প্ৰথমে মোবাইলত দেখুৱালে ভিডিঅ’! পাছত ৬ বছৰীয়া শিশুৰ সৈতে জঘন্য কাণ্ড…

এইবাৰ হাইলাকান্দিত সংঘটিত হৈছে এক জঘন্য কাণ্ড। এজন বাহনচালকে এটি শিশুৰ লগত ভয়ংকৰ কাণ্ড সংঘটিত কৰে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।

প্ৰথমে মোবাইলত দেখুৱালে ভিডিঅ! পাছত ৬ বছৰীয়া শিশুৰ সৈতে জঘন্য কাণ্ড...

অভিযুক্ত

Updated On: 

19 Sep 2025 10:04 AM

ৰাজ্যত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। একাংশ পাষাণ লোকৰ নিকৃষ্ট মানসিকতাৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধাও। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে সমগ্ৰ মানৱ জাতিক লজ্জিত কৰিছে। এটি ৬ বছৰীয়া শিশুক অশ্লীল ভিডিঅ’ দেখুৱাই শাৰীৰিকভাৱে নিৰ্যাতন চলাই এজন বাহন চালকে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। বৃহস্পতিবাৰ (১৮ ছেপ্টেম্বৰ)য়ে ঘটনা সংঘটিত হৈছে হাইলাকান্দিত।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, স্কুল বাহন চালকৰ কামনাৰ বলি হ’ল এটি ৬ বছৰীয়া শিশু। বিদ্যালয়ৰ পৰা অহা যোৱাৰ কৰাৰ বাবে পৰিয়ালৰ লোকে ৬ বছৰীয়া শিশুটিৰ বাবে এখন ভেন ভাড়া কৰি দিছিল। সেই ভেনতে শিশুটি সদায় বিদ্যালয়ৰ পৰা অহা যোৱা কৰিছিল। কিন্তু তাৰ মাজতে সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা। সেই বাহনচালকৰ হাতত কামনাৰ বলি হয় কনমানি। এই ঘটনাৰ অভিযুক্ত আবুল আহমেদ লস্কৰ বুলি চিনাক্ত হৈছে।

অভিযোগ অনুসৰি, এই বাহনচালকে নিজৰ অসৎ চৰিতাৰ্থ পূৰণ কৰাৰ বাবে প্ৰথমে শিশুটিক মোবাইলত অশ্লীল ভিডিঅ’ দেখুৱাই আৰু পাছত শাৰীৰিকভাৱে নিৰ্যাতন চলায়। পৰৱৰ্তী সময়ত এই কথা পৰিয়ালৰ লোকে জানিব পাৰে আৰু আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত হাইলাকান্দি আৰক্ষীয়ে আবুল আহমেদ লস্কৰ ওৰফে বাবুলক গ্ৰেপ্তাৰ কৰে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত জোকাৰি গৈছে। স্কুললৈ লৈ যোৱা বাহন চালকৰ হাততে যেন সুৰক্ষিত নহয় শিশু। এই কাণ্ডই শিশুসকলৰ নিৰাপত্তাৰ ওপৰতো এক ডাঙৰ প্ৰশ্নৰ সৃষ্টি কৰিছে। গ্ৰেপ্তাৰৰ পাছতে অভিযুক্তক হাইলাকান্দি আৰক্ষীয়ে আদালতত হাজিৰ কৰাই জেললৈ প্ৰেৰণ কৰে। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

 

 

অন্য খবৰ পঢ়কঃ পংখী সন্দিকৈৰ কথা মনত আছেনে? ৰাজ্য জোকাৰি যোৱা কাণ্ডৰ মূল অভিযুক্ত নিতিকেশৰ মৃত্যু…

ওজন বৃদ্ধি, আৰু ভাগৰ... এয়া বৃক্কজনীত সমস্যাৰ লক্ষণ নেকি?
১০ বছৰ পাছত বিৰল সংযোগ! নৱেম্বৰত কপাল ফুলিব এই ৰাশিৰ লোকৰ...
প্ৰথম প্ৰতিদ্বন্দীয়েই হ’ব পাকিস্তান, এছিয়া কাপ ছুপাৰ-৪ত কেতিয়া ভাৰতৰ মেচ!
বুৰ্জ খালিফাত প্ৰৱেশ কৰিবলৈ কিমান টকাৰ প্ৰয়োজন হয়? জানক...