কোনো কাৰণতে AIUDFৰ সৈতে নহয় মিত্ৰতা, সাম্প্ৰদায়িক আখ্যা দি স্পষ্ট কৰিলে গৌৰৱ গগৈয়ে

এ আই ইউ ডি এফ এটা সাম্প্ৰদায়িক দল। এই আখ্যা দি ২০২৬ চনৰ নিৰ্বাচনত মিত্ৰতা নকৰাৰ কথা স্পষ্ট কৰি দিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।

কোনো কাৰণতে AIUDFৰ সৈতে নহয় মিত্ৰতা, সাম্প্ৰদায়িক আখ্যা দি স্পষ্ট কৰিলে গৌৰৱ গগৈয়ে
Updated On: 

17 Dec 2025 09:30 AM

২০২৬ ত এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা নকৰে কংগ্ৰেছে। এই কথা পুনৰ স্পষ্ট কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। লগতে দলটোক “সাম্প্ৰদায়িক” আখ্যা দিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা নকৰাৰ কথা স্পষ্ট কৰি দিয়ে। গগৈয়ে কয় যে, “কোনো কাৰণতে এআইইউডিএফৰ সৈতে মিত্ৰতা নহ’ব। এ আই ইউ ডি এফ শাসকীয় বিজেপিৰ দৰে সাম্প্ৰদায়িক দল। আমি আন এটা সাম্প্ৰদায়িক শক্তিৰ সৈতে হাত মিলাই এটাক পৰাস্ত কৰিব নোৱাৰো।”

ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিক প্ৰত্যাহ্বান জনাই আগন্তুক বিধানসভা নিৰ্বাচনত এক উমৈহতীয়া মঞ্চত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আঠটা বিৰোধী দল একত্ৰিত হোৱাৰ সময়তে তেওঁৰ এই বক্তব্য প্ৰকাশ কৰিছে। এই দলসমূহৰ ভিতৰত আছে কংগ্ৰেছ, চিপিআই(এম), ৰাইজৰ দল, অসম জাতীয় পৰিষদ (এজেপি), চিপিআই, চিপিআই(এমএল), জাতীয় দল-অসম (জেডিএ), কাৰ্বি আংলঙৰ অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স (এপিএইচএলচি)।

উল্লেখ্য যে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ নেতৃত্বাধীন গ্ৰেণ্ড এলায়েন্সৰ অংশ আছিল এ আই ইউ ডি এফ। ভূপেন কুমাৰ বৰাই অসম কংগ্ৰেছৰ সভাপতি পদ গ্ৰহণ কৰাৰ পিছত এই অংশীদাৰিত্বৰ অন্ত পৰে।

বিৰোধী ঐক্যৰ সন্দৰ্ভত গগৈৰ মন্তব্য

বিৰোধী ঐক্যৰ সন্দৰ্ভত গগৈয়ে কয় যে, মিত্ৰতাৰ আলোচনা অতি সাৱধানে কৰা হয়। তেওঁ কয় যে, এনে বিষয়সমূহ ৰাজহুৱাভাৱে আলোচনা কৰা নহয়, বৰঞ্চ “কেমেৰাৰ বাহিৰৰ আলোচনাৰ জৰিয়তে” আগবঢ়াই নিয়া হয়। তেওঁ লগতে কয়, “আলোচনা সমাপ্ত হোৱাৰ পিছতহে আমি আনুষ্ঠানিকভাৱে মিত্ৰতাৰ সন্দৰ্ভত যিকোনো কথা ক’ব পাৰো।আগন্তুক নিৰ্বাচন বিজেপিৰ বাবে সহজ নহ’ব।”

অহা বছৰৰ মাৰ্চ-এপ্ৰিল মাহত ১২৬খন আসনৰ বাবে অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান বিজেপিৰ ৬৪ গৰাকী বিধায়ক থকাৰ বিপৰীতে ইয়াৰ মিত্ৰ দল-অসম গণ পৰিষদ (অগপ), ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউপিপিএল), আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ)-এ একেলগে ১৯খন আসন দখল কৰি আছে। বিৰোধী শিবিৰত ২৬ জন কংগ্ৰেছ বিধায়ক, এ আই ইউ ডি এফৰ ১৫ জন, চি পি আই (এম)ৰ এজন বিধায়ক আৰু এজন নিৰ্দলীয় বিধায়ক আছে।

বিজেপিৰ তৃণমূল কৰ্মীৰ কোনো লাভ হোৱা নাই

গগৈয়ে দাবী কৰে যে, মন্ত্ৰী আৰু দুই এজন ঘনিষ্ঠ সহযোগীয়ে লাভৱান হ’লেও বিজেপিৰ তৃণমূল কৰ্মীয়ে একো লাভ কৰা নাই। তেওঁ অভিযোগ কৰি কয়, “বিজেপিয়ে ইতিমধ্যে দেখিছে যে বৰ্তমানৰ নেতৃত্বত ইয়াৰ সম্ভাৱনা বৰ ভাল নহয়। বিজেপি কৰ্মীসকলেও উপলব্ধি কৰিছে যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাৰ্থ অনুযায়ী আৰু দুই এজন ঘনিষ্ঠ সহযোগীৰ সৈতে দলটো চলাই আহিছে।”

মিঞা সন্দৰ্ভত কি ক’লে ?

কংগ্ৰেছ মিঞা সমৰ্থক বুলি উত্থাপিত অভিযোগৰ উত্তৰত গগৈয়ে এই অভিযোগক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি খাৰিজ কৰে। তেওঁ কয় যে, অসমক ভাল পোৱা আৰু ইয়াৰ মাটি, বায়ু, পানীক মূল্য দিয়া লোকসকলে এপ্ৰিল মাহৰ পৰা কংগ্ৰেছত যোগদান কৰি আহিছে। তেওঁ আৰু কয় যে, এই সময়ছোৱাত কংগ্ৰেছত যোগদান কৰা ধৰণৰ লোকৰ ওপৰত চকু ফুৰালে এনে অভিযোগ ভিত্তিহীন আৰু হাস্যকৰ বুলি প্ৰমাণিত হয়।

কি কি দিশত নিম পাত ব্যৱহাৰ কৰিব পাৰি ? ইয়াৰ ৬ টা বিশেষ উপকাৰিতা জানক
শীতকালত হিটাৰ কেনেকৈ ব্যৱহাৰ কৰিব? ভুল কৰিলে হ'ব বিপদ!
বাৰে বাৰে গুপ্তাংগৰ খজুৱতিয়ে আমনি কৰিছে নেকি? ই কি ৰোগৰ কাৰণ জানক
এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...