পুনৰ ৩৭ জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুছ বেক…

শ্ৰীভূমিৰ ভাৰত-বাংলাদেশ সীমান্ত খণ্ডৰ পৰা এই অবৈধ বাংলাদেশী কেইজনক পুছ বেক কৰিছে অসম আৰক্ষীয়ে। এক্স হেণ্ডেলৰ জৰিয়তে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পুনৰ ৩৭ জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুছ বেক...

সীমান্ত

Published: 

23 Sep 2025 12:44 PM

পুনৰ ৩৭ জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুছ বেক কৰা হৈছে। শ্ৰীভূমিৰ ভাৰত-বাংলাদেশ সীমান্ত খণ্ডৰ পৰা এই অবৈধ বাংলাদেশী কেইজনক পুছ বেক কৰিছে অসম আৰক্ষীয়ে। এক্স হেণ্ডেলৰ জৰিয়তে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমে পুনৰ ৩৭ জন অবৈধ বাংলাদেশীক পুছ বেক কৰিছে। তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে, সকলো অনুপ্ৰৱেশকাৰীৰ সৈতে একে ধৰণেৰে মোকাবিলা কৰা হ’ব। উল্লেখ্য যে, এইদৰে প্ৰায়ে বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুছ বেক কৰাৰ কথা সদৰী কৰিছে আহিছে মুখ্যমন্ত্ৰীয়ে।

“গুড বাই অনুপ্ৰৱেশকাৰীসকল; অসমত আপোনালোকৰ সময় শেষ! শ্ৰীভূমি খণ্ডৰ পৰা ৩৭ জন অনুপ্ৰৱেশকাৰীক বাংলাদেশৰ নিজৰ গৃহভূমিলৈ PUSHED BACKকৰা হৈছে।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, এই অনুপ্ৰৱেশকাৰীক সকলক কোন সময়ত পুছ বেক কৰাৰ হৈছিল সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। চৰকাৰে ৰাজ্যখনক অনুপ্ৰৱেশমুক্ত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি পূৰ্বৰ পৰা সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ এই কথাও সদৰী কৰিছিল যে,প্ৰতি সপ্তাহত কমেও ৩৫-৪০ জন লোকক “ পুছ বেক” কৰা হয়।

এই ৫ টা সাধাৰণ অভ্যাস হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ! জানক সকলো...
নৱৰাত্ৰিত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!