কোন হ’ব কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ? বৰ অসম গঢ়াৰ সংকল্পৰে ৰঙিয়াত গৌৰৱ গগৈয়ে বজালে নিৰ্বাচনী ৰণডংকা

বিভাজনকামী ৰাজনীতিক প্ৰতিহত কৰি জাতি-জনগোষ্ঠীৰ মিলনেৰে এখন শান্তিৰ বৰ অসম গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। এই সংকল্পৰে আজি ৰঙিয়াত বিশাল জনসভা।

কোন হব কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ? বৰ অসম গঢ়াৰ সংকল্পৰে ৰঙিয়াত গৌৰৱ গগৈয়ে বজালে নিৰ্বাচনী ৰণডংকা
Updated On: 

25 Jan 2026 | 09:59 AM

ৰঙিয়াত ৰণডংকা বজালে অসম কংগ্ৰেছে। বিজেপিয়ে বিভাজনকামী ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰি এই ৰাজনীতিক প্ৰতিহত কৰি জাতি-জনগোষ্ঠীৰ মিলনেৰে এখন শান্তিৰ বৰ অসম গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। এই সংকল্পৰে আজি ৰঙিয়াত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে কেইগৰাকী নেতাই। আজি শনিবাৰে ৰঙিয়াৰ মৰানজানা হাতীখলা পথাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল জনসভা। হাতত হাত ধৰো, নতুন বৰ অসম গঢ়ো শ্লোগানেৰে অনুষ্ঠিত কৰা হয় এই বিশাল জনসভা। কামৰূপ গ্ৰাম্য, মেট্ৰ’, ওদালগুৰি তামুলপুৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্ঠিত হয় এই জনসভা।

সভাত ভাষণ দি সভাপতি গগৈয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰ লক্ষ্য কৰি লয়। তেওঁ দলীয় কৰ্মীক উদ্দেশ্যি প্ৰশ্ন উত্থাপন কৰে যে, কোন হয় হিমন্ত বিশ্ব শৰ্মা ? তেওঁ কয়, “আজিৰ তাৰিখত আমাৰ ভূমি সুৰক্ষিত নহয়, জাতি সুৰক্ষিত নহয় আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাবে আজি ৰাইজৰ গৰু সুৰক্ষিত নহয়, যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত নহয়। এই ক্ষেত্ৰত ৰাইজে বুজি পাইছে যে, কোন হয় হিমন্ত বিশ্ব শৰ্মা ?” যিগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অভিভাৱক হিচাপে তৰুগ গগৈ আছিল, সেই তৰুণ গগৈকে পিছফালৰ পৰা ‘দেগাৰ’ মাৰিলে বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে।

কংগ্ৰেছ দলৰ প্ৰতি থকা আস্থাৰ বাবে ইতিমধ্যে ৭৫০ জনতকৈ অধিক নেতাই কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব বিচাৰিছে বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে। ইফালে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ কয় যে, কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ কোনো নেতা নহয়। কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ সাধাৰণ বুথৰ কৰ্মী বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে ।

সভাৰ অংশগ্ৰহণৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় সভাপতি গৌৰৱ গগৈয়ে। সভাত বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,সাংসদদ্বয় ক্ৰমে প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সহঃ তত্ত্বাৱধায়ক মনোজ চৌহান, ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী বন্ধু তিৰ্কী, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়িকা শিৱামণি বৰা, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰ,অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ লগতে কেইবাখনো জিলাৰ সভাপতি,দলীয় কৰ্মীসহ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...