শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চৰকাৰৰ উন্নয়নে ঢুকি নোপোৱা এখন গাঁও, কান্ধত ভাৰ বান্ধি ৰোগীক নিবলগীয়া হয় চিকিৎসালয়লৈ !

লাংছাংপি হান্সে গাঁৱৰ বাসিন্দাসকলে তেওঁলোকৰ ৰোগীসকলক কাপোৰ আৰু বাঁহৰ সহায়ত কান্ধত ভাৰ বান্ধি নিবলগীয়া হয় চিকিৎসালয়লৈ। তদুপৰি গাঁওখনৰ পৰা চিকিৎসালয়খন ১৫ কিলোমিটাৰতকৈও অধিক দূৰত অৱস্থিত।

চৰকাৰৰ উন্নয়নে ঢুকি নোপোৱা এখন গাঁও, কান্ধত ভাৰ বান্ধি ৰোগীক নিবলগীয়া হয় চিকিৎসালয়লৈ !
চিকিৎসা সেৱাৰ বাবে হাহাকাৰ পৰিস্থিতি
manas-borah
Manas Borah | Updated On: 30 Aug 2025 18:29 PM

ৰাজ্যৰ সকলো ফালে উন্নয়ন। দেশৰ পাঁচখন উন্নত ৰাজ্যৰ তালিকাত অসমৰ নাম অন্তৰ্ভুক্ত কৰাৰ সপোন দেখিছে মুখ্যমন্ত্ৰীয়ে। কিন্তু ইয়াৰ পাছতো এইখন অসমত চিকিৎসা সেৱাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে। জানিলে আচৰিত হ’ব আপুনি, কাপোৰে বান্ধি বাঁহৰ সহায়ত কান্ধতলৈ ৰোগীক চিকিৎসালয়লৈ নিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে এইখন অসমতে !

এই ঘটনা সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ চিংথং পৰিষদ সমষ্টিত। অভিযোগ অনুসৰি, সমষ্টিৰ অন্তৰ্গত লাংছাংপি হান্সে গাঁৱৰ বাসিন্দাসকলে তেওঁলোকৰ ৰোগীসকলক কাপোৰ আৰু বাঁহৰ সহায়ত কান্ধত ভাৰ বান্ধি নিবলগীয়া হয় চিকিৎসালয়লৈ। তদুপৰি গাঁওখনৰ পৰা চিকিৎসালয়খন ১৫ কিলোমিটাৰতকৈও অধিক দূৰত অৱস্থিত।

Karbi Anglong News

চিকিৎসা সেৱাৰ বাবে হাহাকাৰ পৰিস্থিতি

স্থানীয় লোকে অভিযোগ কৰিছে যে, গাঁওখনৰ মূল যোগাযোগ ব্যৱস্থা একেবাৰে দুখজনক। আছে এটা মাত্ৰ হাবিতলীয়া লংলুঙীয়া বাট। গাঁওখনৰ সৈতে সংযুক্ত কৰা কোনো ধৰণৰ পথ নাই বুলিয়েই ক’ব পাৰি। গাঁওখন উন্নয়নৰ দিশত একেবাৰে পিছপৰি যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। স্বাস্থ্য সেৱাকে ধৰি আন আন উন্নয়নমূলক কাম-কাজ এতিয়াও গাঁওখনত হোৱা নাই। যাৰ বাবে এইদৰে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে গাঁওবাসীয়ে।

এনে পৰিপ্ৰেক্ষিতত লাংছাংপি হান্সে গাঁৱৰ বাসিন্দাসকলে কেএএচিচিৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলীৰাম ৰংহাং আৰু উপ-সভাপতি অভিজিৎ ক্ৰ’ক উন্নত যোগাযোগ ব্যৱস্থা আৰু আন আন উন্নয়নৰ কাম-কাজ কৰিবলৈ দাবী জনাইছে। গাঁওখনৰ স্বাস্থ্য সেৱা, ৰাস্তা-ঘাটকে ধৰি যিবোৰ সমস্যা আছে সেইসমূহ অতি সোনকালে সমাধানৰ বাবে বিশেষকৈ কেএএচিচিৰ মুখ্য কাৰ্যবাহী সদস্যক দাবী জনাইছে গাঁওবাসীয়ে। পূৰ্বেও এই বিষয়ত জনপ্ৰতিনিধিক অৱগত কৰা হৈছিল বুলি জানিবলৈ দিছে গাঁওবাসীয়ে।

গাঁওবাসীৰ মূল দাবীসমূহ হৈছে যোগাযোগ ব্যৱস্থা, চিকিৎসা সেৱা উন্নত কৰা। গাঁওবাসীসকলৰ জীৱন উন্নত কৰিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা।