অসমক ক্ষতি কৰিব পৰা অপশক্তিৰ বিৰুদ্ধে সকলো ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়েঃ জিপি সিং

শিৱসাগৰ, নলবাৰী, ৰঙিয়া, ডিব্ৰুগড়, মালিগাওঁ, ৰাজগড়, গান্ধিবস্তি আদিকে ধৰি ৰাজ্যৰ প্ৰায় ২৫ টা স্থানত বোমা সংস্থাপন কৰিছিল আলফা (স্বা)য়ে। আনকি  দিছপুৰ লাষ্টগেটৰ বিপৰীতে থকা মুকলি মাটিখিনিতো আলফা (স্বা)য়ে বোমা সংস্থাপন কৰিছিল। 

অসমক ক্ষতি কৰিব পৰা অপশক্তিৰ বিৰুদ্ধে সকলো ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়েঃ জিপি সিং

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

Published: 

19 Aug 2024 17:18 PM

আলফা (স্বা)ক সকিয়নি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ। তেওঁ কয় যে, অসমক ক্ষতি কৰিব পৰা অপশক্তিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ লগতে কাৰোবাৰ উচতনিত যুৱ প্ৰজন্মক বেয়া কাম নকৰিবলৈ আহ্বান জনাই জি পি সিঙে। তেজপুৰ বিশ্ববিদ্যালয়ত সোমবাৰে অনুষ্ঠিত হোৱা দীক্ষান্ত সমাৰোহত অংশ লৈ সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য প্ৰদান কৰে সিঙে। এই সমাৰোহত সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

ডিজিপিগৰাকীয়ে কয় যে, বেয়া কাম কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব। আলফা (স্বা)ৰ মুৰব্বীক প্ৰশ্ন কৰি সিঙে কয় যে, অসমৰ সাম্প্ৰতিক উন্নয়নৰ ছবি বাহিৰত থাকিলে কেনেকৈ দেখিব?  লগতে কয়, শেহতীয়া ঘটনাক লৈ অসহায়বোধ কৰা নাই অসম আৰক্ষী। ব্যৰ্থও হোৱা নাই অসম আৰক্ষী। আগন্তুক ৫০ বছৰৰ অসমৰ উন্নয়নৰ বাবে অসম আৰক্ষী সচেষ্ট।

উল্লেখ্য যে, ১৫ আগষ্টৰ দিনা অসমৰ কেইবা স্থানত বোমা সংস্থাপন কৰিছিল আলফা (স্বা)য়ে। পৰৱৰ্তী সময়ত এক প্ৰেছ বিবৃতি যোগে এই কথা জনাইছিল সংগঠনটোয়ে। শিৱসাগৰ, নলবাৰী, ৰঙিয়া, ডিব্ৰুগড়, মালিগাওঁ, ৰাজগড়, গান্ধিবস্তি আদিকে ধৰি ৰাজ্যৰ প্ৰায় ২৫ টা স্থানত বোমা সংস্থাপন কৰিছিল আলফা (স্বা)য়ে। আনকি  দিছপুৰ লাষ্টগেটৰ বিপৰীতে থকা মুকলি মাটিখিনিতো আলফা (স্বা)য়ে বোমা সংস্থাপন কৰিছিল।

এই কথা প্ৰকাশ হোৱাৰ লগে লগে আৰক্ষীয়ে কেইবাটাও বোমা উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যোৰদাৰ তদন্ত কৰি কেইজমানক আটক কৰি জেৰাও চলাইছে। যদি কোনোৱে বোমা সংস্থাপন কৰালোকৰ সম্ভেদ দিব পাৰে তেন্তে তেনেলোকক ৫ লাখ টকাৰ পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰিছে অসম আৰক্ষীয়ে।

কিন্তু ইমানৰ পাছতো পোহৰলৈ অহা নাই যে কোনে, কেনেকৈ আৰক্ষীৰ চকুত ধূলি দি এই কাণ্ড সংঘটিত কৰিছে। জিলাসমূহৰ উচ্চ পদস্থ বিষয়াৰ সৈতে জি পি সিং সঘনাই বৈঠকত মিলিত হৈছে, কিন্তু সম্ভেদ নাই বোমা সংস্থাপন কৰাৰ। আলফা (স্বা)য়ে যেন এক প্ৰকাৰ প্ৰত্যাহ্বান জনাবৰ বাবে এই কাণ্ড সংঘটিত কৰিছিল।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এই কথাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। তেওঁ কৈছিল যে,”বোমা পাইছে পোৱা নাই সেই বিষয়ে পুলিচে ক’ব। মই মাত্ৰ এটাই অনুৰোধ কৰিম যে, টাটাই অসমত ছেমিকণ্ডাক্টাৰ প্ৰকল্প আনিছে, অসমলৈ আৰু বহু বিনিয়োগ আহিব। বহু বছৰৰ মূৰত অসমে বিকাশ আৰু প্ৰগতিৰ মুখ দেখা পাইছে। মই বোমা আছে, নাই এই বিতৰ্কলৈ নগৈ আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অনুৰোধ কৰিম, অসমত এনে কোনো পৰিৱেশ সৃষ্টি কৰিব নালাগে যাতে বিনিয়োগৰ পৰিৱেশ নোহোৱা হৈ যায়।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...