰৰ সংখ্যা ১৭ গৰাকী। ২০২০ বৰ্ষৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা আছিল ২৩,৮৭,০৪৬ গৰাকী। তথ্য অনুসৰি মুঠ ভোটকেন্দ্ৰৰ সংখ্যা আছিল ৩৩৫৯ টা।

এই নিৰ্বাচনত জয়ী হোৱাৰ বাবে BPF, UPPL, BJP আদি বিভিন্ন দলে যথেষ্ঠ চেষ্টা চলাই গৈছে। কংগ্ৰেছেও নিৰ্বাচনত যথেষ্ঠ জোৰ দিছে যদিও বিশেষ ফলপ্ৰসূ হ’ব বুলি ক’ব নোৱাৰি। এইবাৰ মূল যুঁজ বিজেপি আৰু বি পি এফৰ মাজত হ’ব পাৰে বুলি অনুমান কৰা হৈছে। কিন্তু জুবিন গাৰ্গৰ মৃত্যুই এই নিৰ্বাচনত কিছু প্ৰভাৱ পেলায়।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “জুবিন গাৰ্গৰ মৃত্যুৱে নিৰ্বাচনত প্ৰভাৱ পেলাইছে। আশা কৰা ধৰণে ফলাফল নহ’ব। কিন্তু যোৱাবাৰতকৈ ফলাফল ভাল হ’ব। ডেকা সকল গুৱাহাটীলৈ আহি গ’ল। অন্তিম ৭২ ঘণ্টা নিৰ্বাচনৰ বাবে অতি প্ৰয়োজনীয় আছিল। কিন্তু আমাৰ বহুকেইখন সভা বাতিল হ’ল। বেছিভাগ অসমীয়াই ভোট দিবলৈ নাহিল”।

উল্লেখ্য যে, বৰ্তমান বিটিচিত বিজেপি-ইউপিপিএলে ৰাজত্ব কৰি আছে। কিন্তু এইবাৰ ইউপিপিএলৰ প্ৰদৰ্শন বৰ বেছি ভাল নহয়। ইফালে বিজেপিয়েও এককভাৱে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। গতিকে বিটিচিৰ বাঘজৰী কাৰ হাতলৈ যায় এয়া কেইটামান ঘন্টাৰ পাছতে স্পষ্ট হৈ পৰিব।

 

অন্য খবৰ পঢ়কঃ SIT ৰ তদন্তৰ পৰা ভোটাৰৰ নূন্যতম বয়স ১৬ বছৰলৈ, দিনটোৰ খবৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...