মেঘালয়ত অসমৰ তপন দে’ৰ সৈতে ভয়ংকৰ কাণ্ড! প্ৰথমে ল’লে প্ৰাণ আৰু পাছত…
চুবুৰীয়া ৰাজ্য মেঘালয়ত প্ৰাণ গ'ল এজন লোকৰ। অভিযোগ অনুসৰি, অতি নৃশংসভাৱে লোকজনক হত্যা কৰা হয়। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

লোকজন
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে বিভিন্ন অপৰাধজনিত ঘটনাৰ খবৰ পোহৰলৈ আহে। শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা পোহৰলৈ আহিছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। মেঘালয়ত হত্যাৰ বলি হয় অসমৰ এজন লোক। অতি ৰহস্যজনক অৱস্থাত লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
জানিব পৰা মতে, অসমৰ লোকজনক চুবুৰীয়া ৰাজ্যখনত অতি নৃশংসভাৱে হত্যা কৰা হয়। হত্যাৰ পাছত তেওঁৰ মৃতদেহ ঘন জংঘলৰ এডাল গছত ৰছীৰে বান্ধি ওলোমাই থয়। মৃত লোকজন তপন দে বুলি চিনাক্ত হৈছে। মেঘালয়ৰ ডাউকীৰ পেন্সুলা নামৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। বুধবাৰে নিশা উদ্ধাৰ হয় লোকজনৰ মৃতদেহ।
জানিব পৰা মতে, লোকজন গুৱাহাটী মহানগৰীৰ বশিষ্ঠৰ বাসিন্দা। ব্যৱসায় সূত্ৰে তপন দে শনিবাৰে চুবুৰীয়া ৰাজ্য মেঘালয়লৈ গৈছিল। কিন্তু ডাউকীলৈ যোৱা তপন আৰু ঘৰলৈ ঘূৰি নাহিল। কোনোৱে হত্যা কৰি তেওঁক গছত ওলোমাই থয়। কোনে, কি কাৰণে এই কাণ্ড সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই।
ইতিমধ্যে মেঘালয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনাস্থলীত উপস্থিত হৈছে তপন দেৰ পৰিয়ালৰ লোক। আজি বিয়লিলৈ লোকজনৰ মৃতদেহ পৰিয়ালক ঘূৰাই দিয়াৰ সম্ভাৱনা আছে। সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গতিকে তদন্তৰ অন্তত জানিব পৰা যাব লোকজনক কোনে, কেনেকৈ আৰু কিয় হত্যা কৰিলে।
অন্য খবৰ পঢ়কঃ দীৰ্ঘদিন ধৰি কিশোৰী কন্যাৰ সৈতে পিতৃৰ অসৎ কৰ্ম! প্ৰথমে গৰ্ভৱতী আৰু পাছত…