সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী, ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব বিশেষ মুদ্ৰা

আজি এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত বহুখিনি গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী, ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব বিশেষ মুদ্ৰা

প্ৰধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰিব বিশেষ মুদ্ৰা

Updated On: 

01 Aug 2025 | 04:13 PM

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এক সংবাদমেল এই সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত বহুখিনি গুৰুত্বপূৰ্ণ ঘোষণা কৰে। অহা ৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৫.৩০ বজাত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আৰম্ভ হ’ব। এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এই বিশেষ ক্ষণত প্ৰধানমন্ত্ৰী মোদীয়ে ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত বিশেষ মুদ্ৰা উন্মোচন কৰিব এই অনুষ্ঠান অধিক উপভোগ্য কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছেমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে, প্ৰতিখন জিলাৰ উপায়ুক্তই ভিন্ন সময়ত ভূপেন হাজৰিকাৰ সানিধ্য লাভ কৰা ৫০জনকৈ লোক সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানলৈ আনিব

ইফালে এই শতবাৰ্ষিকী অনুষ্ঠান উপভোগ কৰিব বিচৰা লোকসকলে বিশেষ পৰ্টেল যোগে আবেদন জনাব লাগিবচৰকাৰে এই উদ্দেশ্যে এক পৰ্টেল মুকলি কৰিছে ইচ্ছুক লোকসকলে এই পৰ্টেল যোগে অনুষ্ঠানত উপস্থিত থাকি উপভোগ কৰাৰ বাবে আবেদন কৰিব লাগিব অহা ২০ আগষ্টলৈকে ইচ্ছুক লোকসকলে পৰ্টেল যোগে আবেদন কৰিব পাৰিব ইয়াৰ পিছতে সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা আবেদনকাৰীলৈ আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা

ইফালে শতবাৰ্ষিকী অনুষ্ঠানত নতুন প্ৰজন্মৰ শিল্পীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ অভিজ্ঞ শিল্পীৰ সংযোগেৰে সৰ্বমুঠ ১০০০ শিল্পীয়ে ২৩ মিনিটৰ বাবে ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰিবঅসম আমাৰ ৰূপহী জৰিয়তে এই পৰিৱেশন আৰম্ভ ইয়াৰ পিছত সুধাকণ্ঠৰ কেইবাটাও গানৰ কলি এই ২৩ মিনিটৰ পৰিৱেশনত অন্তৰ্ভুক্ত

মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে ৰাজ্যৰ মহাবিদ্যালয়সমূহত এই বৰ্ষত নিৰ্বাচিত হোৱা শ্ৰেষ্ঠ গায়ক/গায়িকাসকলৰ লগতে সাংস্কৃতিক মহাৰণত ভাল ফল দেখুওৱা শিল্পীসকলক এই কাৰ্যসূচীৰ বাবে নিৰ্বাচিত কৰা সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এখন জীৱনীও উন্মোচন কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব