Assam encroachment: আদিংগিৰি পাহাৰত সন্দেহজনক লোকৰ বসতি, সাজিছে মছজিদ-মাদ্ৰাছা

Assam encroachment: গুৱাহাটী মহানগৰীৰ দুৰ্গম পাহাৰত থকা বনাঞ্চলত বসতি স্থাপন একাংশ সন্দেহজনক নাগৰিকৰ। কেৱল ঘৰ সজাই নহয়, নিৰ্মান কৰিছে মছজিদ, মাদ্ৰাছা আদিও।

Assam encroachment: আদিংগিৰি পাহাৰত সন্দেহজনক লোকৰ বসতি, সাজিছে মছজিদ-মাদ্ৰাছা

আদিংগিৰি পাহাৰত বেদখল

Edited By: 

Monjit Dutta | Updated On: 23 Jul 2025 | 08:33 PM

উচ্ছেদ, শেহতীয়াকৈ ৰাজ্যত ব্যাপকভাৱে চৰ্চা লাভ কৰা এটা বিষয়। সন্দেহযুক্ত নাগৰিকৰ কবলৰ পৰা প্ৰতি ইঞ্চি ভূমি উদ্ধাৰৰ সংকল্প মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ধুবুৰী, গোৱালপাৰাত চলিল উচ্ছেদ। ঘটিল বিক্ষিপ্ত ঘটনাও। উচ্ছেদিতৰ কাষত ৰৈ চকুলো টুকিলে বিৰোধী ৰাজনৈতিক নেতাই। উচ্ছেদ সন্দৰ্ভত জোৱাৰ উঠিল ফেচবুকতো। কোনোবাই সপক্ষে, কোনোবাই বিপক্ষে যুক্তি দিলে উচ্ছেদৰ।

এইবাৰ নগাঁও, উৰিয়ামঘাট আদিতো চলিব উচ্ছেদ। ইতিমধ্যেই উচ্ছেদৰ ভয়ত উৰিয়াম ঘাটৰ পৰা ঘৰ-বাৰী এৰি অন্য স্থানলৈ ঢাপলি মেলিছে একাংশ লোকে। তাৰ মাজতেই গুৱাহাটীৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। গুৱাহাটী মহানগৰীৰ দুৰ্গম পাহাৰত থকা বনাঞ্চলত বসতি স্থাপন একাংশ সন্দেহজনক নাগৰিকৰ। কেৱল ঘৰ সজাই নহয়, নিৰ্মান কৰিছে মছজিদ, মাদ্ৰাছা আদিও। গুৱাহাটী ফটাশিলৰ আদিংগিৰি সূৰ্য পাহাৰত দেখা গৈছে সন্দেহজনক লোকৰ অৱস্থান।

নামনি অসমৰ বিভিন্ন ঠাইৰ লগতে কিছুদিন পূৰ্বে উচ্ছেদ চলা ঠাইৰ পৰা আহি গুৱাহাটীৰ আদিংগিৰি পাহাৰত এইসকল লোকে বসতি স্থাপন কৰাৰ সন্দেহ। গুৱাহাটী মহানগৰীৰ এই অঞ্চলৰ পৰা দেখা যায় শৰাইঘাট দলং, বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম আদি। বেদখল চলাৰ খবৰ পোৱাৰ পাছতেই সেই স্থানত উপস্থিত হয় গুৱাহাটী ৰাজহচক্ৰ বিষয়া ৰাজা বৈশ্য। অন্য ঠাইৰ উচ্ছেদিতই আহি এই স্থানত ঘৰ বনোৱাৰ সন্দেহ কৰিছে তেওঁ। এঘৰ দুঘৰ নহয়, প্ৰায় ৩০০ লোকে বসতি স্থাপন কৰিছে পাহাৰটোত।

বেদখলৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত থাকিব বুলি ইতিমধ্যেই সকীয়াই দিছে মুখ্যমন্ত্ৰীয়ে। উচ্ছেদক লৈ চলিছে ৰাজনীতিও। কিন্তু এইসকল লোক ক’ৰ পৰা আহি এনেকৈ থিতাপি ল’লে আৰু এতিয়া এওঁলোকৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব