Assam Secretariat: দেশৰ প্ৰথমটো সেউজ সচিবালয় ! জনতা ভৱনত ২.৫ মেগাৱাটৰ সৌৰ প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ

Assam Secretariat: বহনক্ষম উন্নয়নৰ দিশত গুৰুত্ব আৰোপ কৰি এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে । দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত ২.৫ মেগাৱাটৰ সৌৰ প্ৰকল্প উদ্বোধন কৰে। এই সৌৰ প্ৰকল্প স্থাপনৰ লগে লগে জনতা ভৱন দেশৰ প্ৰথমটো সেউজ সচিবালয় হিচাপে পৰিগণিত হয় ।

Assam Secretariat: দেশৰ প্ৰথমটো সেউজ সচিবালয় ! জনতা ভৱনত ২.৫ মেগাৱাটৰ সৌৰ প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ

অসম সচিবালয়

Published: 

16 Jun 2024 18:43 PM

বহনক্ষম উন্নয়নৰ দিশত গুৰুত্ব আৰোপ কৰি এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে । দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত ২.৫ মেগাৱাটৰ সৌৰ প্ৰকল্প উদ্বোধন কৰে। এই সৌৰ প্ৰকল্প স্থাপনৰ লগে লগে জনতা ভৱন দেশৰ প্ৰথমটো সেউজ সচিবালয় হিচাপে পৰিগণিত হয় ।

এই উপলক্ষে লোকসেৱা ভৱনৰ সভাকক্ষত এক অনুষ্ঠান আয়োজন কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু মুখ্য সচিব ড০ ৰবি কোটা । ২.৫ মেগাৱাট ক্ষমতা সম্পন্ন এই প্ৰকল্পটো অহা পাঁচ বছৰলৈ মেছাৰ্ছ মাধৱ এণ্টাৰপ্ৰাইজে চোৱাচিতা কৰিব। এই প্ৰকল্পৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)ৰ প্ৰতি মাহে ৩০ লাখ টকা ৰাহি হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।


ইফালে,সমগ্ৰ ৰাজ্যৰ অন্যান্য চৰকাৰী ভৱনলৈ সৌৰশক্তি সম্প্ৰসাৰণৰ বাবে পৰিকল্পনা কৰিছে অসম চৰকাৰে। চিকিৎসা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহতো সৌৰ প্ৰকল্প স্থাপনত অগ্ৰাধিকাৰ দিবলৈ এপিডিচিএলক আহ্বান জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, এই সৌৰ উদ্যোগটোৱে অসম সচিবালয়ৰ সমগ্ৰ বিদ্যুতৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, যাৰ ফলত যথেষ্ট খৰচ ৰাহি হ’ব আৰু কাৰ্বন নিৰ্গমন হ্ৰাস পাব বুলি আশা কৰা হৈছে।

সেন্দূৰৰ ৰং কেৱল ৰঙা কিয়? আঁৰত আছে বিশেষ কাৰণ....
মহিলাসকলে কিয় কম বয়সীয়া পুৰুষক প্ৰেমিক হিচাপে বিচাৰে?
শৰীৰত প্ৰ’টিনৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে...
সঁচা প্ৰমাণিত হ'ল বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভাৰত-পাক যুদ্ধক লৈ কি কৈছিল বাবা ভাংগাই? | Baba Venga prediction about India Pakistan war 0peration Sindoor India Strike on Pakistan