জুবিন গাৰ্গৰ মৃত্যু তদন্ত সন্দর্ভত SIT ৰ আলোচনাত অংশগ্ৰহণ নকৰে আছুই…
AASU: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SIT ৰ সৈতে আলোচনাত অংশগ্ৰহণ নকৰে আছুই। এক প্ৰেছ বিবৃতিযোগে এই কথা ঘোষণা কৰে সংগঠনটোয়ে। লগতে ৰাহুল গৌতম শৰ্মাইও আলোচনাত অংশ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয়।

আছু
জুবিন গাৰ্গৰ মৃত্যু তদন্ত সন্দর্ভত SIT ৰ আলোচনাত অংশগ্ৰহণ নকৰে সদৌ অসম ছাত্ৰ সন্থাই। এই সন্দৰ্ভত আছুই এক প্ৰেছ বিবৃতি জাৰি কৰে। মন কৰিবলগীয়া যে, SIT য়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত ১৫ গৰাকী ব্যক্তিক আলোচনাৰ বাবে আহ্বান জনাইছিল। বিভিন্নজনৰ সৈতে এই তালিকাত নাম আছিল আছুৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ। কিন্তু এতিয়া এই আলোচনাত অংশ নলয় আছুই। ছাত্ৰ সন্থাই গৌহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু বিশিষ্ট আইনজ্ঞৰ পৰামৰ্শক্রমে এই সিদ্ধান্ত গ্রহণ কৰিছে।
SIT-ৰ মুৰব্বী শ্ৰীমুন্না প্রসাদ গুপ্তালৈ এই সন্দৰ্ভত প্ৰেৰণ কৰা চিঠিত আছুই কয় যে, টটপ্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ন্যায় বিচাৰি সমগ্ৰ অসমৰ জনসাধাৰণে SIT ৰ মুখলৈ বাট চাই আছে। ছাত্র সন্থায়ো নিজৰ মত স্পষ্টভাৱে প্রকাশ কৰি আহিছে যে জুবিন গাগে ন্যায় পাবই লাগিব। প্ৰাণৰ শিল্পীগৰাকীৰ অস্বাভাৱিক মৃত্যু সন্দর্ভত ক্ষিপ্র, পানী নসৰকা তদন্ত হ’ব লাগিব। SIT-এ সাক্ষ্য-প্রমাণসহ এনে এখন কটকটীয়া চার্জশ্বীট প্রস্তুত কৰক যাতে আইনৰ সুৰুঙাৰে দোষী সাৰি যাব নোৱাৰে। দোষীয়ে কঠোৰতম দৃষ্টান্তমূলক শাস্তি পাবই লাগিব।
SIT এ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আলোচনা কৰিবলৈ ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক আৰু মুখ্য উপদেষ্টাক আমন্ত্রণ কৰিছে। আন কেইবাগৰাকীও ব্যক্তিক এই আলোচনালৈ আমন্ত্রণ জনোৱা বুলি সংবাদ মাধ্যমৰ জৰিয়তে ছাত্ৰ সন্থা অৱগত হৈছে।
ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰেপৰা শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, শেখৰ গোস্বামী প্ৰমুখ্যে দোষীসকলৰ কঠোৰ শাস্তিৰ দাবী জনাই আহিছে। প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ সংগ্ৰামখনত ছাত্ৰ সন্থা জুবিন গাৰ্গৰ পক্ষত। তেনে প্রেক্ষাপটত SIT-ৰ তদন্ত প্রক্রিয়া সন্দৰ্ভত ছাত্র সন্থা আলোচনাত মিলিত হ’লে দোষীৰ পক্ষই আদালতত তদন্তৰ নিৰপেক্ষতাক লৈ প্রশ্ন তুলিব পাৰে। আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ অজুহাত বিচাৰিব পাৰে। সেই সুযোগ জাতীয় শত্রুসকলক দিয়াৰ প্রশ্নই আহিব নোৱাৰে। সেয়েহে SIT-ৰ আমন্ত্রণক্রমে আলোচনাত অংশ লোৱাৰ পৰা বিৰত থাকিবলৈ ছাত্র সন্থাই সিদ্ধান্ত গ্রহণ কৰিছে”।
ইয়াৰ বিপৰীতে এই আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল জুবিন গাৰ্গৰ ঘনিষ্ঠ ৰাহুল গৌতম শৰ্মাক। কিন্তু ৰাহুলেও এই আহ্বন নাকচ কৰি সামাজিক মাধ্যমত ন্যায়ৰ দাবী জনায়।
অন্য খবৰ পঢ়কঃ অমৃতপ্ৰভাই কৰিছিল ডিলিট! SIT য়ে লাভ কৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ শেষৰটো ভিডিঅ’…