অষ্ট্ৰেলিয়াত ঐতিহাসিক কৃতিত্ব অৰ্জনৰ সুযোগ কোহলীৰ হাতত

18 Oct 2025

TV9 ASSAM

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পিছত ১৯ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচৰ জৰিয়তে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব বিৰাট কোহলীয়ে। প্ৰায় সাত মাহৰ পিছত পিন্ধিব ভাৰতীয় দলৰ জাৰ্চি।

বিৰাট কোহলী

এই তিনিখন মেচৰ এদিনীয়া শৃংখলাত বিৰাট কোহলীয়ে ক্ৰিকেট ইতিহাসত পূৰ্বে কোনো এগৰাকী খেলুৱৈয়ে অৰ্জন কৰিব নোৱাৰা এক কৃতিত্ব অৰ্জন কৰাৰ সুযোগ লাভ কৰিছে।

অভিলেখৰ সুযোগ

বিৰাট কোহলী আৰু শচীন তেণ্ডুলকাৰ বৰ্তমান ক্ৰিকেটৰ যিকোনো ফৰ্মেটত সৰ্বাধিক শতকৰ ক্ষেত্ৰত শীৰ্ষত আছে। কিন্তু কোহলীয়ে এতিয়া শচীনক অভাৰটেক কৰাৰ এক ডাঙৰ সুযোগ পাইছে।

সৰ্বাধিক শতক

টেষ্টত শচীন তেণ্ডুলকাৰে ৫১টা শতক অৰ্জন কৰিছিল। আনহাতে কোহলীয়ে এদিনীয়াত ৫১টা শতক অৰ্জন কৰিছে। গতিকে তালিকাত শীৰ্ষস্থান দখল কৰিবলৈ তেওঁক এটা শতকৰ প্ৰয়োজন।

এদিনীয়া শতক

এই শৃংখলাত যদি কোহলীয়ে শতক অৰ্জন কৰে, তেতিয়া ক্ৰিকেটৰ ১৪৮ বছৰীয়া ইতিহাসত যিকোনো ফৰ্মেটত ৫২টা শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হ’ব।

৫২টা শতক

প্ৰদৰ্শনৰ দিশৰ পৰা অষ্ট্ৰেলিয়াত বিৰাট কোহলীৰ অভিলেখো যথেষ্ট চকুতলগা। এইপৰ্যন্ত অষ্ট্ৰেলিয়াত তেওঁ ২৯খন এদিনীয়া মেচত ৫টা শতককে ধৰি ১৩২৭ ৰান সংগ্ৰহ কৰিছে।

অষ্ট্ৰেলিয়াত কোহলী

ইফালে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিৰাট কোহলীৰ সামগ্ৰিক প্ৰদৰ্শনো চমকপ্ৰদ। এতিয়ালৈকে দলটোৰ বিৰুদ্ধে ৫০খন এদিনীয়া মেচত ৮টা শতককে ধৰি তেওঁ ২৪৫১ ৰান সংগ্ৰহ কৰিছে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে

পঢ়িবলৈ ক্লিক কৰক 

পাকিস্তানক আঘাত দিয়াৰ সুযোগ ৰোহিতৰ হাতত!