অসমীয়াৰ প্ৰাণৰ শিল্পীলৈ আমুলৰ শ্ৰদ্ধাঃ জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদনেৰে প্ৰকাশ কৰিলে এই বিশেষ কাৰ্টুন
আনন্দ-বিৰহ-ব্যথা এই সকলো অনুভৱৰ ক্ষণকে জীয়াই তোলা প্ৰিয় শিল্পীগৰাকীৰ শেষ যাত্ৰাৰ অংশীদাৰ হ’বলৈ হিল-দ'ল ভাঙি ওলাই আহিছে লক্ষ লক্ষ জনতা। প্ৰখ্যাত ডেইৰী কোম্পানী আমুলেও এই কিংবদন্তি শিল্পীগৰাকীলৈ জনাইছে শ্ৰদ্ধা।

জুবিন গাৰ্গলৈ আমুলৰ শ্ৰদ্ধা
সমগ্ৰ ৰাজ্যত শেহতীয়া তিনিদিন ধৰি কেৱল শোকৰ লহৰ। চৌদিশে মাথোঁ অসমীয়াৰ চকুলো। জুবিনৰ গান, জুবিন বন্দনাৰ বাদে চৌদিশে কেৱল নিস্তব্ধতা। তিনি দশতকতকৈও অধিক সময় অসম তথা অসমীয়াৰ হৃদয় জাগ্ৰত কৰি তোলা জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনাই উচুপি উঠিছে সকলোৱে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অসমীয়া জনসাধাৰণক নিজৰ সৃষ্টিৰ মায়াত আৱদ্ধ কৰি ৰখা প্ৰিয় শিল্পীগৰাকীক অন্তিম শ্ৰদ্ধা জনাই তেওঁৰ পূৰ্ব ইচ্ছা অনুসাৰেই ৰাজ্যৰ কেওদিশে ধ্বনিত হৈছে ‘মায়াবিনী’ৰ সুৰ।
যোৱা শুকুৰবাৰে ছিংগাপুৰত অকাল মৃত্যুক সাবটি লৈছিল অসমীয়াৰ এই প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ছিংগাপুৰলৈ যোৱা জুবিনে বিদেশৰ মাটিতে ল’লে অন্তিম নিশ্বাস। স্বভূমিলৈ আৰু কায়িকভাৱে ঘূৰি নাহিল চিৰপৰিচিত হাস্যমুখৰ জুবিন গাৰ্গ।
আজি পুৱা জুবিন গাৰ্গৰ নিঠৰ দেহ গুৱাহাটীত উপস্থিত হয়। হিয়াৰ আমঠু জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনাবলৈ আজি মহানগৰীত সৃষ্টি হয় জনশ্ৰোত। বিমান বন্দৰৰ পৰা প্ৰথমে কাহিলিপাৰাৰ নিজা বাসগৃহলৈ নিয়াৰ পিছত ৰাজহুৱা শ্ৰদ্ধাঞ্জনিৰ বাবে জুবিন গাৰ্গৰ নিঠৰ দেহ লৈ যোৱা হয় সৰুসজাই ষ্টেডিয়ামলৈ।
আনন্দ-বিৰহ-ব্যথা এই সকলো অনুভৱৰ ক্ষণকে জীয়াই তোলা প্ৰিয় শিল্পীগৰাকীৰ শেষ যাত্ৰাৰ অংশীদাৰ হ’বলৈ হিল-দ’ল ভাঙি ওলাই আহিছে লক্ষ লক্ষ জনতা। অসমীয়া সমাজ-জীৱনৰ এক অবিচ্ছেদ্য অংশস্বৰূপ হৈ পৰা জুবিন গাৰ্গৰ প্ৰতি প্ৰতিগৰাকী লোকৰ হৃদয়ৰ নিভৃত কোণৰ পৰা ওলাই আহিছে শ্ৰদ্ধাৰ্ঘ।
প্ৰখ্যাত ডেইৰী কোম্পানী আমুলেও এই কিংবদন্তি শিল্পীগৰাকীলৈ জনাইছে শ্ৰদ্ধা। এক কাৰ্টুন যোগে কোম্পানীটোৱে জুবিন গাৰ্গৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে। কাৰ্টুনৰ কাষতে আমুলে লিখিছে, “Bin Tere, Tere Bin”। আমুলৰ এই পোষ্টটোৰ কমেণ্ট বক্সত দেখা গৈছে জুবিন গাৰ্গৰ প্ৰতি জনতাৰ সন্মান।