বৃক্ক বিকল কৰিব পাৰে এইসমূহ খাদ্যই

27  AUG 2025

TV9 ASSAM

আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ বৃক্ক। ই ফিল্টাৰৰ দৰে কাম কৰে। ই শৰীৰৰ প্ৰয়োজনীয় বস্তু একলগ কৰে আৰু বেয়া বস্তুবোৰ বাহিৰ কৰাত সহায় কৰে।

বৃক্ক

বৃক্কত আমাৰ কিছুমান খাদ্যইও প্ৰভাৱ পেলায়। কিছুমান খাদ্য বৃক্কৰ বাবে  ভাল হোৱাৰ বিপৰীতে কিছুমান বেয়া হয়। ই বৃক্কক দুৰ্বল কৰি পেলাব পাৰে।

খাদ্য

তালিকাত প্ৰথম নামটো পানী। প্ৰয়োজনতকৈ অধিক পানী খোৱা ভাল নহয়। সদায় পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। দুৰ্বল বৃক্কই অতিৰিক্ত পানী উলিয়াই পেলাব নোৱাৰে। যাৰ বাবে ভৰি, শৰীৰ বা হাওঁফাওঁ ফুলিব পাৰে।

পানী

বেছিকৈ নিমখ খোৱা শৰীৰৰ বাবে বেয়া। আমাৰ খাদ্যত ছোডিয়াম থাকে। যেতিয়া বেছি নিমখ খোৱা যায় তেতিয়া ব্লাড প্ৰেচাৰ বাঢ়ি যায়। যাৰ ফলত বৃক্ক বা হৃদযন্ত্ৰত বেয়া প্ৰভাৱ পেলায়।

নিমখ

বহু ফল-মূলত পটেছিয়াম থাকে। ই দুৰ্বল বৃক্কৰ বাবে বেয়া।  বেছি পটেছিয়াম খালে ই বৃক্কক প্ৰভাৱিত কৰিব পাৰে। যাৰ বাবে আপেল, ষ্ট্ৰবেৰী, আঙুৰ, নাচপতি, আনৰস, ব্লেকবেৰী আদি কম পৰিমাণে খাব লাগে।

ফল

প্ৰটিন শৰীৰৰ বাবে প্ৰয়োজনীয়। কিন্তু অতিমাত্ৰা প্ৰটিন শৰীৰৰ বাবে বেয়া। যেতিয়া শৰীৰে বেছিকৈ প্ৰটিন লাভ কৰে তেতিয়া বৃক্ক দুৰ্বল হৈ পৰিব পাৰে।

প্ৰটিন

কিছুমা চেপ্লিমেন্ট লোৱা বৃক্কৰ বাবে বেয়া। ইয়াৰোপৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ বিষ বা অন্য ঔষধ বেছি সেৱন কৰিব নালাগে। ই বৃক্কত প্ৰভাৱিত কৰিব পাৰে।

ঔষধ

পঢ়িবলৈ ক্লিক কৰক 

গণেশ চতুৰ্থী ভাল এই ৰাশিৰ বাবে