জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰত উপস্থিত অসম আৰক্ষীৰ দুই উচ্চপদস্থ বিষয়া, তেওঁলোকে কি কি দিশত গুৰুত্ব দিব ?

আজি ছিংগাপুৰত উপস্থিত হয় অসম আৰক্ষীৰ দুজন জ্যেষ্ঠ বিষয়া। বৰ্তমান অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ অধীনস্থ এটা বিশেষ তদন্তকাৰী দলে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই আছে।

জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰত উপস্থিত অসম আৰক্ষীৰ দুই উচ্চপদস্থ বিষয়া, তেওঁলোকে কি কি দিশত গুৰুত্ব দিব ?
Updated On: 

20 Oct 2025 20:28 PM

অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে আজি ছিংগাপুৰত উপস্থিত হয় অসম আৰক্ষীৰ দুজন জ্যেষ্ঠ বিষয়া। বৰ্তমান অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ অধীনস্থ এটা বিশেষ তদন্তকাৰী দলে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই আছে। এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, চি আই ডিৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা আৰু তিতাবৰ উপ-জিলা আৰক্ষী অধীক্ষক তৰুণ গোৱেল গুৱাহাটীৰ পৰা বিমানেৰে ছিংগাপুৰত উপস্থিত হয়।

উল্লেখ্য যে,গুপ্তাই ৯ জনীয়া এছ আই টিৰ নেতৃত্ব দি আছে, আনহাতে এই দলটোৰ সদস্য তৰুণ গোৱেল। জানিব পৰা মতে, এছ আই টিৰ দুয়োজন সদস্যই জুবিন গাৰ্গৰ মৃত্যুৰ হোৱা ঘটনাস্থলী পৰিদৰ্শন কৰিব। এজন বিষয়াই কয় যে,”ঘটনাস্থলী পৰিদৰ্শন কৰি তথ্য সংগ্ৰহ কৰাটো সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ। তদুপৰি অসম আৰক্ষীৰ দলটোৱে ছিংগাপুৰত থকা সমকক্ষসকলৰ সৈতে সাক্ষাৎ কৰি গোচৰটোৰ বিষয়ে আলোচনা কৰিব।”

যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকা অৱস্থাত ৰহস্যজনক পৰিস্থিতিত মৃত্যু হয় জুবিন গাৰ্গৰ। জুবিন গাৰ্গে নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে ছিংগাপুৰলৈ গৈছিল। বিষয়াগৰাকীয়ে কয় যে, এই ঘটনাৰ সঠিক তথ্য লাভ কৰিবলৈ এছ আই টিয়ে য়টখনৰ পাইলট আৰু পৰিচাৰকৰো সাক্ষাৎ গ্ৰহণ কৰিব পাৰে।

ইয়াৰ লগতে ছিংগাপুৰত জুবিন গাৰ্গ থকা পঞ্চ তাৰকাযুক্ত হোটেলখনো চাব পাৰে। গোচৰৰ প্ৰতিটো দিশৰ তদন্তৰ চেষ্টা কৰিব বুলিও তেওঁ কয়। ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে ছিংগাপুৰৰ সৈতে মিউচুৱেল লিগেল এচিষ্টেন্স ট্ৰিটি (এমএলএটি)ৰ জৰিয়তে শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তত সহায় কৰিছিল।

ছিংগাপুৰ আৰক্ষী বাহিনীয়েও এই ঘটনাৰ স্বতন্ত্ৰ তদন্ত অব্যাহত ৰাখিছে। ১৭ অক্টোবৰত এছ পি এফে এক বিবৃতিত কয় যে, প্ৰাথমিক তদন্তত গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ফাউল প্লে’ৰ ইংগিত পোৱা নাই। ইয়াত লগতে উল্লেখ কৰা হৈছে যে, জনপ্ৰিয় ভাৰতীয় শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তত আৰু তিনিমাহ সময় লাগিব পাৰে, তাৰ পিছত এই তথ্যসমূহ ৰাজ্যিক ক’ৰ’নাৰক অধিক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতিবেদন দাখিল কৰা হ’ব।

দেহৰ বাবে উপকাৰী দৈ, পিছে এনে খাদ্যবস্তুৰ সৈতে খালে দৈ হ’ব পাৰে বিহৰ সমান
কাহৰ সমস্যাত পাণ-মৌৰ মহৌষধি, কিদৰে সকাহ দিয়ে আপোনাক জানেনে?
কলিযুগত কৰক মাত্ৰ এই ৪ টা কাম! জীৱনত সদায় হ'ব উন্নতি...
আপোনাৰ ইউৰিক এচিডৰ সমস্যা আছে নেকি? এইবোৰ খাদ্য একেবাৰে নাখাব...