গৌৰৱ গগৈক টাৰ্গেট ! ৫ টা ডাঙৰ মন্তব্যৰে ২৬ ৰ ৰণ শিঙা বজালে অমিত শ্বাহে… কি কি ক’লে?

পঞ্চায়ত প্ৰতিনিধিৰ সমাৱেশৰ ভাষণত অমিত শ্বাহে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। একে সময়তে বিৰোধীক টাৰ্গেট কৰি ২৬ ৰ ৰণ শিঙা বজাই শ্বাহে। বিৰোধীক লক্ষ্য কৰি অমিত শ্বাহে কি কি ক'লে? পঢ়ক

গৌৰৱ গগৈক টাৰ্গেট ! ৫ টা ডাঙৰ মন্তব্যৰে ২৬ ৰ ৰণ শিঙা বজালে অমিত শ্বাহে... কি কি কলে?

অমিত শ্বাহ

Published: 

29 Aug 2025 | 04:40 PM

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শুকুৰবাৰে দিনটোত প্ৰথমে ৰাজভৱনৰ নৱনিৰ্মাণিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ইয়াৰ পাছতে তেওঁ পঞ্চায়ত প্ৰতিনিধিৰ সমাৱেশত অংশগ্ৰহণ কৰে। ভাষণত তেওঁ বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। একে সময়তে বিৰোধীক টাৰ্গেট কৰি ২৬ ৰ ৰণ শিঙা বজাই শ্বাহে। বিৰোধীক লক্ষ্য কৰি অমিত শ্বাহে কি কি ক’লে? পঢ়ক

বিৰোধীক লক্ষ্য অমিত শ্বাহৰ

  1. অমিত শ্বাহে ভাষণত বিৰোধীক লক্ষ্য কৰি কয় যে, দূৰবীণ(binocular) লৈয়ো অসমৰ পঞ্চায়তত কংগ্ৰেছক বিচাৰি নাপাব। শেহতীয়াকৈ অনুষ্ঠিত ৰাজ্যৰ পঞ্চালয়ত নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী শক্তিশালী বিজয়ক আলোকপাত কৰে অমিত শ্বাহে।
  2. শেহতীয়াকৈ ৰাজ্যখনত বহু চৰ্চিত অনুপ্ৰৱেশকাৰী বিষয়টোৱেও অমিত শ্বাহৰ ভাষণত স্থান লাভ কৰে। ভাষণত তেওঁ দাবী কৰে যে,সমগ্ৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰি বৈষ্ণৱী মঠৰ পবিত্ৰতা পুনৰ ঘূৰাই আনিলে বিজেপিয়ে।
  3. তৃতীয়তে তেওঁ বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযানক আলোকপাত কৰে। সমান্তৰালভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কটাক্ষ কৰে অমিত শ্বাহে। তেওঁ দাবী কৰে যে, কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিৰোধিতাৰ সত্ত্বেও অসম চৰকাৰে অনুপ্ৰৱেশকাৰীয়ে বেদখল কৰা ১,২৯,৫৪৮ একৰ মাটি মুক্ত কৰিলে।
  4. “মোদী চৰকাৰে অপৰিসীম উন্নয়মূলক কাম-কাজ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰবাহ ৰাজ্যৰ প্ৰতিটো ঘৰলৈ লৈ গৈছে। ইয়াৰ ভিত্তিতে অহা বছৰৰ বিধানসভা নিৰ্বাচনত অসমত একেৰাহে ৩য় বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে।” এইদৰে কয় অমিত শ্বাহে।
  5. বিৰোধী কংগ্ৰেছক সমালোচনা কৰি শ্বাহে কয় যে, অনুপ্ৰৱেশকাৰীৰ প্ৰতি সহানুভূতিশীল আৰু বেদখলক উৎসাহিত কৰা লোকে অসমক প্ৰতিনিধিত্ব কৰিব নোৱাৰে। গৌৰৱ গগৈক কটাক্ষ কৰি শ্বাহে কয় যে, “সঘনাই পাকিস্তান ভ্ৰমণ কৰা লোকে কেতিয়াও অসমক নেতৃত্ব দিব নোৱাৰে।”
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব