বিধানসভাৰ অধিৱেশনৰ পৰা হংকঙৰ বিধ্বংসী অগ্নিকাণ্ডলৈ…পুৱাৰ মুখ্য খবৰসমূহ পঢ়ক

আজি ২৭ নৱেম্বৰ দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

বিধানসভাৰ অধিৱেশনৰ পৰা হংকঙৰ বিধ্বংসী অগ্নিকাণ্ডলৈ...পুৱাৰ মুখ্য খবৰসমূহ পঢ়ক

পুৱাৰ খবৰ

Updated On: 

27 Nov 2025 07:47 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ডাঙৰ খবৰ। অসমৰ ৬ টা বৃহৎ জনগোষ্ঠী ক্রমে টাই আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী (আদিবাসী) সম্প্রদায়ক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰস্তাৱ সম্পৰ্কত গঠন কৰা মন্ত্ৰীমণ্ডলীৰ প্ৰতিবেদন অসম বিধানসভাত দাখিল কৰাত অনুমোদন জনায় ৰাজ্যিক কেবিনেটে।
  2. খানাপাৰাৰ ৰেচম নগৰস্থিত হস্ততাঁত, বস্ত্র শিল্প আৰু ৰেচম বিভাগৰ অধীনস্থ চৰকাৰী মুগা ফাৰ্মৰ ৩ বিঘা ভূমিৰ হস্তান্তৰৰ প্ৰস্তাৱ সংশোধন কৰি এটা অত্যাধুনিক সংগ্রহালয় স্থাপনৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ হস্তান্তৰকৰণত অনুমোদন জনায় ৰাজ্যিক কেবিনেটে।
  3. দুধৰ্ষ আলফা নেতা আদ্যমান অসমৰ সৈতে সঘন যোগাযোগ ৰক্ষা কৰাৰ অভিযোগত ৪ জনকৈ ব্যক্তিক সোধাপোছাৰ বাবে আটক কৰিছে চৰাইদেউ জিলা আৰক্ষীয়ে। আৰক্ষী সূত্ৰত প্ৰকাশ কৰা মতে আটক কৰা লোককেইজন হ’ল সাপেখাতীৰ মহেশ্বৰ কেওট,সাপেখাতীৰ ৰহণ পথাৰৰ কনক গগৈ,বৰহাটৰ ৰাহুল মহন আৰু মাহমৰাৰ বলিন বৰুৱা বুলি । আটকাধীন চাৰিওজনকে জিলা আৰক্ষীৰ উচ্চপ্ৰদস্ত বিষয়াই মাৰথান জেৰা চলাই থকা হৈছে।
  4. আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয়টো দিন। প্রশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হ’ব সদনৰ কাম-কাজ চর্চাত অংশ ল’ব শাসক-বিৰোধী উভয় পক্ষই। দ্বিতীয় দিনা সদনত ১০ খন ন-পুৰণি বিধেয়ক উত্থাপন হয়।
  5. ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু পৰিমাণৰ নিষিদ্ধ দ্ৰব্যৰ লগতে সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱা দেখা যায়। শেহতীয়াকৈ (২৬ নৱেম্বৰ) এই সন্দৰ্ভত অসম বিধানসভাত বিশেষ তথ্য দাখিল কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা তথ্য অনুসৰি, বিগত বছৰ কেইটাত বহু পৰিমাণৰ নিষিদ্ধ দ্ৰব্য জব্দ হোৱাৰ লগতে বহু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰোপৰি জব্দ কৰা হৈছে সৰবৰাহকাৰীৰ সম্পত্তি।
  6. হংকঙৰ টাইপো চুবুৰীৰ ৱাং ফুক ক’ৰ্ট হাউছিং কমপ্লেক্সত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত ৪৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে। বহু লোক এতিয়াও সন্ধানহীন হৈ আছে। জুই ইমানেই তীব্ৰ আছিল যে দূৰৰ পৰা ধোঁৱাৰ দেখা গৈছিল। উদ্ধাৰ অভিযানৰ বাবে নিয়োগ কৰা হৈছিল ৭০০ অগ্নিনিৰ্বাপক বাহিনী। অগ্নিনিৰ্বাপক বাহিনীয়ে মানুহক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিছে।
  7. টেম্বা বাভুমাৰ অধিনায়কত্বত বিশ্ব টেষ্ট চেম্পিয়ন দক্ষিণ আফ্ৰিকাই ভাৰতত ইতিহাসৰ সৃষ্টি কৰে। ২৫ বছৰৰ অন্তত দক্ষিণ আফ্ৰিকাই ভাৰতত এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ অন্তিম দিনা দক্ষিণ আফ্ৰিকাই মাত্ৰ ১৪০ ৰাণেৰে টিম ইণ্ডিয়াক আউট কৰি ৪০৮ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে।

লগতে পঢ়ক: বৃহস্পতিৰ কৃপাত এইসকল লোকৰ জিলিকিব ভাগ্য! আজিৰ দিনটো কেনে যাব আপোনাৰ? চাওক ৰাশিফল

ঘৰৰ এই দিশত ৰাখক আইনা, ধন-সম্পত্তিৰে ভৰি পৰিব জীৱন!
উদং হ'ব পকেট! দৰিদ্ৰ হোৱা পূৰ্বে দেখা দিয়ে এই সংকেত...
ঘৰত কাঁচৰ বস্তু ভঙাটো কিহৰ সংকেত? শুভ নে অশুভ জানক...
শুৱাৰ ভংগীমাই বৃদ্ধি কৰিব পাৰে নেকি স্তনৰ আকাৰ? জানক...
ৰাষ্ট্ৰপতিৰ সৈতে সাংসদসকলৰ প্ৰস্তাৱনা পাঠ
২৪ ডিচেম্বৰৰ পৰা খানাপাৰাত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা
বিজেপিত যোগদান ৰমেন ডেকাৰ কন্যাৰ...
খানাপাৰত বুজন পৰিমাণৰ সুৰা জব্দ...