Assam Cabinet: বিমানবন্দৰ প্ৰাধিকৰণলৈ ৩ হাজাৰ বিঘা মাটিৰ পৰা বিদ্যালয়ত বাধ্যতামূলক বিষয়লৈ, কেবিনেটৰ সিদ্ধান্তসমূহ…
Assam Cabinet Decision: আজিৰ কেবিনেটত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। চৰকাৰে শিলচৰত গ্রীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে ৩০০০ বিঘা মাটি বিমান বন্দৰ কৰ্তৃপক্ষক দিয়াৰ বাবে অনুমোদন জনায়।

অসম কেবিনেট
আজি (৭ডিচেম্বৰ) অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত এই সন্দৰ্ভত সবিশেষ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল-
১) শিলচৰৰ ডলু চাহ বাগিচাত গ্রীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণলৈ তিনি হাজাৰ বিঘা ভূমি হস্তান্তৰত কেবিনেটে অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত বিমানবন্দৰটো নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটৰ অনুমোদন লাভৰ পথ প্রশস্ত হ’ব।
২) মিছন বসুন্ধৰাৰ অধীনত ১২০০ পৰিয়াললৈ ভূমি আবন্টনত কেবিনেটে অনুমোদন জনায়।
৩) Assam Logistics and Warehousing Policy, 2025 ত কেবিনেটে অনুমোদন জনায়। এই নীতিৰ জৰিয়তে অসমক লজিষ্টিক হাবলৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰা হ’ব।
৪) অসম অভিযান্ত্রিক মহাবিদ্যালয়ত অসম চৰকাৰে Dassalt Systems India Pvt. Ltd. ৰ সৈতে যুটীয়াভাৱে স্থাপন কৰিবলগীয়া এটা প্রকল্পত কেবিনেটে অনুমোদন জনায়। ২৪৩ কোটি টকা ব্যয়ৰে ৫ হাজাৰ বৰ্গফুট এলেকাত স্থাপন হ’বলগীয়া প্রকল্পটোৰ অধীনত Aerospace & Defence, Automative & Electric Vehicles সম্পর্কীয় পাঠ্যক্রম আগবঢ়োৱা হ’ব। ইয়াত অসম চৰকাৰে ৪৩ কোটি টকা আৰু Dassalt Systems India Pvt. Ltd. এ ২০০ কোটি টকা ব্যয় কৰিব।
৫) ডিমা হাছাও জিলাত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সময়ত কৰা ভূমি অধিগ্রহণৰ বিপৰীতে ৮৮৪ টা পৰিয়ালক ক্ষতিপূৰণ দিয়াত কেবিনেটে অনুমোদন জনায়।
৬) কাৰ্বি আংলং জিলাৰ লংভাকুত অসমৰ দ্বিতীয়খন সৈনিক বিদ্যালয় নিৰ্মাণৰ বাবে কেবিনেটে প্রশাসনিক অনুমোদন দিয়ে। ৩৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া সৈনিক বিদ্যালয়খনৰ নিৰ্মাণ ব্যয়ৰ ৮০ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্রালয়ে বহন কৰিব আৰু ২০ শতাংশ ধন অসম চৰকাৰে বহন কৰিব।
৭)ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীত অসমৰ বুৰঞ্জী আৰু অসমৰ ভূগোল বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভূক্ত কৰাৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়। অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ উদ্দেশ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত কমিটীৰ পৰামৰ্শৰ ভিত্তিত কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে।
অন্য খবৰ পঢ়কঃ গৌৰৱী পিতৃ! মুখ্যমন্ত্ৰীৰ পুত্ৰই বাহৰেইনত সম্পূৰ্ণ কৰিলে আইৰনমেন ৭০.৩…