জুবিনৰ সৈতে কি হৈছিল? দুৰ্ঘটনাৰ সময়ত তেওঁৰ লগত কোন কোন আছিল? সবিশেষ জনালে মুখ্যমন্ত্ৰীয়ে…
প্ৰকৃততে জুবিন গাৰ্গৰ লগত কি হৈছিল? দুৰ্ঘটনাত পতিত হোৱাৰ সময়ত কোন কোন আছিল তেওঁৰ লগত? কেতিয়া আহি পাব জুবিনৰ নশ্বৰদেহ? সবিশেষ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

হিমন্ত-জুবিন
জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেনেকৈ জুবিন দুৰ্ঘটনাত পতিত হ’ল আৰু তেওঁৰ লগত কোন কোন আছিল সেই সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।
কিমান সময়ত জুবিনৰ মৃত্যু…?
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়,”ছিংগাপুৰৰ ৰাষ্ট্ৰদূতে জনোৱা মতে, স্থানীয় সময় অনুসৰি দিনৰ ২ টা বজাত জুবিনে চাৰিজন সতীৰ্থ আৰু ১১ অসমীয়াক লগত লৈ য়টত গৈছিল। তাতে কিছু দূৰ যোৱাৰ পাছত এটা ঠাইত ৰৈ তেখেতসকলে সাঁতুৰিছিল। প্ৰথমে তেওঁ লাইফ জেকেট পিন্ধি সাঁতুৰিছিল। পিছত ডাঙৰ হোৱাৰ বাবে লাইফ জেকেট খুলি সাঁতুৰিলে।”
মুখ্যমন্ত্ৰীগৰাকীয় জানিবলৈ দিয়ে যে, ” সেই সময়ত যেতিয়া তেওঁৰ শৰীৰটো অস্পষ্ট হৈ গৈছিল, তেতিয়া য়টৰ ক্ৰুজনে জপিয়াই জুবিনক উদ্ধাৰ কৰে। প্ৰথমে CPR দিয়া হয়। তাৰ পিছত য়টৰ প’ৰ্টলৈকে লৈ যোৱা হয়। য়টৰ প’ৰ্টত থকা ডাক্তৰে আকৌ CPR দিয়ে। তাতো কোনো ধৰণৰ সংকেত নোপোৱাত ছিংগাপুৰৰ এখন জেনেৰেল হাস্পতাললৈ লৈ যোৱা হয় জুবিনক। স্থানীয় সময়ৰ অনুসৰি, আবেলি ৫.২০ বজাত আইচিইউত চিকিৎসা কৰাৰ পাছত জুবিন গাৰ্গক মৃত বুলি ঘোষণা কৰা হয়।”
সৰুসজাইত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা
“সাধাৰণতে যিহেতু ই এটা দুৰ্ঘটনা, গতিকে ছিংগাপুৰৰ আইন অনুসৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিব। ভাৰতীয় দূতাবাসে ছিংগাপুৰৰ চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। মৰণোত্তৰ নকৰাকৈ আনিব পাৰি নেকি সেই বিষয়ত কথা পাতিছে। মৰণোত্তৰ পৰীক্ষা কৰি যদি আনিবলগীয়া হয় তেন্তে শনিবাৰৰ দিনটো লাগিব। আশা কৰা হৈছে, শনিবাৰৰ ৰাতি ভাগলৈ তেওঁৰ নশ্বৰদেহ অসম আহি পাব। গুৱাহাটী অহাৰ পাছত সকলোৱে যাতে শ্ৰদ্ধাঞ্জলি দিব পাৰে তাৰ বাবে সৰুসজাইত এটা দিন তেওঁক ৰখা হ’ব। তাতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিব অসম চৰকাৰে। ” এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।
কিন্তু ইয়াৰ লগতে তেওঁ এই কথাও স্পষ্ট কৰি দিছে যে, ৰাইজে যি বিচাৰে, চৰকাৰে তাকে কৰিব। যদি নশ্বৰ দেহ দুদিন ৰাখিব লাগে তেন্তে তাৰো ব্যৱস্থা কৰা হ’ব। জুবিনৰ নশ্বৰ অহাৰ পাছত সকলো সিদ্ধান্ত লোৱা হ’ব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
জুবিনৰ নশ্বৰদেহ যোৰহাটলৈ নিয়া হ’বনে?
তেওঁ কয়, “বহুতে তেখেতক যোৰহাটলৈ নিয়াৰ বাবে দাবী কৰিছে। বহুতে বিচাৰিছে যোৰহাটত তেখেতক সমাধিস্থ কৰিব লাগে। এই বিষয়ত কোনো কথা আলোচনা হোৱা নাই এতিয়ালৈকে। তেখেতৰ নশ্বৰদেহ আহক। তেখেত অহাৰ পাছত সিদ্ধান্ত ল’ব পাৰিম।” তেওঁ লগতে কয় যে, চৰকাৰৰ ফালৰ পৰা এটা কথা ভাবিছো, সৎকাৰ বেলেগ আৰু সমাধিস্থলী নিৰ্মাণ কৰাটো বেলেগ। গতিকে দুয়োটা বিষয়ত পৃথকে পৃথকে সিদ্ধান্ত লোৱা হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে।
জুবিনৰ লগত কোন কোন আছিল ? তালিকাত নাম নাই শ্যামকানু মহন্তৰ
তেওঁ কয় যে, জুবিনৰ লগত আছিল অভিমন্যু তালুকদাৰ আৰু ১১ জন অসমীয়া, ৪ জন তেওঁৰ সংগী আছিল। তেওঁৰ লগত থকা সকলোৰে তালিকা আমাৰ হাতত আহিছে। দুজন ক্ৰু মেম্বাৰো আছিল। এই সকলৰ ভিতৰত যিসকলৰ নাম আছে তেওঁলোকক যদি ছিংগাপুৰ আৰক্ষীয় সোধা-পোচা কৰে বা অসম আৰক্ষী বা ভাৰতৰ পৰা যদি কাৰোবাক পঠিয়াব লাগে তেন্তে ,সেই বিষয়ত গৃহমন্ত্ৰীৰ সৈতে আলোচনা কৰিম। তেওঁৰ লগত থকাৰ সকলৰ ভাষ্য নিশ্চয় ল’ব পৰা যাব। তেওঁ এই কথাও স্পষ্ট কৰি দিছে যে, এই লিষ্টত নাম নাই শ্যামকানু মহন্তৰ।