ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান অনুষ্ঠান, অৱসৰপ্ৰাপ্ত লেফ্টেনেণ্ট বিষয়া ৰাণা প্ৰতাপ কলিতালৈ ‘অসম বৈভৱ বঁটা’

Assam Civilian Awards 2024: আজি ৰাজ্য চৰকাৰে প্ৰদান কৰিলে ৰাজ্যৰ সৰ্বোচ্চ আসমৰিক সন্মান। পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হয়।

ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান অনুষ্ঠান, অৱসৰপ্ৰাপ্ত লেফ্টেনেণ্ট বিষয়া ৰাণা প্ৰতাপ কলিতালৈ অসম বৈভৱ বঁটা

অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান

Edited By: 

Monjit Dutta | Updated On: 03 Apr 2025 | 06:54 PM

বৃহস্পতিবাৰ (৩ এপ্ৰিল)য়ে পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থাকি বঁটা প্ৰাপকসকলক বঁটা প্ৰদান কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী, বিশিষ্ট লোকৰ উপস্থিতিত ২০২৪ চনৰ বাবে অসম বৈভৱ, অসম গৌৰৱ আৰ অসম সৌৰভ বঁটা প্ৰদান কৰা হয়। ৰাজ্য চৰকাৰৰ অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে অৱসৰপ্ৰাপ্ত লেফ্টেনেণ্ট বিষয়া ৰাণা প্ৰতাপ কলিতালৈ। ইয়াৰোপৰি অসমীয়া সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা প্ৰদান কৰা হয়।

অসম সৌৰভ বঁটা

২০২৪ চনৰ বাবে অসম সৌৰভ বঁটা প্ৰদান কৰিছে ৬ গৰাকীকৈ ব্যক্তিক। তেওঁলোকে ক্ৰমে- বিশিষ্ট সংগীত শিল্পী দ্বিপেন বৰুৱা, বিশিষ্ট নাট্যকাৰ হেমন্ত দত্ত, ভাৰতীয় মহিলা দলৰ ক্ৰিকেটাৰ উমা চেত্ৰী,  বহনক্ষম আৰু পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰখনৰ বাবে লখিমপুৰৰ ড০ পূৰৱী শইকীয়া,  দক্ষতা-বিকাশ আৰু  শিক্ষাৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে তামিলনাডুৰ শিক্ষাবিদ সুব্ৰমনিয়ম ৰামাদৰাই আৰু বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ হোজাইৰ ড০ বাপী পালক এই বঁটা প্ৰদান কৰা হৈছে।

অসম গৌৰৱ বঁটা

২০২৪ চনৰ বাবে অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে- ফুলেশ্বৰী দত্ত, মিনাক্ষী দাস, পাৰ্থিৱ সুন্দৰ গগৈ, ধীৰেন্দ্ৰ নাথ পল, হৰিদাস দাস, বিনং তেৰ, নজৰুল হক, বিশ্বজিত বৰা, ভাৰত কলিতা, বৰলংফা নাৰ্জাৰী, ৰাম চাচনী, উপমান্যু বৰকাকতি, ডেভিদ প্ৰতীম গগৈক। লগতে প্ৰতিষ্ঠান চোৰান আহেম, বাৰেকুৰি ভিলেজ, হাতী বন্ধু এনজিঅ’ক।

 

অন্য খবৰ পঢ়কঃ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা, তালিকাত আছে কাৰ কাৰ নাম? জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব