সৰুসজাই ক্রীড়া প্রকল্পৰ নতুন নাম ‘অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প’…

সলনি সৰুসজাই ক্রীড়া প্রকল্পৰ নাম। এতিয়াৰ পৰা জনা যাব অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প নামেৰে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উদ্বোধন কৰে।

সৰুসজাই ক্রীড়া প্রকল্পৰ নতুন নাম অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প...

অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প

Updated On: 

03 Sep 2025 21:27 PM

সলনি হ’ল সৰুসজাই ক্রীড়া প্রকল্পৰ নাম। এতিয়াৰ পৰা সৰুসজাই ক্রীড়া প্রকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স নামেৰে জনা যাব। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে ‘অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প’। এই সময়ত অনুষ্ঠানত উপস্থিত থাকে অৰ্জুন ভোগেশ্বৰ বৰুৱা। উল্লেখ্য যে, আজি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত হয় ৰাজ্যিক ক্ৰীড়া দিৱস। তাতেই অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

ইয়াৰ পাছতে অনুষ্ঠান সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ দিশৰ ওপৰত মন্তব্য প্ৰদান কৰে। অনুষ্ঠানত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। ইয়াৰোপৰি এই অনুষ্ঠানতে প্ৰদান কৰা হয় ২০২৪-২৫ বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বটা। বঁটা প্ৰাপ্ত ২৩ গৰাকীক তৃতীয় বৰ্গৰ চাকৰিত নিযুক্তি পত্ৰও প্ৰদান কৰা হয় এই অনুষ্ঠানত। ইয়াৰ লগতে ২৫ -২৬ বৰ্ষৰ ক্ৰীড়া বটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়।

ইয়াৰোপৰি নিয়মীয়া পেঞ্চন লাভ কৰে অভিষেক বি গগৈ,মহমদ ইকবাল আহমেদে। ইয়াৰ অধীনত তেওঁলোকক প্ৰতিমাহে ১০,০০০ টকাকৈ প্ৰদান কৰা হ’ব। লগতে ৫০,০০০ টকাৰ এককালীন সাহাৰ্য লাভ কৰে কৌশিক থাপ্পাই। এই সময়চোৱাত শৰ্মাই ২০২৫ বৰ্ষৰ সুব্ৰত কাপ বিজয়ী ছোৱালী দলটোক শুভেচ্ছা জ্ঞাপন কৰে। লগতে কয়, সুব্ৰত কাপ জয়ী দলটোৰ প্ৰতিগৰাকী খেলুৱৈক ৫০ হাজাৰকৈ টকা প্ৰদান কৰিব চৰকাৰে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে- “প্ৰসিদ্ধ ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ। যি সময়ত অসমত পেছাদাৰী ক্ৰীড়াৰ বিশেষ অস্তিত্বই নাছিল, তেনে সময়তে এছিয়ান গেমছত স্বর্ণ জয় কৰি অসমৰ ক্ৰীড়াক্ষেত্ৰত সোণালী অধ্যায়ৰ সূচনা কৰা অর্জুন ভোগেশ্বৰ বৰুৱা ৰাজ্যৰ ক্রীড়াবিদসকলৰ বাবে প্ৰেৰণাৰ এক অমল উৎস।

মহান ক্রীড়াবিদগৰাকীৰ অনন্য কৃতি আৰু ৰাজ্যৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে সৰুসজাই ক্রীড়া প্রকল্পক আজি অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প নামেৰে নামকৰণ কৰি আমি ধন্য হৈছোঁ৷ জীৱন্ত অৱস্থাতে এগৰাকী স্বনামধন্য ক্ৰীড়াবিদক জনোৱা যথাৰ্থ সন্মান জনোৱা এই ঐতিহাসিক পদক্ষেপে নিঃসন্দেহে ৰাজ্যৰ নৱ-প্ৰজন্মৰ ক্রীড়া উৎসাহীসকলক যথেষ্ট অনুপ্রাণিত কৰিব।

ক্ৰীড়া দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি আজি ক্ৰীড়া খণ্ডৰ নিযুক্তি-পত্ৰ বিতৰণ, ক্ৰীড়া পেঞ্চন, ৰাজ্যিক ক্ৰীড়া বঁটা, ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ নাম উজলোৱা বহুকেইগৰাকীক খেলুৱৈক আৰ্থিক পুৰস্কাৰ তথা সম্বৰ্ধনা জনোৱাৰ লগতে বহুকেইটা কাৰ্যসূচীও ৰূপায়ণ কৰা হয়” ৷

 

 

অন্য খবৰ পঢ়কঃ কা-ৰ ভিত্তি বৰ্ষৰ ম্যাদ বৃদ্ধিৰ পৰা ভূমিকম্পত ১৪০০ জনৰ মৃত্যুলৈ, দিনটোৰ শীৰ্ষ খবৰ…

দেৱালীৰ সময়ত ধন লাভৰ যোগ আছে ৩ ৰাশিৰ লোকৰ...
পানী খোৱাৰ সময়ত সাৱধান, এনে ভুল কৰিলেই জীৱনলৈ নামিব পাৰে বিপদ
মাহেকীয়াৰ স্ৰাৱৰ দুৰ্গন্ধ ওলাই নেকি? এয়া কি ৰোগৰ সংকেত জানক
১৫ ছেপ্টেম্বৰৰ পাছতেই কপাল ফুলিব এই ৰাশিৰ লোকৰ, জানক...