Assam Panchayat Polls: কেইবাটাও প্ৰান্তত বিক্ষিপ্ত ঘটনাৰ মাজেৰে আগবাঢ়িছে ভোটদান…এতিয়ালৈকে ভোটদানৰ হাৰ কিমান ?

পুৱা ১১.৩০ বজালৈকে ৰাজ্যখনৰ প্ৰায় ২৪.১ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে । ইফালে ভোটদানৰ মাজতে কেইবাটাও স্থানত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা হৈছে ।

Assam Panchayat Polls: কেইবাটাও প্ৰান্তত বিক্ষিপ্ত ঘটনাৰ মাজেৰে আগবাঢ়িছে ভোটদান...এতিয়ালৈকে ভোটদানৰ হাৰ কিমান ?

প্ৰতীকী ফটো

Updated On: 

02 May 2025 21:04 PM

শুকুৰবাৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । পুৱা ১১.৩০ বজালৈকে ৰাজ্যখনৰ প্ৰায় ২৪.১ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে । পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান ৰাজ্যৰ ১৪খন জিলাত বিয়লি ৪.৩০ বজালৈ চলিব।

প্ৰথম পৰ্যায়ত ১২,৯১৬ টা ভোটগ্ৰহণ কেন্দ্ৰত ৪৪.৬৬ লাখ পুৰুষ আৰু ৪৪.৯৩ জন মহিলাকে ধৰি ৮৯.৫৯ লাখৰো অধিক লোকে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছে। ভোটগ্ৰহণৰ মাজতে ৰাজ্যৰ কিছুমান ঠাইৰ পৰা হিংসাত্মক পৰিস্থিতিৰ বাতৰি পোৱা গৈছে আৰু যাৰ ফলত কেইটামান ভোটকেন্দ্ৰত ভোটদানত বাধাৰ সৃষ্টি হোৱা বুলিও জানিব পৰা গৈছে ।

কাছাৰ জিলাৰ কাটিগড়াৰ বোৱালিপাৰ এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত মোহনপুৰ-শালচাপৰা গাঁও পঞ্চায়তৰ ভোটগ্ৰহণ চলি থকাত এঘণ্টাৰ বাবে ভোটগ্ৰহণ বন্ধ কৰা হয় বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

এগৰাকী বিষয়াই সদৰী কৰা মতে, “দুটা স্বতন্ত্ৰ গোটৰ সমৰ্থকসকলে কিছুমান বিষয়ক লৈ তৰ্ক কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত হতাহতি সৃষ্টি হয়। এই ঘটনাত কমেও দুজন লোক আহত হয় আৰু তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয়।” নিৰাপত্তাৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ হয় বুলি জানিব পৰা গৈছে ।

নিৰ্বাচনী পৰ্যবেক্ষক আৰু অন্যান্য বিষয়াসকলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয় আৰু বিশেষ কেন্দ্ৰটোত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয়। বিষয়াগৰাকীয়ে লগতে কয় যে, এঘণ্টাৰ পাছত পুনৰ ভোটদান আৰম্ভ হ’ল। বৰ্তমান শান্তিপূৰ্ণভাৱে ভোটদান আগবাঢ়িছে।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত অনুষ্ঠিত হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২১৬খন জিলা পৰিষদ, ৯৪খন আঞ্চলিক পঞ্চায়ত আৰু ১১৩৯খন গাঁও পঞ্চায়ত অনুষ্ঠিত ভোটগ্ৰহণ। ১১ মে’ত দুয়োটা পৰ্যায়ৰ ভোটগণনা অনুষ্ঠিত হ’ব।

শিৱলিংগত কি বস্তু আগবঢ়ালে কি ফল পোৱা যায়? সবিশেষ জানক..
বাহনত ভ্ৰমণৰ সময়ত বমি ভাব হয় নেকি? জানক পৰিত্ৰাণৰ উপায়
বন্দে ভাৰত বা শতাব্দী ৰে'লৰ পৰা পোৱা উপাৰ্জনৰ হিচাপ ৰাখেনে চৰকাৰে ? ৰে’ল মন্ত্ৰালয়ে RTI উত্তৰত কি ক'লে ?
Knowledge Story: চেফ্টিপিনত কিয় থাকে বৃত্তাকাৰ অংশটো? কেতিয়াবা ভাবিছেনে?