দেশৰ ভিতৰতে তৃতীয় শীৰ্ষ ৰাজ্য অসম, কিহৰ ভিত্তিত সম্ভৱ হ’ল এয়া?

অসমৰ মূলধনী ব্যয় ২০১৫–১৬ চনত ২,৯৫১ কোটি টকাৰ পৰা ২০২৪–২৫ চনত আনুমানিক ২৪,৯৬৪ কোটি টকালৈ বৃদ্ধি পাইছে, যিয়ে উন্নয়নমূলক ব্যয়ৰ ব্যাপক সম্প্ৰসাৰণৰ প্ৰতিফলন ঘটায় । মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ইয়াৰ ফলত অসমক মূলধনী বিনিয়োগৰ অন্যতম শীৰ্ষ ৰাজ্য হিচাপে স্থান দিয়া হৈছে ।

দেশৰ ভিতৰতে তৃতীয় শীৰ্ষ ৰাজ্য অসম, কিহৰ ভিত্তিত সম্ভৱ হল এয়া?
Edited By: 

Barasha Misra | Updated On: 08 Apr 2025 | 10:47 PM

স্থিৰ মূল্যত ৭.৯৪% জিডিপি বৃদ্ধিৰ হাৰেৰে অসমে ভাৰতৰ তৃতীয়খন দ্ৰুতগতিত বিকশিত ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই কথা ।

বিনিয়োগকাৰী সমৰ্থিত নীতি আৰু আন্তঃগাঁথনি, প্ৰতিষ্ঠান আৰু ব্যক্তিৰ ক্ষেত্ৰত স্থায়ী বিনিয়োগক ৰাজ্যখনৰ পৰিৱৰ্তনৰ কৃতিত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে যে মাত্ৰ কেইবছৰমানৰ আগলৈকে এনে অৰ্থনৈতিক গতিবেগ “অকল্পনীয়” আছিল । ইণ্ডিয়া টুডে’ এন ইত প্ৰকাশিত খবৰৰ মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই কথা ।

চলিত মাহৰ আৰম্ভণিতে অসম বিধানসভাত ভাষণ দি মুখ্যমন্ত্রীয়ে কয়, “আমি ধাৰাবাহিকভাৱে ১৪–১৫% বৃদ্ধিৰ হাৰ পঞ্জীয়ন কৰি আহিছো, যিটো ৰাষ্ট্রীয় গড় ৯–১০%তকৈ যথেষ্ট বেছি । দেশৰ শীৰ্ষ পাঁচখন দ্ৰুতগতিত বিকশিত ৰাজ্যৰ ভিতৰত অসমো আছে ।”

চৰকাৰী তথ্য অনুসৰি অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনে (জি এছ ডি পি) ধাৰাবাহিকভাৱে ৰাষ্ট্ৰীয় বৃদ্ধিৰ গতি অতিক্ৰম কৰি আহিছে:

  • ২০২১–২২: ২১%
  • ২০২২–২৩: ১৭%
  • ২০২৩–২৪: ১৯%
  • ২০২৪–২৫ (আনুমানিক): ১৩%

এডভান্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনৰ চৰ্চিত সফলতাকো ৰাজ্যখনৰ শক্তিশালী অৰ্থনৈতিক গতিপথৰ প্ৰমাণ হিচাপে উল্লেখ কৰে ডঃ শৰ্মাই ।

অসমৰ মূলধনী ব্যয় ২০১৫–১৬ চনত ২,৯৫১ কোটি টকাৰ পৰা ২০২৪–২৫ চনত আনুমানিক ২৪,৯৬৪ কোটি টকালৈ বৃদ্ধি পাইছে, যিয়ে উন্নয়নমূলক ব্যয়ৰ ব্যাপক সম্প্ৰসাৰণৰ প্ৰতিফলন ঘটায় । মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে ইয়াৰ ফলত অসমক মূলধনী বিনিয়োগৰ অন্যতম শীৰ্ষ ৰাজ্য হিচাপে স্থান দিয়া হৈছে ।

অসমৰ সুস্থ বিত্তীয় স্বাস্থ্যৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ ঋণ-জিডিপি অনুপাত ২৫%, ১৭টা লাভজনক ৰাজহুৱা খণ্ডৰ উদ্যোগে (পিএছইউ) সামূহিকভাৱে ৪০,০০০ কোটি টকাৰ নিকা সম্পদত অৰিহণা যোগাইছে । ইয়াৰ উপৰিও ৰাজ্যখনৰ হাতত ৫৮,০০০ কোটি টকাৰ সম্পত্তি আছে যিবোৰ প্ৰয়োজনৰ সময়ত লিকুইডেট কৰিব পাৰি বুলি তেওঁ উল্লেখ কৰে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব