Assam Cabinet: চৰকাৰী কৰ্মচাৰীৰ পৰা শিক্ষাৰ্থীলৈ, কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত…
Assam Cabinet Decision: আজি অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক। এই বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। শিক্ষাৰ্থীৰ পৰা চৰকাৰী কৰ্মচাৰী, নতুন আঁচনিলৈ কেইবাটাও দিশত চৰকাৰে সিদ্ধান্ত লয়।

অসম কেবিনেটৰ সিদ্ধান্ত
আজি ৬ অক্টোবৰত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি ইয়াৰ বিষয়ে সবিশেষ জনায়। আজিৰ কেবিনেটে কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে তলত উল্লেখ কৰা হ’ল-
ৰাজ্যিক কৰ্মচাৰীৰ ভৱিষ্যৎ সুৰক্ষা
- কেবিনেটে ৰাষ্ট্রীয় পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কর্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি (ইউ পি এছ) প্রৱর্তনত অনুমোদন জনাইছে।
- সেৱাকাল সম্পূৰ্ণ হোৱাৰ পাছত বা স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে নিশ্চিত পৰিশোধ লাভ কৰিব।
- সম্পূর্ণ নিশ্চিত পৰিশোধৰ হাৰ হ’ব অৱসৰৰ ঠিক আগে আগে ১২ মাহৰ গড় মূল দৰমহা (বেচিক পে’)ৰ ৫০%। পাৰিবাৰিক পেঞ্চন হ’ব মৃত্যুৰ পূর্বে লাভ কৰা পেঞ্চন পৰিশোধ পৰিমাণৰ ৬০% আৰু অৱসৰৰ পাছত এককালীন পৰিশোধ হিচাপে যোগ্যতা অর্জনকাৰী সেৱাব প্রতি ৬ মাহৰ বাবে মাহিলি বেতনৰ ১০% (মূল বেতন + মৰগীয়া ভাট্টা) লাভ কৰাৰ ব্যৱস্থা থাকিব।
অৰুণোদয় ৩.০ সম্প্ৰসাৰণ
- অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ ১০,১৮৬ সামুহিক কেডাৰক অৰুণোদয় ৩.০ আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে অন্তর্ভুক্তিত কেবিনেটৰ অনুমোদন।
অসমৰ গ্রামাঞ্চলত সকলো বতৰ উপযোগী যোগাযোগ নিশ্চিতকৰণ
- জলবায়ু-স্থিতিস্থাপক গ্রাম্য দলং নিৰ্মাণৰ বাবে কেবিনেটে অসম স্থিতিস্থাপক গ্রাম্য দলং কাৰ্যসূচী (এ আৰ আৰ বি পি)ৰ বাবে ৪,৮১৬.৩১ কোটি টকাৰ সংশোধিত প্রশাসনিক অনুমোদন ব্যয়ত অনুমোদন জনাইছে।
- এই প্রকল্পৰ অধীনত ৩৫০ খন নতুন দলং নির্মাণ, ১০৩ খন ঠেক পকী দলং বহল কৰা, ৬৯৪ খন অস্থায়ী, খহি পৰা বা বান-বিধ্বস্ত, সংকটপূর্ণ দলংসমূহ নতুন দলঙেৰে সলনি কৰা হ’ব আৰু বিদ্যমান ৩৭খন দলং পৰিচৰ্যা কৰা হ’ব।
অসমত স্বাস্থ্যসেৱাৰ ৰূপান্তৰ
- কেবিনেটে ৪২৮৭ কোটি টকা ব্যয়েৰে আছাম ষ্টেট টার্চিয়েৰী হেলথকেয়াৰ অগমেন্টেশ্যন’ (ASTHA) প্রকল্পত অনুমোদন জনাইছে।
- এই প্রকল্পটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বৰ্তমানৰ চৌহদৰ ঠাইত নতুন চৌহদ নির্মাণকে ধৰি আন্তঃগাঁথনি আৰু প্ৰণালী উন্নত কৰি বিশেষ পর্যায়ৰ চিকিৎসাৰ উপলব্ধতা আৰু গুণগত মান বৃদ্ধি কৰিব।
শিক্ষকৰ সুবিধা নিশ্চিতকৰণ
- কেবিনেটে ধুবুৰী, দক্ষিণ শালমৰা-মানকাচৰ আৰু চৰ অঞ্চলত নিয়োজিত শিক্ষয়িত্রীসকলক ৫ বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ গৃহ বা নিকটৱর্তী জিলালৈ বদলি কৰাৰ বাবে অনুমোদন জনাইছে।
- কেবিনেটে লগতে সমগ্র শিক্ষা অভিযানৰ অধীনত পূৰ্বৰ ৫ বছৰৰ বিপৰীতে ৩ বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণৰ বাবে অনুমোদন জনাইছে।
তামিলনাড়ু দুর্ঘটনাৰ ভুক্তভোগী পৰিয়াললৈ বিত্তীয় সাহায্য
- কেবিনেটে তামিলনাডুত মৃত্যু হোৱা ৯ জন লোকৰ নিকটাত্মীয়ক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আর্থিক সাহায্য হিচাপে ৫ লাখ টকাকৈ প্রদানত অনুমোদন জনাইছে।
In today's meeting of #AssamCabinet, we resolved to
👉🏼Implement UPS for State Govt employees
👉🏼Elevated corridor in Silchar
👉🏼 Orunodoi 3.0 to ASRLM cadres
👉🏼Liberalised transfer & regularisation of teachers
👉🏼Ease medical college admission rules
👉🏼₹4287cr for health sector pic.twitter.com/GnSayAlnFb— Himanta Biswa Sarma (@himantabiswa) October 6, 2025
শিলচৰত যানজট ৰোধৰ ব্যৱস্থা
- কেবিনেটে শিলচৰৰ কেপিটেল পইন্টৰ সমীপৰ ট্রাংক ৰোডৰ পৰা ৰংগিৰখাৰী পইন্টলৈ এলিভেটেড কৰিড’ৰ (প্রথম পর্যায়)ৰ নিৰ্মাণৰ বাবে প্রশাসনিক অনুমোদন প্রদান কৰে।
- ৩,৪৬২ কিল’মিটাৰ দৈৰ্ঘ্যৰ এই এলিভেটেড কৰিড’ৰটো ৫৬৪.৫০ কোটি টকা ব্যয়েৰে নির্মাণ কৰা হ’ব।
ছাত্র-ছাত্রীসকলক উৎসাহ প্রদান
- কেবিনেটে ৰাজ্য চৰকাৰৰ বিদ্যালয়ত অধ্যয়নৰত নৱম শ্ৰেণীৰ ৩,১১,৬১৪ শিক্ষার্থীৰ মাজত বিতৰণৰ বাবে চাইকেল ক্রয়ত অনুমোদন জনাইছে।
- স্নাতক প্রথম বর্ষ পাঠ্যক্ৰমত নামভৰ্তি কৰা ১,৭৫,৮১৭ শিক্ষার্থীৰ নামভর্তিৰ মাচুল পৰিশোধ কৰাৰ বাবে প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১২৬.৯৭ কোটি টকাৰ বিত্তীয় আৱণ্টন জনাইছে।
অস্থায়ী কৰ্মচাৰীৰ বাবে বর্ধিত দৰমহা
- কেবিনেটে ১২৩১ গৰাকী মাষ্টাৰ ৰোল, অস্থায়ী আৰু স্থিৰ দৰমহা কর্মচাৰীক ন্যূনতম দৰমহা প্রদান কৰাৰ বাবে অনুমোদন জনাইছে।
- কেবিনেটে লগতে সাধাৰণ প্রশাসন বিভাগৰ ৯৯গৰাকী চতুর্থ বগৰ কৰ্মচাৰীৰ বাবে সহায়ক ভাট্টাৰ সমতুল্য স্থিৰ দৰমহা ১৬,৪০০ টকালৈ বৃদ্ধিত অনুমোদন জনাইছে।
চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ সৰলীকৃত ব্যৱস্থা
- কেবিনেটে অসমৰ চিকিৎসা মহাবিদ্যালয় আৰু দন্ত মহাবিদ্যালয় (প্রথম বৰ্ষৰ এম বি বি এছ/বি ডি এছ পাঠ্যক্ৰমত নামভর্তিৰ নিয়ন্ত্রণ) বিধি, ২০১৭ (২০২৫ চনলৈকে সংশোধিত) সংশোধনীত অনুমোদন জনাইছে।
ইয়াৰ অধীনত
- ৰাজ্যৰ বাহিৰত অধ্যয়ন কৰা অসমৰ স্থায়ী বাসিন্দা প্রার্থীসকল ৰাজ্যিক কোটাৰ অধীনত নামভর্তিৰ বাবে যোগ্য বিবেচিত হ’ব। এই ক্ষেত্রত তেওঁলোকৰ শেষৰ তিনি প্রজন্ম অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
- অৰুণাচল প্রদেশৰ মৰাণ সম্প্রদায় ৰাজ্যিক কোটাৰ অধীনত অসমত এম বি বি এছ আৰু বি ডি এছ নামভর্তিৰ বাবে যোগ্য বিবেচিত হ’ব।
- অ’বিচি/এমঅ’বি চি (এন চি এল) শ্রেণীৰ প্রার্থীসকলে আবেদনৰ সময়ত এন চি এল প্রমাণপত্র বাছনি কৰাত ব্যর্থ হোৱা বা দাখিল নকৰা প্রার্থীসকলক এম বি বি এছ বা বি ডি এছ কাউন্সেলিঙৰ প্রথম ৰাউণ্ডলৈকে যিকোনো সময়তে তেওঁলোকৰ আবেদন দাখিল কৰিবলৈ অনুমতি দিয়া হ’ব।
- অৰুণাচল প্রদেশত বাস কৰা মৰাণ জনগোষ্ঠীক ২০২৬ বর্ষৰ পৰা অসমত বাস কৰা মৰাণ জনগোষ্ঠীৰ সমান মর্যাদা প্রদান কৰা।
অন্য খবৰ পঢ়কঃ আজিৰ পৰা আৰম্ভ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’: জানক ইয়াৰ বিষয়ে সকলো…