বিধায়ক মনোৰঞ্জন তালুকদাৰৰ কণ্ঠস্বৰৰ নমুনা লোৱাৰ নিৰ্দেশ! কি আছিল ভাইৰেল ফোনকলত?

Manoranjan Talukdar: বিপদত বিধায়ক মনোৰঞ্জন তালুকদাৰ। কিছুদিন পূৰ্বে সামাজিক মাধ্যমত তালুকদাৰৰ এটা অডিঅ' ভাইৰেল হৈছিল। এই সন্দৰ্ভতে এতিয়া গোচৰ ৰুজু কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে বিধানসভাৰ অধ্যক্ষই।

বিধায়ক মনোৰঞ্জন তালুকদাৰৰ কণ্ঠস্বৰৰ নমুনা লোৱাৰ নিৰ্দেশ! কি আছিল ভাইৰেল ফোনকলত?

মনোৰঞ্জন তালুকদাৰ

Published: 

25 Nov 2025 | 11:53 AM

মঙলবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। এই সময়চোৱাত বিধানসভাত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। কিন্তু ইয়াৰ মাজতে চৰ্চালৈ আহিছে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ভাইৰেল ফোনকলৰ প্ৰসংগ। এই সন্দৰ্ভত বিধায়কগৰাকীৰ কণ্ঠস্বৰৰ নমুনা ল’বলৈ নিৰ্দেশ প্ৰদান কৰিছে বিধানসভা সচিবালয়ে। ইয়াৰোপৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ধন দাবী সন্দৰ্ভত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ধন দাবীৰ এটা ফোন কল সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। পাছত কণ্ঠস্বৰ পৰীক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত ২০ নৱেম্বৰত এথিক্স কমিটিয়ে ফোনকলটো ফৰেন্সিকলৈ প্ৰেৰণ কৰিছিল। ফৰেন্সিকৰ প্ৰতিবেদন এতিয়া দাখিল কৰিছে এথিক্স কমিটিয়ে। ইয়াৰ পাছতে ধন দাবী সন্দৰ্ভত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে বিধানসভাৰ অধ্যক্ষই।

কি আছিল ভাইৰেল ফোনকলত

ভাইৰেল হোৱা ফোনকলটোত লোকজনে নিজকে বিধায়ক মনোৰঞ্জন তালুকদাৰ বুলি চিনাকী দিছিল। তাৰ পাছত কৈছিল- “মই এচেম্বলীৰ সময়ত আপোনাক জুলুম কৰা নাই। এতিয়া মই এম এল এ, হ’লেও জুলুম কৰা নাই। মোক এতিয়া এটা হেভী এমাউন্ট লাগে। ২-৩ দিনৰ ভিতৰত লাগে। আৰু হেভী লাগে, ২-১ৰ কথা কোৱা নাই। কি হয় জনাব”। এই কথাখিনি তালুকদাৰে হৰ্ষ নামৰ এজন ব্যৱসায়ীৰ সৈতে আলোচনা কৰা বুলি অভিযোগ উত্থাপন হৈছে।

পিছে তালুকদাৰে এই ভাইৰেল ফোনকল তেওঁৰ নহয় বুলি দাবী কৰিছে। অৱশ্যে এতিয়া সমগ্ৰ দিশটো সন্দৰ্ভত তদন্ত চলি আছে। গতিকে তদন্তৰ অন্তত জানিব পৰা যাব এই ভাইৰেল ফোনকলৰ আঁৰৰ ব্যক্তিজন বিধায়ক মনোৰঞ্জন তালুকদাৰ হয় নে নহয়।

 

 

অন্য খবৰ পঢ়কঃ কেনেকৈ স্বামীৰ পৰিয়ালৰ লোকে প্ৰাণ লৈছিল মহিলাৰ? ৫০০ পৃষ্ঠাৰ ছাৰ্জশ্বীটত ভয়ংকৰ তথ্য…

Avocado ফল নে পাচলি? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
সাৱধান! কি কি ৰোগত আক্ৰান্ত ৰোগীয়ে বীট খোৱাটো অনুচিত জানক
ফলৰ জৰিয়তে কমাব পাৰিব ওজন! এই ফলকেইবিধে আপোনাক দিব যাদুকৰী সমাধান
প্ৰয়োজনতকৈ অধিক খাদ্য খালে শৰীৰে কি কি ইংগিত দিয়ে, জানক...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি