চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! অন্য ধৰ্মৰ লোকক মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত SOP ত অনুমোদন…

Assam land transfer sop: আজিৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। এতিয়াৰ পৰা অন্য ধৰ্মৰ লোকক মাটি বিক্ৰী কৰিবলৈ হ'লে প্ৰক্ৰিয়া হ'ব দীঘলীয়া। ইয়াৰ বাবে SOP ত অনুমোদন জনোৱা হৈছে।

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! অন্য ধৰ্মৰ লোকক মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত SOP ত অনুমোদন...

হিমন্ত বিশ্ব শৰ্মা

Updated On: 

27 Aug 2025 20:27 PM

আজি (২৭ আগষ্ট) সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক। য’ত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে জনায়। আজিৰ কেবিনেটত বিনিয়োগৰ পৰা আৰম্ভ কৰি লেয়াৰ ফাৰ্ম, মাটি বিক্ৰী আদিকে ধৰি বিভিন্ন দিশত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। চৰকাৰে মাটি বিক্ৰীৰ ক্ষেত্ৰত এখন SOP ত অনুমোদন জনাইছে। যাৰ বাবে এতিয়াৰ পৰা অন্য ধৰ্মৰ লোকক মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত প্ৰক্ৰিয়া দীঘলীয়া হ’ব।

মুখ্যমন্ত্ৰী শৰ্মাই জনাই যে, ইণ্টাৰ ৰিলিজন লেণ্ড ট্ৰান্সফাৰৰ বাবে এক এছ অ’ পিত অনুমোদন জনাইছে কেবিনেটে। তেওঁ কয়, অন্য ধৰ্মৰ মানুহক মাটি বিক্ৰী কৰাৰ বাবে SOP জাৰি কৰা হৈছে। সেই অনুসৰি দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে হৈ অন্য ধৰ্মৰ লোকক মাটি বিক্ৰী কৰিব পাৰিব।

তেওঁ কয়, আন্তঃধর্মীয় ভূমি হস্তান্তৰৰ ক্ষেত্ৰত স্থাবৰ সম্পত্তি হস্তান্তৰ অনুমতি প্ৰদানৰ পদ্ধতি সুশৃংখলিত কৰাৰ বাবে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। সেই অনুসৰি মাটি ক্রয়-বিক্ৰযৰ প্রস্তাৱসমূহ প্ৰথমে চক্ৰ বিষয়াৰ কাৰ্যালয়ত পৰীক্ষা কৰিব। পাছত সেই প্ৰস্তাৱসমূহ উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব। সেই প্ৰস্তাৱ উপায়ুক্তৰ কাৰ্যালয়ে ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগলৈ প্ৰেৰণ কৰিব, য’ত এজন ন’ডেল বিষয়া থাকিব। ৰাজহ বিভাগে প্ৰস্তাৱসমূহ অসম আৰক্ষীৰ বিশেষ শাখালৈ প্ৰেৰণ কৰিব।

আৰু কয়, পাছত আৰক্ষী বিভাগৰ বিশেষ শাখাই এই ক্ষেত্রত বিভিন্ন দিশ চাব। মাটি ক্রয়-বিক্রয় প্রক্ৰিয়া প্ৰৱঞ্চনামূলক, জোৰ-জবৰদস্তিমূলক বা অবৈধভাৱে ভূমি হস্তান্তৰ কৰা হৈছে নেকি বা ক্রয়-বিক্রয়ৰ ফলত অঞ্চলটোত সামাজিক গাঁথনিত প্ৰভাৱ পৰিছে নেকি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো পর্যালোচনা কৰি চৰকাৰক অৱগত কৰিব। চৰকাৰে এই বিষয়ে জিলা আয়ুক্তক জনাব আৰু জিলা আয়ুক্তই তাৰ ওপৰত সিদ্ধান্ত ল’ব। এই মানক পৰিচালনা বিধি (এছঅ’পি) অসমৰ বাহিৰৰ স্বেচ্ছাসেৱীসমূহ সংগঠনসমূহৰ ক্ষেত্ৰটো প্রযোজ্য হ’ব।

 

শৰ্মাই কয় যে, হিন্দুই মুছলমান , খ্ৰীষ্টান বা অন্য ধৰ্মৰ লোকে অন্য ধৰ্মৰ লোকৰ ওচৰত মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত এই নীতি মানি চলিব লাগিব। উল্লেখ্য যে, বিগত সময়চোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনগাঁঠনি সলনি হোৱা বুলি দাবী কৰি আহিছে। একাংশ মানুহে এয়া চেষ্টা কৰা বুলি দাবী কৰি শৰ্মাই কৈছিল যে যদি এনে হয় তেন্তে অসমীয়াই এদিন সকলো হেৰুৱাব। লগতে শৰ্মাই দাবী কৰিছিল যে, বহু ঠাইত হিন্দু মানুহে ভয় বা শংকাত মাটি বিক্ৰী কৰিবলগীয়া হয়। বহু ঠাইত হিন্দু মানুহ সংখ্যালঘুত পৰিণত হৈছে। তাৰ পাছতে আজি ভূমি বিক্ৰীৰ সন্দৰ্ভত এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

অন্য খবৰ পঢ়কঃ Assam cabinet decision: বিনিয়োগৰ পৰা ভূমি বিক্ৰীৰ SOP লৈ, আজিৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহ…

মাহেকীয়াৰ পেটৰ বিষৰ পৰা পাব সকাহ, জানক এই ৫ টা ঘৰুৱা উপায়
ধন-সম্পত্তিৰে উপচি পৰিব ঘৰ, আজিয়েই কৰক এই কাম!
আপুনিও প্লাষ্টিকৰ বটলত পানী খাই নেকি? তেন্তে হ'ব পাৰে এই ডাঙৰ ৰোগ...
বৃক্ক বিকল কৰিব পাৰে এই ৫ বিধ বস্তুই! জানক সকলো...