হিটলাৰৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কি মিল বিচাৰি পাইছে অখিল গগৈয়ে! ভিডিঅ’ বাৰ্তা যোগে কৰিলে এনে দাবী

মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ফেচবুকত এক ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰিছে অখিল গগৈয়ে। এই ভিডিঅ’ বাৰ্তাটোত অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ নাকচ কৰি তেওঁ কেতিয়াও উন্মাদনাৰ সৃষ্টি কৰা নাই তথা মুখ্যমন্ত্ৰীক নতি স্বীকাৰ কৰিবলৈ কোৱা নাই বুলি উল্লেখ কৰে।

হিটলাৰৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কি মিল বিচাৰি পাইছে অখিল গগৈয়ে! ভিডিঅ’ বাৰ্তা যোগে কৰিলে এনে দাবী

মুখ্যমন্ত্ৰীক সমালোচনা অখিল গগৈৰ

Updated On: 

23 Oct 2025 20:43 PM

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সম্প্ৰতি অব্যাহত আছে ন্যায়ৰ দাবী। এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তোলাৰ লগতে উপযুক্ত ন্যায়ৰ দাবী তুলি ৰাজ্যবাসীয়ে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ইফালে ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ ৰাজনীতিত বাদ-বিবাদৰো এক পৰিস্থিতি গঢ় লৈ উঠিছে। আজি এই বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লৈছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

আজি সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জবিন গাৰ্গ প্ৰসঙ্গত বহুকেইটা মন্তব্য কৰিছিল। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত উন্মাদনাৰ সৃষ্টি কৰি বিজেপি চৰকাৰক শিৰনত কৰিব নোৱাৰে বুলি হুংকাৰ দি হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ অখিল গগৈৰ নাম উল্লেখ কৰিছিল।

মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ফেচবুকত এক ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰিছে অখিল গগৈয়ে। এই ভিডিঅ’ বাৰ্তাটোত অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ নাকচ কৰি তেওঁ কেতিয়াও উন্মাদনাৰ সৃষ্টি কৰা নাই তথা মুখ্যমন্ত্ৰীক নতি স্বীকাৰ কৰিবলৈ কোৱা নাই বুলি উল্লেখ কৰে।

এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপপ্ৰচাৰ কৰা বুলি দাবী কৰি অখিল গগৈয়ে লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবী যদি উন্মাদনা আখ্যা দিলেও মুখ্যমন্ত্ৰীৰ আচৰণতহে উন্মাদনা পৰিলক্ষিত হৈছে বুলি দাবী কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মুখ্যমন্ত্ৰীয়ে আস্ফালন কৰি কিছুমান কথা লুকুৱাবলৈ চেষ্টা কৰা যেন অনুভৱ হোৱা বুলিও দাবী কৰে অখিল গগৈয়ে।

অসমৰ সকলো জনতাই এতিয়া কেৱল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ যথোপযুক্ত তদন্ত বিচাৰে বুলি উল্লেখ কৰি অখিল গগৈয়ে লগতে বৰ্তমানৰ তদন্তত সন্তুষ্ট নহয় বুলিও মন্তব্য কৰে। অসমৰ প্ৰিয় শিল্পীগৰাকীৰ বাবে যদি ন্যায়ৰ দাবী তোলাটো উন্মাদনা বুলি গণ্য কৰা হয়, তেতিয়া মুখ্যমন্ত্ৰীয়ে শাসন চলোৱাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলোৱা বুলিও অখিল গগৈযে দাবী কৰে।

ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া এখন গণতান্ত্ৰিক দেশৰ শাসকৰ বিপৰীতে নিজকে ৰজা বুলি ভাবিবলৈ লৈছে বুলিও অভিযোগ কৰে। তদুপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ প্ৰচাৰসমূহ এতিয়া হিটলাৰৰ প্ৰচাৰৰ দৰে হৈ পৰা বুলিও অখিল গগৈয়ে গুৰুতৰ অভিযোগ কৰিছে।

হিটলাৰে গোৱেবলছ তথা সংবাদ মাধ্যমসমূহক হস্তগত কৰি অপপ্ৰচাৰ কৰাৰ দৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো জুবিন গাৰ্গৰ ক্ষেত্ৰত অপপ্ৰচাৰ চলোৱাৰ লগতে উন্মাদনাৰ সৃষ্টি কৰিব বিচাৰিছে বুলি দাবী কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। ইমানেই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিটলাৰৰ দৰে আচৰণ কৰিবলৈ লৈছে বুলিও অখিল গগৈয়ে দাবী কৰিছে।

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কি খাব লাগে? জানিলে দূৰ হ’ব মনৰ শংকা
এডিলেইডত বিশ্ব অভিলেখ গঢ়িলে ৰোহিতে, পিছ পৰিল পাকিস্তানৰ এইগৰাকী তাৰকা
বাৰে বাৰে কাহ হৈ থাকে নেকি? কি ৰোগৰ লক্ষণ, জানক...
পুৱাৰ সময়ত মূৰৰ বিষ হয় নেকি? জানক ইয়াৰ কাৰণ...