BTC Election: বিটিচিত চৰকাৰ গঠনৰ দিশে হাগ্ৰামা মহিলাৰীৰ বিপিএফ

BTC Election: BTC নিৰ্বাচনত বৃহত বিপিএফৰ জয়গান। ২৭খন আসনেৰে ইতিহাস ৰচিলে বিপিএফে ৷ হাগ্ৰামাৰ ৰণকৌশলত বিধ্বস্থ ইউপিপিএল আৰু বিজেপি ৷

BTC Election: বিটিচিত চৰকাৰ গঠনৰ দিশে হাগ্ৰামা মহিলাৰীৰ বিপিএফ

বিটিচিলৈ হাগ্ৰামাৰ প্ৰত্যাৱৰ্তন

Updated On: 

27 Sep 2025 09:07 AM

BTC নিৰ্বাচনত BPF ৰ একক সংখ্যাগৰিষ্ঠতা লাভ। এতিয়া BTCত চৰকাৰ গঠনৰ দিশে হাগ্ৰামা মহিলাৰীৰ দল। ২৭খন আসন দখলেৰে ইতিহাস ৰচিলে বিপিএফে। প্ৰমোদ বড়োৰ UPPL দলে ৭ খন আসনতেই থমকিব লগা হয়। আনহাতে বিজেপিয়েও নোৱাৰিলে হাগ্ৰামাৰ BPFক পৰাস্ত কৰিব। বহু প্ৰত্যাশিত এই নিৰ্বাচনত মাত্ৰ ৫ খন আসন লাভ কৰে বিজেপি দলে।

মেজিক নম্বৰ ২১ অতিক্ৰম কৰিলে BPF এ। ৪০ খন আসনৰ বিটিচি দখলৰ বাবে প্ৰয়োজন আছিল ২১ খন আসন। যদিও সম্পূৰ্ণ ফলাফলত আসনৰ সংখ্যা সাল-সলনি হোৱাৰ সম্ভাৱনা আছে, তথাপিও নিশ্চিত হৈছে বিটিচিত এইবাৰ হাগ্ৰামাৰ জয়।

বিটিআৰৰ ক্ষমতা দখলৰ লক্ষ্যৰে এইবাৰ জোৰদাৰ প্ৰচাৰ চলাইছল বড়োলেণ্ড পিপ’লছ ফ্ৰণ্ট, চমুকৈ বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। নিৰ্বাচনৰ পূৰ্বে ওদালগুৰিত অনুষ্ঠিত Policy Making Body ৰ মিটিঙত উপস্থিত হৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ২০ খনতকৈ অধিক আসন BPF এ লাভ কৰিব বুলি কৈছিল।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে, বি টি আৰ চুক্তিৰ কথাৰে বিটিআৰৰ মুৰব্বী হোৱা প্ৰমোদ বড়োৰ বিৰুদ্ধে এয়া ক্ষোভ প্ৰদৰ্শন কৰিছে নেকি বড়ো জনতাৰ? বি টি আৰৰ ৩৫ লাখ লোক আৰু ২৬ টা জনগোষ্ঠীৰ সুৰক্ষাৰ বাবে ইউ পি পি এলৰ জন্ম হোৱা বুলি কোৱা প্ৰমোদ বড়োৱে কিয় জয় কৰিব নোৱাৰিলে জনতাৰ হৃদয়।

হাড় মজবুত আৰু ডায়েবেটিছৰ বাবে উপকাৰী, মাত্ৰ এইবিধ বস্তুৰ লগত মিহলি কৰি খাওক মাখানা
শনিবাৰে দান কৰক এইবোৰ সামগ্ৰী, বাধা আঁতৰিব আপোনাৰ!
অতি প্ৰিয় নেকি আলু? দিনটোত অধিক আলু খোৱাৰ সময়ত এনে বিপদৰ কথাও বাৰে বাৰে ভাবক
ধন-সম্পত্তিৰে ভৰিব আপোনাৰ ঘৰ, মাথোঁ হনুমানক আগবঢ়াওক এই কেইবিধ সামগ্ৰী