অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ, জানক প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা কিমান ?

মধ্য় আৰু নামনি অসমৰ ১৩ খন জিলাৰ ১২,১৩০টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। সোমবাৰে অন্ত পৰি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ।

অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ, জানক প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা কিমান ?

পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। কাইলে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত বন্ধ ঘোষণা কৰে।

Updated On: 

05 May 2025 19:33 PM

সোমবাৰে অন্ত পৰিল দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত দেখা গ’ল শাসক-বিৰোধীৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতিশ্ৰুতিৰে গ্ৰাম্য ভোটাৰক আকৰ্ষণ কৰাৰ প্ৰয়াস । উল্লেখ্য যে, অহা ৭ মে’ত অনুষ্ঠিত হ’ব ৰাজ্য়ৰ পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ।

মধ্য় আৰু নামনি অসমৰ ১৩ খন জিলাৰ ১২,১৩০টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰত দেখা যায় যে, বিজেপি আৰু ইয়াৰ মিত্ৰ দলৰ হৈ প্ৰচাৰ অভিযানৰ নেতৃত্ব দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইখনৰ পিছত সিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।

প্ৰচাৰ সভাবোৰত দিয়া ভাষণত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল মুখ্য়মন্ত্ৰীয়ে । ইয়াৰ লগতে মহিলা, যুৱক-যুৱতী আৰু জনজাতি লোকৰ বাবে লোৱা পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল মুখ্য়মন্ত্ৰীগৰাকীয়ে ।

বিশেষকৈ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰত মুখ্য়মন্ত্ৰীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছিল । বিশেষকৈ কংগ্ৰেছে লুঙী,ধূতি,সূতা, কম্বল আৰু আঁঠুৱা বিতৰণৰ আঁচনিৰে ভোটাৰ ৰাইজক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল মুখ্য়মন্ত্ৰী শৰ্মাই । একে সময়তে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি অন্যান্য নেতাসকলেও শাসকীয় মিত্ৰজোঁটৰ বাবে প্ৰচাৰ চলায়।

প্ৰচাৰত দেখা যায় যে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ দৰে মূল বিষয়সমূহৰ সমাধানত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছে। বিভিন্ন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতি আৰু নিৰাপত্তাহীনতাৰ সমস্যাক পঞ্চায়ত নিৰ্বাচনৰ বিষয় হিচাপে লয় । লোকসভাৰ উপ-দলপতি সাংসদ গৌৰৱ গগৈ, ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাকে ধৰি আন আন কংগ্ৰেছ নেতাসকলেও প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে।

দ্বিতীয় পৰ্যায়ত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ(মেট্ৰ’), হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু যদি প্ৰয়োজন হয় তেন্তে ৯ মে’ত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব বুলি নিৰ্বাচন আয়োগে জানিবলৈ দিছে ।

অহা ১১ মে’ত একেলগে দুয়োটা পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্যায়ৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ৯১,৩১,১২৭ জন । ইয়াৰ ভিতৰত ৪৬,৩০,৯২৪ জন পুৰুষ, ৪৪,৯৯,৯৫২ জন মহিলা আৰু ২৫১ জন অন্য়ান্য ভোটাৰ । মুঠ প্ৰাৰ্থীৰ সংখ্যা ২৯,৬০৮জন।

বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, এইকেইজন ভাৰতীয় ক্ৰিকেটাৰৰ পত্নীও পেছাত চিকিৎসক
বেছিকৈ পূজা কৰা দুখৰ কাৰণ হ'ব পাৰে নেকি? জানক প্ৰেমানন্দ মহাৰাজৰ পৰা...