যোৰহাটত ভয়াবহভাৱে বৃদ্ধি HIV ৰ সংক্ৰমণ, বেছি সংখ্যক মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী…!

জিলাখনত ৰোগীৰ সংখ্যা বৰ্তমান ২১০৩ জন। উদ্বেগজনক কথাটো হ'ল HIV ত আক্ৰান্ত বেছি সংখ্যক ৰোগী হৈছে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত পঢ়ি থকা ড্ৰাগছ আসক্ত ছাত্র-ছাত্ৰী ।

যোৰহাটত ভয়াবহভাৱে বৃদ্ধি HIV ৰ সংক্ৰমণ, বেছি সংখ্যক মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী...!

যোৰহাটত বৃদ্ধি পাইছে HIV সংক্ৰমণ

Published: 

22 Aug 2025 19:43 PM

যোৰহাটত ভয়াবহভাৱে বৃদ্ধি পাইছে HIV ৰ সংক্ৰমণ। ইয়াৰ সংক্ৰমণৰ হাৰে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে জিলাখনত। জনা গৈছে যে, HIV ত আক্ৰান্ত অধিকাংশই হৈছে যুৱক-যুৱতী। বেছিভাগ ড্ৰাগছ আসক্ত যুৱক-যুৱতীয়ে HIV ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

এ আৰ টি কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ মিৰাণ্ডা দত্তই জানিবলৈ দিয়া মতে, জিলাখনত ৰোগীৰ সংখ্যা বৰ্তমান ২১০৩ জন। তেওঁ জানিবলৈ দিয়া মতে, উদ্বেগজনক কথাটো হ’ল HIV ত আক্ৰান্ত বেছি সংখ্যক ৰোগী হৈছে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত পঢ়ি থকা ড্ৰাগছ আসক্ত ছাত্র-ছাত্ৰী । জানুৱাৰী মাহৰ পৰা এই পৰ্যন্ত জিলাখনত HIV আক্ৰান্ত সংখ্যা হৈছেগৈ দুই শতাধিককৈও অধিক।

তেওঁ কয় যে, সাধাৰণতে চাৰিটা কাৰণত HIV সংক্ৰমণ বৃদ্ধি পাইছে। সেই কাৰণ কেইটা হৈছে-অসুৰক্ষিত যৌন সংগম, সংক্ৰমিক বেজী ব্যৱহাৰ,ব্লাড হস্তান্তৰ আৰু জন্ম বা স্তনপানৰ সময়ত মাতৃৰ পৰা শিশুলৈ বিয়পে। তেওঁ দাবী কৰে যে, একেটা বেজীৰ জৰিয়তে ড্ৰাগছ গ্ৰহণৰ ফলত অধিকাংশ যুৱক-যুৱতী HIV আক্ৰান্ত হৈছে। আক্ৰান্ত বেছি সংখ্যক ৰোগী একেবাৰে কম বয়সীয়া।

সংক্ৰমণ ৰোধ কৰাৰ বাবে মহাবিদ্যালয়সমূহত বিভাগৰ ফালৰ পৰা সজাগতা সৃষ্টিৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। একেদৰে জেলত বন্দী হৈ থকা HIV আক্ৰান্ত ড্ৰাগছ আসক্ত কয়দীৰ ক্ষেত্ৰতো চিকিৎসাকে ধৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে বিষয়াগৰাকীয়ে।

নতুন আধাৰ কাৰ্ডৰ বাবে অনলাইন আবেদন কেনেকৈ কৰিব? সম্পূৰ্ণ প্ৰক্ৰিয়া জানক
Astrology: শনিৰ কোপদৃষ্টিৰ পৰা পাব পৰিত্ৰাণ, নকৰিব এই ভুল!
ঘৰত পঁইতাচোৰাৰ সমস্যাই অশান্তি দিছে নেকি আপোনাক, এনে ঘৰুৱা উপায়েৰে পাব সকাহ
HIV সংক্ৰমণৰ প্ৰাৰম্ভিক পৰ্যায়ত কেনেকুৱা ধৰণৰ লক্ষণে দেখা দিয়ে ? জানক