Assam by election: কাৰ হাতলৈ যাব বিহালী? গৌৰৱে লগালে নেকি সকলো খেলিমেলি…

Assam by election: কংগ্ৰেছত যোগদান নকৰাৰ পূৰ্বে সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাক কংগ্ৰেছে টিকট প্ৰদান কৰিছিল, যাৰ বাবে দলটোৰ মাজতেই মতানৈক্যৰ সৃষ্টি হৈছিল। কংগ্ৰেছৰ সদস্য নোহোৱাকৈ কেনেকৈ সদ্য বিজেপি নেতা এজনে টিকট পাব পাৰে বুলি প্ৰশ্ন কৰিছিল একাংশ কংগ্ৰেছীয়ে।

Assam by election: কাৰ হাতলৈ যাব বিহালী? গৌৰৱে লগালে নেকি সকলো খেলিমেলি...

বিহালী সমষ্টি

Published: 

23 Nov 2024 11:54 AM

কিছু সময় পাছতেই ঘোষণা হ’ব ৰাজ্যৰ ৫ সমষ্টিৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। ১৩ নৱেম্বৰত ৰাজ্যৰ ৫ সমষ্টি- বিহালী, চামগুৰি, চিদলী, বঙাইগাঁও আৰু ধলাইত অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ। ইতিমধ্যে এই সমষ্টি কেইটাত চলি আছে ভোট গণনা প্ৰক্ৰিয়া। বিহালী সমষ্টিত মুঠ ১৩ টা ৰাউণ্ডত ভোট গণনা সম্পন্ন হ’ব আৰু ইয়াৰে বৰ্তমান সপ্তম ৰাউণ্ডৰ ভোট গণনা অন্ত পৰিছে। সপ্তম ৰাউণ্ডৰ অন্তত বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে ২৮,৩২৫ টা ভোটত অগ্ৰগতি লাভ কৰিছে।

ইয়াৰ বিপৰীতে বিহালীত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰিছে ২২,৯৩৫  টা ভোট, চি পি আই (এম এল)ৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীয়ে লাভ কৰিছে প্ৰায় ২,৪১৯ টা ভোট আৰু অনন্ত গগৈয়ে লাভ কৰিছে প্ৰায় ৬১০টা ভোট। ইয়াৰ বিপৰীতে ন’টাত পৰিছে প্ৰায় ৭৭৫টা টা ভোট। বিহালী নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৫.৭৯ শতাংশ। বিহালীত মূল যুঁজখন কংগ্ৰেছ আৰু বিজেপিৰ মাজত হোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, এই সমষ্টিটোৰ বাবে কংগ্ৰেছে অসম সন্মিলিত মৰ্চাৰ লগত বিশ্বাসঘাটকতা কৰিছিল। এই সমষ্টিটো কংগ্ৰেছৰ মিত্ৰদল সমূহে বিচাৰিছিল যদিও কংগ্ৰেছ এৰি দিয়া নাছিল। ইয়াকে লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মাজত এক লবীকেন্দ্ৰিক ৰাজনীতিৰ সৃষ্টি হৈছিল। প্ৰথম অৱস্থাত কংগ্ৰেছে এই সমষ্টিটো মিত্ৰদলক এৰি দিছিল যদিও পাছলৈ এই সমষ্টিটোত নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰিছিল।

কংগ্ৰেছত যোগদান নকৰাৰ পূৰ্বে সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাক কংগ্ৰেছে টিকট প্ৰদান কৰিছিল, যাৰ বাবে দলটোৰ মাজতেই মতানৈক্যৰ সৃষ্টি হৈছিল। কংগ্ৰেছৰ সদস্য নোহোৱাকৈ কেনেকৈ সদ্য বিজেপি নেতা এজনে টিকট পাব পাৰে বুলি প্ৰশ্ন কৰিছিল একাংশ কংগ্ৰেছীয়ে।

ইয়াৰ বিপৰীতে কংগ্ৰেছৰ কৰ্মকাণ্ডত অসন্তুষ্ট হৈ অসম সন্মিলিত মৰ্চাই এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই চি পি আই (এম এল)ৰ লক্ষ্মীকান্ত কুৰ্মীক টিকট প্ৰদান কৰিছিল। এক প্ৰকাৰ কংগ্ৰেছৰ ভুলৰ বাবে বিৰোধিয়ে নিজৰ মাজত যুঁজ দিছিল।  একাংশই অভিযোগ কৰিছিল যে গৌৰৱ গগৈৰ বাবে এই সমষ্টিটোত কংগ্ৰেছৰ হৈ জয়ন্ত বৰাই টিকট লাভ কৰিছিল।

গতিকে এতিয়া বিহালী সমষ্টি কাৰ হাতলৈ যায় সেই হ’ব লক্ষণীয়। সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীৰ মাজত তীব্ৰ যুঁজ দেখা গৈছে। গতিকে কাৰ অংকই কাম দিয়ে সেয়া সময়ে কব। গৌৰৱৰ নিৰ্বাচনী অংকত আউল লাগিলে এয়া কংগ্ৰেছ বা অসম সন্মিলিত মৰ্চাক লৈ শুভ লক্ষণ নহয়।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension