কম হোৱা নাই অন্তৰ্কন্দল! ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি, কংগ্ৰেছীৰ মাজত হতাহতি…

পুনৰ প্ৰদেশ কংগ্ৰেছত অন্তৰ্কন্দল। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হয় উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে, কমলপুৰ সমষ্টিৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে ৰাজীৱ ভৱন ভিৰ কৰাৰ পাছতেই এই পৰিস্থিতিৰ সৃষ্টি হয়।

কম হোৱা নাই অন্তৰ্কন্দল! ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি, কংগ্ৰেছীৰ মাজত হতাহতি...

ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি

Updated On: 

04 Sep 2025 19:29 PM

সমাগত অসম বিধানসভা নিৰ্বাচন। ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজনৈতিক দলসমূহে ৰণনীতি প্ৰস্তুত কৰিছে। কিন্তু পূৰ্বৰ দৰে এতিয়াও কংগ্ৰেছৰ ব্যস্ত আছে অন্তৰ্কন্দলত। বৃহস্পতিবাৰ (৪ ছেপ্টেম্বৰ)য়ে গুৱাহাটীৰ ৰাজীৱ ভৱনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে, সদ্য অগপ ত্যাগী সত্যব্ৰত কলিতাৰ বিৰোধিতাৰে একাংশ কংগ্ৰেছ কৰ্মীয়ে ভিৰ কৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত। আনকি একাংশৰ মাজত হতাহতিৰ দৰে ঘটনাও সংঘটিত হয়। ইফালে এইসকল কংগ্ৰেছ কৰ্মী নহ’বও পাৰে বুলি বিস্ফোৰক মন্তব্য কৰে দেৱব্ৰত শইকীয়াই।

শেহতীয়াকৈ অসম গণ পৰিষদ দল ত্যাগ কৰিছিল কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। ইয়াৰ পাছতে বিভিন্নজনে দাবী কৰিছিল যে শীঘ্ৰেই তেওঁ যোগদান কৰি প্ৰদেশ কংগ্ৰেছত। কিন্তু এই কথা মানি ল’ব পৰা নাছিল কমলপুৰ কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে। এনে পৰিস্থিতিত কমলপুৰ সমষ্টিৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে ভিৰ কৰে ৰাজীৱ ভৱন আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাক প্ৰদান কৰে এক স্মাৰক পত্ৰ।

এই নেতাসকলৰ ভিতৰত আছে মাতলেব উদ্দিন আহমেদৰ লগতে কেইবাজনো কংগ্ৰেছৰ সংক্ৰিয় নেতা। এওঁলোকে দাবী কৰিছে যে, কমলপুৰৰ কোনো কংগ্ৰেছীয়ে সত্যব্ৰত শইকীয়াক আদৰণি নজনায়। কিয়নো এই সত্যব্ৰত কলিতাই এসময়ত কমলপুৰৰ ৰাজীৱ ভৱন ভঙা, কংগ্ৰেছ কৰ্মীক অত্যাচাৰ কৰাৰ দৰে ঘটনা সংঘটিত কৰিছিল। গতিকে তেওঁক কোনো পধ্যেই আদৰণি জনোৱাৰ প্ৰশ্ন নুঠে।

ইয়াৰ পাছতে এই ঘটনাৰ ওপৰত এতিয়া প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। তেওঁ কয় যে, সত্যব্ৰত শইকীয়া কোন দলত যোগদান কৰিব আমি নাজানো। অসমত বহুত দল আছে। ইয়াৰোপৰি  ৰাজীৱ ভৱনত যি পৰিস্থিতি উদ্ভৱ হৈছে তাত বিজেপি কৰ্মী জড়িত হৈ থাকিব পাৰে বুলিও তেওঁ সন্দেহ কৰে। তেওঁ কয় যে,”এওঁলোক কংগ্ৰেছ কৰ্মী নহ’বও পাৰে। কিয়নো আমি শেহতীয়াকৈ বিজেপি চৰকাৰে কাৰ ওপৰত জাৰি কৰা নতুন নিৰ্দেশনাৰ বিৰোধিতা কৰি আছো। এনে পৰিস্থিতি এই ইচ্ছুটো তল পেলাবলৈ বিজেপিয়ে এয়া ষড়যন্ত্ৰ কৰিব পাৰে”।

উল্লেখ্য যে, মাতেলবুদ্দিন আহমেদৰ লগতে একাংশ কংগ্ৰেছ কৰ্মীয়ে যোৱা কেইবাদশক কমলপুৰ সমষ্টিত কংগ্ৰেছৰ ভেটি মজবুত কৰাৰ বাবে কাম কৰি আহিছে। ইয়াৰোপৰি এওঁলোক আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ দাবীদাৰ। এনে অৱস্থাত একাংশ কংগ্ৰেছ কৰ্মীয়ে সন্দেহ কৰিছে যে, সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰাৰ পাছত তেওঁ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে। কিয়নো তেওঁ ইতিমধ্যে ২ বাৰকৈ সেই সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছ।

মন কৰিবলগীয়া যে, বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ। ইতিমধ্যে বিজেপিয়ে নিজৰ ভেঁটি মজবুত কৰিবলৈ প্ৰতিদিনেই ন ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইফালে কংগ্ৰেছৰ দৰে এটা দলে এতিয়ালৈকে অন্তৰ্কন্দল দমাব পৰা নাই। এয়া এক প্ৰকাৰ নিশ্চিত যে, অন্তৰ্কন্দলে দলটোক যথেষ্ঠ ক্ষতি কৰিছে। কিন্তু বিজেপিক ৰুধিব বুলি বাৰে বাৰে দাবী কৰা দলটোৱে এতিয়ালৈকে নিজৰ দলীয় সংঘাতে আঁতৰাব পৰা নাই। গতিকে পৰৱৰ্তী সময়ত দলটো কোনফালে আগবাঢ়ে সেয়া হ’ব লক্ষণীয়।

 

 

অন্য খবৰ পঢ়কঃ বাসগৃহত ভয়ংকৰ জুই! শোৱাপাটীতে মৃত্যুক সাৱতি ল’লে মাতৃ-পুত্ৰই…

ইলাচীয়ে বঢ়াব যৌন ক্ষমতা! মাত্ৰ এইদৰে কৰক ব্যৱহাৰ
গুপ্তাংগ ক'লা পৰিলে কেনেকৈ ঠিক কৰিব? জানক সহজ উপায়
পূজাৰ বতৰত জেলেপীৰ সোৱাদ লয় নে? পিছে ভাৰতলৈ ক’ৰপৰা আহিছিল জেলেপী, জানেনে?
অতিকৈ ভাগ্যৱান এই ৩ ৰাশিৰ লোক, সহজে লাভ কৰে সফলতা!