আপোনাৰ দিনটো আৰম্ভ কৰক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

আপোনাৰ দিনটো আৰম্ভ কৰক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে…
Edited By: 

Raj Saikia | Updated On: 22 Apr 2025 | 01:05 PM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ৰঙালীৰ ৰঙেৰে ৰঙীণ ৰাজ্যবাসী । বসন্তৰ কালৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপে দিছে ৰঙালীৰ বতৰা । আজিৰ গৰু বিহু । কৃষিজীৱী চহা অসমীয়াই পালন কৰিছে গৰু বিহু । পুৱা ভাগতে প্ৰচলিত ৰীতি-নীতিৰে গৰুক গা ধুৱাইছে কৃষিজীৱী অসমীয়া ৰাইজে ।
  2. অসমত তথা উত্তৰ-পূবত হ’ব অমেৰিকাৰ সমতুল্য ৰাষ্ট্ৰীয় ঘাইপথ । দেশৰ ৰাষ্ট্ৰীৰ ঘাইপথ উন্নীতকৰণৰ বাবে ১০ লাখ কোটি টকা বিনিয়োগৰ পৰিকল্পনা কেন্দ্ৰৰ । এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ।
  3. অসমত আদানী গ্ৰুপৰ ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱকলৈ জিৎ আদানীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । এডভান্টেজ আছাম ২.০ ৰ সময়ত অসমৰ বিভিন্ন ক্ষেত্ৰত ৫০ হাজাৰ টকা বিনিয়োগ প্ৰস্তাৱ দিছিল গৌতম আদানীয়ে । এইলৈ মুখ্যমন্ত্ৰী নেতৃত্বত এটা বিষয়ববীয়া দলে আদানী গ্ৰুপৰ সঞ্চালক গৰাকীক সাক্ষাৎ কৰে ।
  4. ৱাকফ(সংশোধনী) আইনৰ তীব্ৰ বিৰোধিতা শিলচৰত । এই আইনৰ বিৰুদ্ধে প্ৰতিবাদকাৰীৰ সমদল । সমদলৰ সময়ত আৰক্ষীলৈ শিল নিক্ষেপৰ অভিযোগ । লাঠীচালনা আৰক্ষীৰ ।
  5. ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত উত্তৰ-পূবৰ প্ৰথমটো ৰব’টিক অস্ত্ৰোপচাৰৰ ব্য়ৱস্থা মুকলি মুখ্য়মন্ত্ৰীৰ । কৰ্কট ৰোগীৰ সুবিধাৰ্থে ৰব’টিক অস্ত্ৰোপচাৰৰ ব্য়ৱস্থা দেওবাৰে মুকলি কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ডিব্ৰুগড়ৃ-শিলচৰতো এই ব্যৱস্থা মুকলি কৰাৰ আশ্বাস মুখ্যমন্ত্ৰী শৰ্মাৰ।
  6. আজি দেশজুৰি পালন কৰা হ’ব আম্বেদকাৰ জয়ন্তী । ‘ভাৰতীয় সংবিধানৰ পিতৃ’ তথা স্বাধীন ভাৰতৰ প্ৰথম আইন মন্ত্ৰী ড০ ভীমৰাও আম্বেদকাৰৰ আজি ১৩৫ সংখ্যক জন্ম বাৰ্ষিকী । ১৮৯১ চনৰ ১৪ এপ্ৰিলত জন্মগ্ৰহণ কৰিছিল ড০ ভীমৰাও আম্বেদকাৰে ।
  7. পূব কংগোত চৰকাৰ আৰু ৰুৱাণ্ডা সমৰ্থিত বিদ্ৰোহীৰ মাজত সংঘাত অব্য়াহত। এসপ্তাহৰ ভিতৰত সংঘটিত হোৱা এই আক্ৰমণৰ সময়ত অঞ্চলটোত কমেও ৫২ জন লোক নিহত। এই সংঘাতত এতিয়ালৈকে প্ৰায় ৩ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় ৭০ লাখ লোক গৃহহীন হৈ পৰিছে।

লগতে জানক লগতে জানক আজি সোমবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...