ৰাজপথত দাউদাউকৈ জ্বলি উঠিল ১০৮ মৃত্যুঞ্জয় সেৱাৰ বাহন…

আজি পুৱতি নিশা বঙাইগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গুৱাহাটীত ৰোগী থৈ উভতাৰ পথতেই ৰাজপথত জ্বলি উঠিল এখন ১০৮ বাহন। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰাজপথত দাউদাউকৈ জ্বলি উঠিল ১০৮ মৃত্যুঞ্জয় সেৱাৰ বাহন...

বাহনখন

Updated On: 

30 Oct 2025 | 01:01 PM

বঙাইগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ৰাজপথত দাউদাউকৈ জ্বলি উঠিল ১০৮ মৃত্যুঞ্জয় সেৱাৰ বাহন। জিলাখনৰ কিষাণ বজাৰৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আজি পুৱতি নিশা সংঘটিত হোৱা এই ঘটনাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, এই ঘটনাৰ ফলত ১০৮ বাহনৰ চালক প্ৰবীৰ কুমাৰ ৰয় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে তেওঁক হাস্পাতালত ভৰ্তি কৰা হয়। আহত চালক প্ৰবীৰ কুমাৰ ৰয় সম্প্ৰতি চিকিৎসাধীন হৈ আছে। এই ঘটনাত আন কোনো লোকৰ ক্ষতি হোৱাৰ তথ্য এতিয়ালৈকে আহি পৰা নাই।

তথ্য অনুসৰি, দুৰ্ঘটনাত পতিত ১০৮ বাহনখনৰ পঞ্জীয়ন নংঃ AS01MC 9147 বুলি জানিব পৰা গৈছে। যান্ত্ৰিক বিজুতিৰ বাবে বৃহস্পতিবাৰে পুৱতি নিশা এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বাহনখন ৰোগী লৈ গুৱাহাটীলৈ আহিছিল।  ঘটনাৰ সময়ত বাহনখন গুৱাহাটীত ৰোগী থৈ কোকৰাঝাৰৰ কাৰিগাঁও অভিমুখে গৈ আছিল আৰু তেতিয়াই হঠাতে বাহনখন জ্বলি উঠে। এই ঘটনাৰ ফলত বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয়।

ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ আজি অভিশপ্ত ৩০ অক্টোবৰঃ ভয়ংকৰ বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ৮১ জনে, ঘূণীয় হৈ ৰ’ল বহুতো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...