Advantage Assam 2: বিয়লি অসম পাবহি প্ৰধানমন্ত্ৰী; ঝুমুৰ অনুষ্ঠানৰ উপভোগৰ পৰা এডভান্টেজ অসম উদ্বোধনলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী চাওক

আজি অসমত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ লগতে এডভান্টেজ অসম ২.০ অনুষ্ঠানতো অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে । প্ৰধানমন্ত্ৰীৰ লগতে আৰু কোন কোন থাকিব এই অনুষ্ঠানত ? চাওক সবিশেষ-

Advantage Assam 2: বিয়লি অসম পাবহি প্ৰধানমন্ত্ৰী; ঝুমুৰ অনুষ্ঠানৰ উপভোগৰ পৰা এডভান্টেজ অসম উদ্বোধনলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী চাওক

প্ৰতীকী ছবি

Published: 

24 Feb 2025 | 01:45 PM

দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাক মুহূৰ্তত কটকটীয়া কৰি তোলা হৈছে ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা । বিশেষ সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা এ এন আয়ে প্ৰকাশ কৰিছে এই কথা । বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীস মোতায়েন কৰা হৈছে ৰাজধানী মহানগৰী দিছপুৰত ।

সোমবাৰে বিয়লি প্ৰায় ৫ বজাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তাৰ পৰা সমদলযোগে প্ৰধানমন্ত্ৰীক আদৰি নিয়া হ’ব সৰুসজাই ষ্টেডিয়ামলৈ । তাতেই প্ৰধানমন্ত্ৰীয়ে বিদেশমন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰায় ৬০ খন বিদেশী ৰাষ্ট্ৰৰ পৰা অহা প্ৰতিনিধিৰ সৈতে উপভোগ কৰিব “ঝুমইৰ বিনন্দিনী” অনুষ্ঠান । উল্লেখ্য যে ৰাজ্যৰ প্ৰায় ৮০০ চাহ বাগিচাৰ পৰা অহা কমেও ৮৬০০ শিল্পীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব সৰুসজাই ষ্টেডিয়ামত ।

তাৰ পাছতেই প্ৰধানমন্ত্ৰীৰ কনভয় ৰাওনা হ’ব খানাপাৰা অভিমুখে । এডভান্টেজ অসম ২.০ ৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এখন প্ৰদৰ্শনী মুকলি কৰিব ।

মঙলবাৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব এডভান্টেজ অসম ২.০ অনুষ্ঠানৰ । কেবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, উদ্যোগপতি, অভিযানৰ মুৰব্বী, বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে এই বিশাল বিনিয়োগ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

এডভান্টেজ অসমৰ প্ৰথমটো অনুষ্ঠানৰ সফলতাৰ পাছত অসম চৰকাৰে ইয়াৰ দ্বিতীয়টো সংস্কৰণ আয়োজনৰ দিশে আগবঢ়িছে । মঙলবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব এই অনুষ্ঠান । অসম চৰকাৰৰ পৰা লাভ কৰা তথ্য মতে, বৰ্তমানলৈকে ১ লাখ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে চৰকাৰখনে । এই পৰিমাণ বৃদ্ধি পাব বুলি আশা কৰা হৈছে ।

বিদেশমন্ত্ৰী এছ জয়শংকৰ আৰু ৬০ দেশৰ প্ৰতিনিধি ইতিমধ্যেই অসমত উপস্থিত হৈছে । আজি পুৱা তেওঁলোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দৰ্য উপভোগ কৰে । বিয়লিলৈ গুৱাহাটীত ঝুমইৰ বিনন্দীয়া অনুষ্ঠান উপভোগ কৰিব তেওঁলোকে ।

অসমৰ মুখ্যমন্ত্ৰীয় হিমন্ত বিশ্ব শৰ্মাই কয় যে এই অনুষ্ঠানে অসমৰ ৰেহৰূপ সম্পূৰ্ণ ৰূপে সলনি কৰিব ।

“এডভান্টেজ অসম ২.০ অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব এই অনুষ্ঠানৰ । কেবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, ৰাষ্ট্ৰদূত, দেশ-বিদেশৰ বিনিয়োগকাৰীয়ে ইয়াত অংশ ল’ব । বৰ্তমানলৈকে আমি ১ লাখ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছোঁ । ইয়াক কিদৰে কাৰ্যকৰী কৰিব পাৰি দেখা যাওক ।” মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...