BNS 103 on Zubeen Garg Death Case: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত হত্যাৰ ধাৰা সংযোজন, কি এই BNS 103 ধাৰা, ইয়াৰ অধীনত শাস্তি কি? জানক সকলো…
BNS 103 on Zubeen Garg Case: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত BNS 103 ধাৰা সংযোজন কৰা হৈছে। হত্যাৰ গোচৰত এই ধাৰা সংযোজন কৰা হয়। গতিকে ক'ব পাৰি যে সম্ভৱতঃ ছিংগাপুৰত হত্যা কৰা হৈছিল জুবিন গাৰ্গক।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত BNS 103
ছিংগাপুৰত হত্যা কৰা হৈছিল জুবিন গাৰ্গক! শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুত হত্যাৰ ধাৰা সংযোজন কৰিছে CID য়ে। জানিব পৰা মতে, ১৮/২৫নং গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা সংযোজন কৰা হৈছে। হত্যাৰ অভিযোগত সংযোজন কৰা হয় এই ধাৰা। ইয়াৰ পূৰ্বে এই গোচৰত আছিল BNSৰ ৬১ (২), ১০৫, ১০৬ (১) ধাৰা। এই নতুন ধাৰা সংযোজন হোৱাৰ পাছতে এতিয়া ক’ব পাৰি যে, জুবিনক সম্ভৱতঃ হত্যা কৰা হৈছিল।
১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক অৱস্থাত মৃত্যুক সাৱতি লৈছিল হেঁপাহৰ শিল্পী জুবিন গাৰ্গে। মহান শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। এই ঘটনাত নাম সাঙোৰ খাইছিল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, সঞ্জীৱ নাৰায়ণ আদিকে ধৰি বিভিন্ন জনৰ। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মা।
কিন্তু আচৰিত কথা এয়াই যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এতিয়া BNSৰ ১০৩ ধাৰা সংযোজন কৰা হৈছে। গতিকে প্ৰশ্ন হয়, এই ধাৰা কি আৰু ইয়াৰ অধীনত কি শাস্তি হ’ব পাৰে?
BNS ১০৩ ধাৰা কি
ভাৰতীয় ন্যায় সংহিতা (BNS)ৰ ধাৰা ১০৩ হত্যাৰ অপৰাধৰ সৈতে জড়িত। যাৰ অধীনত মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড আৰু জৰিমণা বিহাৰ ব্যৱস্থা আছে। যি গোচৰত ৫ জন বা তাতকৈ অধিক লোকে কাৰবাক হত্যা কৰে তেন্তে প্ৰতিজনক সমানে দোষী ঘোষণা কৰা হয়। এই ধাৰাত হত্যা, গণ হত্যা, ঘৃণাজনিত অপৰাধ আদি আহি পৰে।
BNS ১০৩ ধাৰাৰ মুখ্য দিশ আৰু শাস্তি
হত্যাৰ শাস্তি (ধাৰা ১০৩(১)): এই ধাৰাত কোনো ব্যক্তিয়ে কৰা হত্যাৰ শাস্তি দিয়াৰ ব্যৱস্থা আছে। ইয়াৰ অধীনক মৃত্যুদণ্ড বা জৰিমণাসহ আজীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে।
গণ হত্যা (ধাৰা ১০৩(২)): এই ধাৰাত ৫ জন বা তাতকৈ অধিক লোকে হত্যাকাণ্ডৰ বিষয়ে আলোচনা কৰে। যদি দলটোৱে জাতি বা সম্প্ৰদায়, লিংগ, জন্মস্থান, ভাষা, ব্যক্তিগত বিশ্বাস, বা আন অনুৰূপ ভিত্তিৰ ভিত্তিত বৈষম্য কৰে তেন্তে দলটোৰ প্ৰতিজনক মৃত্যুদণ্ড বা জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়াৰ ব্যৱস্থা আছে।
বৈষম্যমূলক ভিত্তিত কৰা অপৰাধ: এই বিধানৰ লক্ষ্য হৈছে য’ত হত্যাকাণ্ড কোনো নিৰ্দিষ্ট গোটক লক্ষ্য কৰি কৰা হয়।
সামূহিক দায়িত্ব: ১০৩(২) ধাৰাত গুৰুত্ব দিয়া হৈছে যে, এটা দলৰ প্ৰতিজনে সমানেই দোষী। তেওঁ লাগিলে হত্যাকাণ্ডৰ সৈতে জড়িত হওক বা নহওক।
বহল পৰিসৰঃ এই ধাৰাটো ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ধাৰা ৩০২তকৈ ডাঙৰ। ইয়াত অন্য দিশ সামৰি লোৱা হয়।
ধাৰা ১০৩ বিএনএছ গুৰুত্বপূৰ্ণ দিশ
এই ধাৰাৰ অধীনত অভিযুক্তক দোষী সাৱ্যস্ত কৰিবলৈ তলত দিয়া দিশসমূহ প্ৰমাণ কৰিব লাগিব
- দোষী উদ্দেশ্যঃ হত্যা কৰাৰ স্পষ্ট উদ্দেশ্য বা এই কাৰ্যত মৃত্যুৰ সম্ভাৱনা প্ৰমাণ কৰিব লাগিব।
- কাৰণঃ যিকোনো উপায়েৰে (অস্ত্ৰ, বিষ, আক্ৰমণ) মৃত্যুৰ কাৰণ প্ৰমাণ কৰিব লাগিব।
- কাৰণঃ অভিযুক্তৰ কাৰ্য আৰু ভুক্তভোগীৰ মৃত্যুৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক প্ৰমাণ কৰা প্ৰয়োজন।
- ন্যায্যতা নাই: এই কাৰ্যক আত্মৰক্ষা বা দুৰ্ঘটনাৰ দৰে ঘটনাৰ নায্যতা নাই।
উল্লেখ্য যে, এই ধাৰাই এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সংযোজন কৰা হৈছে। যিয়ে এতিয়া বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছে। গতিকে চিআইডি তথা প্ৰশাসনে পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত কি কয় সেয়া হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ মৃত্যুৰ আগদিনা পত্নী গৰিমাৰ সৈতে কি কথা পাতিছিল জুবিন গাৰ্গে? জনালে সকলো…