এইবাৰ নিৰ্বাচনত অসমৰ ৰাইজ বনাম বিশেষ ৰজাৰ মাজত হ’ব প্ৰতিদ্বন্দ্বিতা: গৌৰৱ গগৈ
কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, জনসাধাৰণে নিজৰ সংস্কৃতি, পৰম্পৰা, ঐতিহাসিক ঐতিহ্য, মৰ্যাদাৰ সৈতে আপোচ নকৰে। তেওঁ কয় যে, অসমৰ গণতান্ত্ৰিক বাৰ্তাই সমগ্ৰ দেশতে বৃহৎ প্ৰভাৱ পেলাব পাৰে আৰু অন্য ঠাইত অন্যায়ৰ বিৰুদ্ধে অনুৰূপ জনমত গঠন কৰিব পাৰে।

এইবাৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা ৰাজনৈতিক দলৰ মাজত নহয়। অসমৰ ৰাইজ বনাম এগৰাকী বিশেষ ৰজাৰ মাজত হ’ব এই প্ৰতিদ্বন্দ্বিতা। ৰাজ্যত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে শুকুৰবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত এক গণ অভিৱৰ্তনত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। তেওঁ কয় যে, প্ৰতিটো বিৰোধী দল ৰাইজৰ লগত আছে।
সাংসদ গগৈয়ে কয়, “এই নিৰ্বাচনত ৰাজনৈতিক দলৰ মাজত প্ৰতিদ্বন্দ্বিতা নহয়, বৰঞ্চ অসমৰ ৰাইজ বনাম এগৰাকী বিশেষ ৰজাৰ বিৰুদ্ধে যুঁজ হ’ব।” কাৰো নাম নোলোৱাকৈয়ে তেওঁ কোনগৰাকী নেতাৰ কথা উল্লেখ কৰিছে ভোটাৰসকলে সঠিকভাৱে জানে বুলি কয় গৌৰৱ গগৈয়ে।
তেওঁ কয় যে, শাসকীয় দলটোৱে নিৰ্বাচনী জয় নিশ্চিত কৰিবলৈ যিমানে ধন শক্তি, বাহুবল ব্যৱহাৰ, সাম্প্ৰদায়িক বাক্যবাণ, আইন ভংগ আদি নকৰক কিয় ৰাইজে উচিত সিদ্ধান্ত ল’ব আৰু সমগ্ৰ ভাৰতলৈ এক বাৰ্তা প্ৰেৰণ কৰিব বুলি কয় গৌৰৱ গগৈয়ে। ভোটাৰসকলে ঐক্যবদ্ধ হৈ ভয়-ভাবুকিৰ ৰাজনীতিৰ প্ৰতি সঁহাৰি জনাব বুলি তেওঁ আত্মবিশ্বাসী বুলি মন্তব্য কৰে গগৈয়ে।
কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, জনসাধাৰণে নিজৰ সংস্কৃতি, পৰম্পৰা, ঐতিহাসিক ঐতিহ্য, মৰ্যাদাৰ সৈতে আপোচ নকৰে। তেওঁ কয় যে, অসমৰ গণতান্ত্ৰিক বাৰ্তাই সমগ্ৰ দেশতে বৃহৎ প্ৰভাৱ পেলাব পাৰে আৰু অন্য ঠাইত অন্যায়ৰ বিৰুদ্ধে অনুৰূপ জনমত গঠন কৰিব পাৰে।
বর্তমান চৰকাৰখনে ভয়ৰ পৰিৱেশ সৃষ্টি কৰা বুলিও অভিযোগ কৰি গগৈয়ে সাংবাদিক, চৰকাৰী বিষয়া, ব্যৱসায়ীসকল অধিক হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি দাবী কৰে৷ পূৰ্বৰ মুখ্যমন্ত্ৰীসকলৰ অধীনত এনে পৰিস্থিতি দেখা পোৱা নাছিল আৰু ৰাজ্যত এনে কোনো ঘটনা সংঘটিত হোৱা নাই বুলিও তেওঁ লগতে কয়।
গণ-অভিৱৰ্তনত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে কয়, “ডিব্ৰুগড় নাগৰিক সন্মিলনৰ উদ্যোগত ডিব্ৰুগড় নাট্যমন্দিৰত আজি “গণতন্ত্ৰ আৰু নাগৰিক অধিকাৰ সুৰক্ষা”ৰ দাবীত অনুষ্ঠিত হোৱা এক গণ-অভিৱৰ্তনত অংশগ্ৰহণ কৰোঁ। এই অভিৱৰ্তনত সকলোৱে গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে নাগৰিকৰ মৌলিক অধিকাৰ, মত প্ৰকাশৰ স্বাধীনতা আৰু সংবিধানৰ মূল্যবোধ ৰক্ষা কৰাৰ দৃঢ় সংকল্প গ্ৰহণ কৰে। ন্যায়, সমতা আৰু গণতন্ত্ৰ সুৰক্ষাৰ এই শান্তিপূৰ্ণ সংগ্ৰামত জনতাৰ ঐক্যই হৈছে আটাইতকৈ ডাঙৰ শক্তি।”