নিৰ্বাচনৰ প্ৰস্তুতি নে আন কিবা? বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক সাংগঠনিক কৰ্মশালা…

বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৎপৰ বিজেপি। এই সন্দৰ্ভত আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু বিষয়-ববীয়া উপস্থিত থাকে।

নিৰ্বাচনৰ প্ৰস্তুতি নে আন কিবা? বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক সাংগঠনিক কৰ্মশালা...

বিজেপি

Published: 

17 Aug 2025 | 03:49 PM

মাজত মাত্ৰ কেইটামান মাহ বাকী। ২০২৬ চনত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে বিজেপিয়ে সাংগঠনিক ভেঁটি মজবুত কৰাৰ চেষ্টা কৰিছে। এই উপলক্ষে দেওবাৰে বাজপেয়ী ভৱনত গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠক অনুষ্ঠিত হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সাংগঠনিক বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং , বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক অজয় জামৱাল , ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী আদি উপস্থিত থাকে। ৰাজ্যিক সাংগঠনিক কৰ্মশালাৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰে।

জানিব পৰা মতে, কৰ্মশালাত ৰাজ্যিক কমিটিৰ বিষয়-ববীয়া, আটাইকেখন মৰ্চাৰ ৰাজ্যিক সভাপতি, ৩৯ খন সাংগঠনিক জিলাৰ সকলো সভাপতি, নৱ নিযুক্ত জিলা প্ৰভাৰী আৰু সহ-প্ৰভাৰ,ৰাজ্যিক মুখপাত্ৰ আদিয়ে অংশগ্ৰহণ কৰে। এই কৰ্মশালাত ৰাজ্যিক কমিটিৰ সকলো বিষয়ববীযাৰ অংশগ্ৰহণ বাধ্যতামূলক কৰে বিজেপিয়ে।

আনহাতে কাৰোবাৰ যদি পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী আছে, তেন্তে সাল-সলনি কৰি এই কৰ্মশালাত অংশ গ্ৰহণ কৰিবলৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল। সেই নিৰ্দেশ অনুসৰি সকলো কৰ্মশালাত উপস্থিত আছে। কৰ্মশালা আৰম্ভ হোৱাৰ পূৱে সাংগঠনিক কৰ্মশালা সন্দৰ্ভত সাধাৰণ সম্পাদক পল্লব লোচন দাস আৰু সাধাৰণ সম্পাদক দ্বীপ্লু ৰঞ্জন শৰ্মাই বক্তব্য দাঙি ধৰে।

এই সন্দৰ্ভত সামাজিক মাধ্যমত বিজেপি, অসমে লিখে যে,” আজি ৰাজ্যিক কাৰ্যালয়ত আয়োজিত ৰাজ্যিক সাংগঠনিক কৰ্মশালাৰ উদ্বোধনী সত্ৰত উপস্থিত থাকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্বোধনী ভাষণ আগবঢ়াই সকলোকে উদ্বুদ্ধ কৰে। মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতৰ ভাষণত দলক অধিক শক্তিশালী ৰূপত ৰাইজৰ মাজলৈ লৈ যাবলৈ সকলোকে সক্ৰিয়তাৰে কাম কৰিবলৈ আহ্বান জনায়।

উদ্বোধনী সত্ৰত মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত অৰুণ সিং ডাঙৰীয়া, ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, ৰাজ্যিক প্ৰভাৰী শ্ৰীযুত হৰিশ দ্বিবেদী ডাঙৰীয়া,মধ্যপ্ৰদেশ আৰু চত্তীশগড়ৰ মাননীয় ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক শ্ৰীযুত অজয় জামোৱাল ডাঙৰীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া উপস্থিত থাকে”।

উল্লেখ্য যে, অসমত অহা বছৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইতিমধ্যে ইয়াৰ বাবে প্ৰতিটো দল-সংগঠন সাজু হৈছে। বিজেপিয়েও নিজৰ স্থিতি মজবুত কৰাৰ বাবে ৰণকৌশল গঠন কৰি হৈছে। এই সকলোবোৰৰ মাজতে আজি বিজেপিৰ জ্য়েষ্ঠ নেতা, বিষয়-ববীয়াসকলৰ সৈতে হোৱা বৈঠকে গুৰুত্ব বহন কৰিছে।

 

 

অন্য খবৰ পঢ়কঃ অসম চুক্তিৰ ৪০ বছৰ সম্পূৰ্ণ! এটা এটাকৈ চৰকাৰৰ দোষ হিচাপে কৰিলে জাতীয় পৰিষদে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব