পুনৰ ৬ কোটি টকাৰ ড্ৰাগছ জব্দ অসম আৰক্ষীৰ, দুজনক আটক…

অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ মাজতে এক বৃহৎ সফলতা লাভ কৰিছে। এক বিশেষ অভিযান চলাই শ্ৰীভূমি আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৬ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী।

পুনৰ ৬ কোটি টকাৰ ড্ৰাগছ জব্দ অসম আৰক্ষীৰ, দুজনক আটক...

ড্ৰাগছ জব্দ

Published: 

17 Oct 2025 23:01 PM

শ্ৰীভূমি জিলাত পুনৰ ৬ কোটি টকাৰ ড্ৰাগছ জব্দ। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ মাজতে এক বৃহৎ সফলতা লাভ কৰিছে। এক বিশেষ অভিযান চলাই শ্ৰীভূমি আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৬ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী। ইয়াৰ লগতে দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিছে আৰক্ষীয়ে।

এইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছে। য’ত তেওঁ লিখিছে, “অসম আৰক্ষীৰ আকৌ ষ্টাইক! ড্ৰাগছৰ ভাবুকি প্ৰতিহত কৰাৰ অভিযানত অদম্য।” অসমৰ শ্ৰীভূমি জিলাত ৬ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজন বেপাৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

জিলাখনৰ চাৰ্গলা অঞ্চলত আৰক্ষীয়ে অভিযান চলাই ২০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কয়, “চাৰ্গলা দমন! জব্দ ৬ কোটি টকাৰ ড্ৰাগছ। চাৰ্গলাত দ্ৰুত অভিযানত শ্ৰীভূমি আৰক্ষীয়ে ৬ কোটি টকাৰ ২০ হাজাৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে ২ জন বেপাৰীক গ্ৰেপ্তাৰ কৰে।” এক্সৰ পোষ্টত এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।

খবৰ অনুসৰি, এই গোচৰত ইতিমধ্যে প্ৰয়োজনীয় আইনী পদ্ধতি আৰম্ভ কৰা হৈছে। ইয়াৰ পূৰ্বেও মালিগাঁৱত মঙলবাৰে চলোৱা এক অভিযানত আৰক্ষীয়ে ২০ লাখ টকাৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। ইয়াৰ লগতে মণিপুৰৰ এটি দম্পতীক আটক কৰে আৰক্ষীয়ে।

দীপাৱলীত গৰ্ভৱতী মহিলাই কি কি বস্তু পৰিহাৰ কৰিব লাগে?
১৪৮ বছৰীয়া ক্ৰিকেট ইতিহাসত পূৰ্বে হোৱা নাই এনে, এতিয়া কোহলীৰ হাতত ‘কৰি দেখুওৱাৰ’ সুযোগ
অভাৱ-অনাটন দূৰ কৰিবলৈ দেৱালীত কৰক এই উপায়!
ধনতেৰাচত দুৰ্লভ সংযোগ, কপাল ফুলিব এই ৰাশিৰ লোকৰ!