চাহ বাগিচাই বাগিচাই বিশেষ সজাগতা সভা অসম প্ৰদেশ কংগ্ৰেছৰ, ৫ দিনত সামৰি ল’ব ১০০ খন বাগান

এইবাৰ বাগিচাই বাগিচাই সজাগতা সভাত অনুষ্ঠিত কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। সোমবাৰে এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰে সভাপতি গৌৰৱ গগৈয়ে।

চাহ বাগিচাই বাগিচাই বিশেষ সজাগতা সভা অসম প্ৰদেশ কংগ্ৰেছৰ, ৫ দিনত সামৰি লব ১০০ খন বাগান
Updated On: 

13 Oct 2025 21:28 PM

প্ৰতিটো ৰাজনৈতিক দলৰে এতিয়া লক্ষ্য ২৬ ৰ বিধানসভা নিৰ্বাচন। শাসক-বিৰোধী প্ৰত্যেকটো ৰাজনৈতিক দলে এতিয়া ৰাইজৰ কাষ চপাৰ কাৰ্যসূচী আৰম্ভ কৰিছে। সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছেও তৃণমূল পৰ্যায়ত সাধাৰণ ৰাইজৰে যোগযোগ শক্তিশালী কৰাত ব্যস্ত হৈ পৰিছে।

সোমবাৰৰ পৰা প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছে চাহ বাগিচাই বাগিচাই সজাগতা সভা অনুষ্ঠিত কৰাৰ কাৰ্যসূচী। “ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ, কংগ্ৰেছ যাব ৰাইজৰ ওচৰত” অসম প্ৰদেশ কংগ্ৰেছৰ এই মূল মন্ত্ৰৰ অংশ হিচাপে এইবাৰ বাগিচাই বাগিচাই সজাগতা সভা অনুষ্ঠিত কৰাৰ পাঁচ দিনীয়া কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে দলটোৰ সভাপতি গৌৰৱ গগৈয়ে।

বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰব গগৈয়ে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে এই কাৰ্যসূচী। উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে অসম প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছ বিভাগৰ উদ্যোগত ৰাজ্যৰ চাহ বাগিচাসমূহত চাহ জনগোষ্ঠী জনজাতিকৰণ, দৈনিক মজুৰি বৃদ্ধি, মাটিৰ পট্টা দিয়া আৰু সুৰক্ষা, বিশেষকৈ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সভা অনুষ্ঠিত কৰিব।

জানিব পৰা মতে, এই কাৰ্যসূচীয়ে ৫ দিনত মুঠ ১০০ খন চাহ বাগিচা সামৰি ল’ব। দলটোৰ নেতৃত্বই জনোৱা মতে, এই সময়ছোৱাত বাগিচা অঞ্চলৰ উন্নয়নৰ বিষয়বোৰো আলোচনা কৰিব।

এই কাৰ্যসূচীৰ প্ৰথম দিনৰ কাৰ্যসূচী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে শুভ উদ্ধাধন কৰি নিজৰ ভাষণত কয়, “কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজনৈতিকভাৱে চাহ বাগিচাৰ প্ৰতিনিধিসকলৰ উপযুক্ত মঞ্চ দিয়া হৈছিল। কিন্তু বৰ্তমানৰ চৰকাৰৰ দিনত বাগান অঞ্চলৰ কোনো উন্নয়নমূলক কথা আলোচনা হোনা দেখা পোৱা নাই। অসমৰ ভিতৰত এটাই মাত্ৰ আলোচনা হৈছে-কোন মন্ত্ৰীয়ে, কোন পৰিবাৰে ক’ত বাগান ক্ৰয় কৰিছে?”এইদৰে কয় সাংসদ গৌৰৱ গগৈয়ে।

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...