বজালীত টিউচনলৈ যোৱা ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড! অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ…
বজালীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। দুই ছাত্ৰীৰ লগত নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। ইফালে ঘটনা সন্দৰ্ভত দোষীক গ্ৰেপ্তাৰৰ দাবী জনাইছে স্থানীয় ৰাইজে।

অভিযুক্ত
ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। টিউচন কৰিবলৈ যোৱা দুই ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা চলাই দুজন সংখ্য়ালঘু মুছলমানৰ যুৱকে। বজালীত সংঘটিত হৈছে এই জঘন্য কাণ্ড। যুৱক দুজনৰ এই কাণ্ড পোহৰলৈ অহাৰ পাছতে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পাছত স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। এই দাবী উত্থাপন কৰি বজালীৰ বালাপাৰ আৰক্ষী চকীৰ সন্মুখত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
এই দুই অভিযুক্ত সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে দুই ছাত্ৰী গৈছিল টিউচনলৈ। কিন্তু শিক্ষক নথকাৰ সুযোগ লৈ অভিযুক্ত দুজনে দুই ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা চলায়। ইয়াৰে এজন অভিযুক্ত কিশোৰ বুলি জানিব পৰা গৈছে। আনহাতে দুই ভুক্তভোগীও কিশোৰী আৰু দশম শ্ৰেণীত অধ্যয়নৰত। বজালীৰ ফিঙোৱাত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে, এই আটাইকেইজনে বজালীৰ ফেঙুৱাত অৱস্থিত নৱনুৰ টেলেন্ট একাডেমিত টিউচন কৰে। প্ৰতিদিনৰ দৰে কালিও তেওঁলোক টিউচনলৈ গৈছিল। কিন্তু তেতিয়াই ঘটে ভয়ংকৰ ঘটনা। দুই অভিযুক্তই দুই ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা চলায়। অৱশ্যে সেই সময়ত হিন্দু ছাত্ৰী দুগৰাকীয়ে চিঞৰ-বাখৰ কৰি নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়। ইফালে অভিযোগ উঠিছে যে, ঘটনাৰ পাছত দুই ছাত্ৰত পলায়ন কৰাৰ সুযোগ দিছিল শিক্ষক মইনুল হকে।
পাছত এই ঘটনা সন্দৰ্ভত ছাত্ৰী দুগৰাকীয়ে পৰিয়ালক অৱগত কৰে। ইয়াৰ পাছতে পৰিয়াল আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে। এই ঘটনাৰ বিৰোধিতা কৰি শ শ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইমানেই নহয়, শীঘ্ৰেই দোষীক কৰায়ত্ব কৰি শাস্তি বিহাৰ দাবী জনাই তেওঁলোকে।
ঘটনা সন্দৰ্ভত ছাত্ৰী দুগৰাকীৰ পৰিয়ালে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। এজাহাৰত উল্লেখ কৰা অনুসৰি, ঘটনাৰ পাছত দুই অভিযুক্তই দুই ছাত্ৰীক হত্যাৰো চেষ্টা চলায়। অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত তেওঁলোক ৰক্ষা পৰে।
বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। পকচো আইনৰ অধীনত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে, অৱশ্যে বাতৰি লিখাৰ পৰলৈকে অভিযুক্তৰ গ্ৰেপ্তাৰৰ খবৰ আহি পৰা নাই। এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। গতিকে পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ অবৈধ উৎপাদনৰ ক্ষেত্ৰত চীন প্ৰথম! ভাৰতো আছে তালিকাত, আমেৰিকাৰ ২৩ খন দেশৰ তালিকা জাৰি…