Assam cotton university: কটন বিশ্ববিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱ! ৩ মাহ ধৰি হোৱা নাই পাঠদান..

Assam Cotton university: শ্ৰেণীকোঠাৰ অভাৱত ভুগিছে গুৱাহাটীস্থিত ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়। বিগত ৩ মাহ ধৰি শ্ৰেণীকোঠাৰ অভাৱৰ সন্মুখীন হৈ অহা ছাত্ৰ- ছাত্ৰীসকলে আজি এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Assam cotton university: কটন বিশ্ববিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱ! ৩ মাহ ধৰি হোৱা নাই পাঠদান..

কটন বিশ্ববিদ্যালয় প্ৰতিবাদ

Edited By: 

Barasha Misra | Updated On: 21 Feb 2025 | 11:00 AM

শ্ৰেণীকোঠাৰ অভাৱত ভুগিছে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়। কিছুদিন পূৰ্বে নাকৰ (National Assessment and Accreditation Council)  এ (A) গ্ৰেড লাভ কৰা কটন বিশ্ববিদ্যালয়ৰ দুৰ্দশাই এতিয়া চকু কপালত তুলিছে সচেতন মহলৰ। অভিযোগ অনুসৰি, বিগত ৩ মাহ ধৰি বিশ্ববিদ্যালয়খনত শ্ৰেণীকোঠাৰ অভাৱত ভুগিছে ছাত্ৰ- ছাত্ৰী। জানিব পৰা মতে কটন বিশ্ববিদ্যালয়ত শ্ৰেণীকোঠা নথকাৰ ফলত বিগত ৩ মাহে ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ শাখাৰ ছাত্ৰ- ছাত্ৰীসকলে পাঠদানৰ সুবিধা লাভ কৰা নাই। ছাত্ৰ- ছাত্ৰীৰ অভিযোগ অনুসৰি বিগত ৩ মাহে এটা ক্লাছো হোৱা নাই ৰাজনীতি বিভাগৰ স্নাতক শাখাৰ।

এই কথাত ক্ষুব্ধ হৈ সোমবাৰে (২১ অক্টোবৰ) বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ শাখাৰ ছাত্ৰ- ছাত্ৰীসকলে শ্ৰেণীকোঠাৰ সন্মুখতে বহি এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিগত কেইবাদিন ধৰি তেওঁলোকে শ্ৰেণীকোঠাক লৈ সমস্যাত ভুগি আহিছে যদিও এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

মজিয়াত বহি ছাত্ৰ- ছাত্ৰীসকলে এটা শ্ৰেণী কোঠাৰ দাবী জনায়। এই কথাৰ খবৰ পাই উক্ত স্থানত পঞ্জীয়ক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে। তেওঁ ছাত্ৰ- ছাত্ৰীসকলক আশ্বাস দিয়ে যে নতুনকৈ নিৰ্মাণ কৰি থকা বিল্ডিঙত এটা শ্ৰেণীকোঠা ৰাজনীতি বিজ্ঞান বিভাগৰ বাবে আৱন্টন দিব। তাৰ পাছতেই কিছু ক্ষান্ত হয় ছাত্ৰ- ছাত্ৰীসকল।

কটন বিশ্ববিদ্যালয়ত ৪-৫ টা কোঠা ৰাজনীতি বিজ্ঞান বিভাগৰ বাবে আৱন্টন আছে যদিও সেয়া যথেষ্ঠ নহয়। উচ্চতৰ মাধ্যমিকৰ ৰাজনীতি বিজ্ঞান, স্নাতক শ্ৰেণীৰ লগতে স্নাতকোত্তৰ শ্ৰেণীৰ দৈনিক ৫- ৬ টা ক্লাছ হয়। যাৰ বাবে সকলো ক্লাছ মিলাবলৈ শ্ৰেণীকোঠাৰ অভাৱ হয়। পূৰ্বতে মানিক চন্দ্ৰ বৰুৱা বিল্ডিঙৰ ২১১ নং কোঠাত ৰাজনীতি বিজ্ঞান বিভাগৰ ক্লাছ হৈছিল যদিও এতিয়া তাত পানী পৰে। যাৰ বাবে তাত পাঠদান সম্ভৱ নহয়। একাডেমীক বিল্ডিঙৰ কেইবাটাও কোঠা এতিয়াও পাঠদানৰ উপযোগী হৈ উঠা নই। গতিকে দীৰ্ঘদিন ধৰি শ্ৰেণীকোঠাৰ সমস্যাত ভুগি আহিছে ছাত্ৰ- ছাত্ৰীসকলে।

কিছুদিন পূৰ্বে নাক (NAAC) অহাৰ সময়ত কেইটামান কোঠা সাজু কৰি তোলা হৈছিল আৰু এই বিশ্ববিদ্যালয়খনেই লাভ কৰিছিল এ গ্ৰেড। কিন্তু বাকী প্ৰায়বোৰ কোঠাত ডেস্ক,বেঞ্চ আদি নাই বা ভাল আন্তঃগাঁথনি নাই। কটন বিশ্ববিদ্যালয়ৰ এনে পৰিস্থিতিয়ে এতিয়া আচৰিত কৰি তুলিছে একাংশক। যি সময়ত চৰকাৰে উন্নয়নৰ ঢাক- ঢোল বজাই থাকে তেনে অৱস্থাত কটনৰ দৰে এখন বিশ্ববিদ্যালয়ৰ এনে অৱস্থাই বহু প্ৰশ্ন উত্থাপন কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...