Assam Congress: ৰিস্ক ল’ব খোজা নাই প্ৰদেশ কংগ্ৰেছে! দলীয় অনুশাসন ভংগৰ অভিযোগত যুটীয়া সচিব শ্বাহনাৱাজ আহমেদক নিলম্বন

নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে যে আহমেদক “দলীয় অনুশাসনহীনতা”ৰ বাবে পৰৱৰ্তী জাননী নিদিয়ালৈকে নিলম্বন কৰা হৈছে। যি কংগ্ৰেছৰ ভাবমূৰ্তি নষ্ট কৰিছিল আৰু দলীয় কৰ্মীসকলৰ মাজত ইচ্ছাকৃতভাৱে ৰাজনৈতিক ঘৃণাৰ সৃষ্টি কৰিছিল।

Assam Congress: ৰিস্ক লব খোজা নাই প্ৰদেশ কংগ্ৰেছে! দলীয় অনুশাসন ভংগৰ অভিযোগত যুটীয়া সচিব শ্বাহনাৱাজ আহমেদক নিলম্বন

শ্বাহনাৱাজক নিলম্বন

Edited By: 

Raj Saikia | Updated On: 07 Jan 2026 | 03:19 PM

চলিত বৰ্ষৰ প্ৰথম ভাগতে অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচন। ইতিমধ্যেই প্ৰতিটো দলেই যুদ্ধগতিত অব্যাহত ৰাখিছে নিৰ্বাচনী কুচকাৱাজ। তাৰ লগতে অব্যাহত আছে বোকা চটিওৱা খেলো। জনসাধাৰণক আকৰ্ষণৰ বাবে শাসক দলে যিদৰে আঁচনি ঘোষণা কৰিছে, সেই একেদৰে বিৰোধীয়ে অন্যায়-অনিয়ম, পুঁজিপতিক বৰপীৰা পাৰি দিয়া, সাম্প্ৰদায়িক বিশৃংখলা সৃষ্টিৰ চেষ্টা কৰা আদি অভিযোগ উত্থাপন কৰিছে বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে।

ইয়াৰ মাজতে কংগ্ৰেছ শিৱিৰৰ পৰা আহিছে এটা খবৰ। নিৰ্বাচনলৈ মাহচেৰেক থকা অৱস্থাত অসম প্ৰদেশ কংগ্ৰেছে দলৰ পৰা নিলম্বন কৰিছে যুটীয়া সচিব শ্বাহনেৱাজ আহমেদক। দলীয় অনুশাসন ভংগ তথা দলৰ ভাবমূৰ্তি নষ্ট কৰাৰ অভিযোগত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হয় শ্বাহনাৱাজক।

অসম প্ৰদেশ কংগ্ৰেছৰ পৰা প্ৰেৰণ কৰা নিৰ্দেশনা পত্ৰখনত উল্লেখ থকা মতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে এই নিলম্বনৰ সিদ্ধান্ত লোৱা হৈছে। নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে যে আহমেদক “দলীয় অনুশাসনহীনতা”ৰ বাবে পৰৱৰ্তী জাননী নিদিয়ালৈকে নিলম্বন কৰা হৈছে। যি কংগ্ৰেছৰ ভাবমূৰ্তি নষ্ট কৰিছিল আৰু দলীয় কৰ্মীসকলৰ মাজত ইচ্ছাকৃতভাৱে ৰাজনৈতিক ঘৃণাৰ সৃষ্টি কৰিছিল।

এ পি চি চিৰ সাধাৰণ সম্পাদক (সংগঠন) বিপুল গগৈৰ স্বাক্ষৰিত এই নিৰ্দেশত পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে নিলম্বন বলবৎ থাকিব বুলি উল্লেখ কৰিছে। এই নিৰ্দেশৰ প্ৰতিলিপি অসম কংগ্ৰেছৰ প্ৰভাৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, এ পি চি চিৰ সভাপতি গৌৰৱ গগৈ, জ্যেষ্ঠ নেতা দেবাব্ৰত শইকীয়া, অসমৰ দায়িত্বত থকা এ আই চি চিৰ সচিব, এ পি চি চিৰ কাৰ্যবাহী সভাপতি আৰু ৰাজ্যৰ সকলো আই চি চিৰ সাংসদ-বিধায়ককে ধৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাসকললৈ প্ৰেৰণ কৰা হয়।

ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিঘটনাৰ পূৰ্বে সাংগঠনিক প্ৰত্যাহ্বানৰ মাজতে দলীয় নেতৃত্বই আভ্যন্তৰীণ অনুশাসন বলবৎ কৰাৰ প্ৰচেষ্টাক এই নিলম্বনে প্ৰতিফলিত কৰিছে। এই সন্দৰ্ভত অৱশ্যে বৰ্তমানলৈকে শ্বাহনাৱাজ আহমেদৰ পৰা কোনো তাৎক্ষণিক সঁহাৰি পোৱা নাই।

জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
শীতকালত কোনসকল লোকে দৈ খোৱাটো অনুচিত, খোৱাৰ পূৰ্বে জানি লওক...
শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ'লে কি ৫টা লক্ষণে দেখা দিয়ে? জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ