অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্তক নামানে আছুৱে, ৰাজ্যজুৰি প্ৰতিবাদ

মুছলমান ধৰ্মীয় সংখ্যালঘুসকলক বাদ দি বাংলাদেশৰ পৰা অহা হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, জৈন, আৰু শিখ অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ পৰিকল্পনা কৰা বুলি ওলোৱা খবৰৰ বিৰুদ্ধে আছুৱে তীব্ৰ আপত্তি প্ৰকাশ কৰিছে।

অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্তক নামানে আছুৱে, ৰাজ্যজুৰি প্ৰতিবাদ

আছুৰ প্ৰতিবাদ

Published: 

08 Aug 2025 18:19 PM

অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ অভিযোগৰ বিৰোধিতা কৰি আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। আছুৰ বঙাইগাঁও জিলা সমিতিৰ নেতৃত্বত চৰকাৰ বিৰোধী শ্লোগান প্ৰদান কৰি পৰিস্থিতি উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে।

মুছলমান ধৰ্মীয় সংখ্যালঘুসকলক বাদ দি বাংলাদেশৰ পৰা অহা হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, জৈন, আৰু শিখ অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ পৰিকল্পনা কৰা বুলি ওলোৱা খবৰৰ বিৰুদ্ধে আছুৱে তীব্ৰ আপত্তি প্ৰকাশ কৰিছে। এনে পদক্ষেপে অসম চুক্তিৰ প্ৰত্যক্ষ উলংঘা কৰি অসমৰ সাংস্কৃতিক আৰু জনগাঁথনিগত পৰিচয়ক ভেঙুচালি কৰা বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে।

প্ৰতিবাদৰ অংশ হিচাপে আছুৰ কৰ্মীসকলে অসম চৰকাৰে ৰাজ্যৰ কিছু অংশত নাগৰিকত্ব সংশোধনী আইন (কা) কাৰ্যকৰী কৰাৰ অভিযোগ উত্থাপন কৰি চৰকাৰী নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰে। গুৱাহাটীতো ছহিদ ন্যাসৰ সমুখত প্ৰতিবাদ দেখা যায় আছু কৰ্মীৰ।

এই সন্দৰ্ভত আছুৰ সভাপতি উৎপল শৰ্মাই কয়, “অসম চৰকাৰৰ নিৰ্দেশনা আমি বিৰোধিতা কৰিছো। সমগ্ৰ অসমত ইয়াৰ প্ৰতিলিপি দাহ কৰা হৈছে ৷ এয়া CAA কাৰ্যকৰী কৰাৰ কুচকাৱাজ। খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে নহয়, বিজেপিৰ ভোট বেংক সুৰক্ষাৰ স্বাৰ্থতহে হিমন্ত বিশ্ব শৰ্মা ব্যস্ত। খিলঞ্জীয়াৰ সুৰক্ষাকলৈ হিমন্ত বিশ্ব শৰ্মা চিন্তিত নহয় ৷”

“আন্তঃৰাজ্যিক পাৰপত্ৰ থকা উত্তৰ-পূবৰ ৰাজ্য আৰু ষষ্ঠ অনুসূচীৰ ৰাজ্যক CAA ৰ আওতাৰ পৰা বাহিৰ কৰি অসমত বলৱৎ কৰিব খুজিছে চৰকাৰে। অসমত CAA আন্দোলন কৰি থকাৰ সময়ত সৰ্বানন্দ সোণোৱাল আৰু হিমন্তবিশ্ব শৰ্মাৰ মাজত প্ৰতিযোগিতা চলি থাকিল। দুয়োৰে মাজত যুঁজ চলিল কোনে দিল্লীক বেছি পদলেহন কৰিব পাৰে। তেওঁলোকৰ যুঁজত কোন হাৰিল কোন জিকিল সেয়া পাচৰ কথা কিন্তু অসমীয়া জাতিটো হাৰি থাকিল ৷ আন্তঃৰাজ্যিক পাৰপত্ৰ থকা ৰাজ্যৰ বাবে যদি CAA বেয়া তেন্তে অসমৰ বাবে কেনেকৈ ভাল হ’ল? এয়া আচৰিত সিদ্ধান্ত।” উৎপল শৰ্মাই কয়।

বিদেশীক উসমত পুখুৰী পাৰ খেলিবলৈ মাতিছে নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে নিৰ্বাচন জিকা মানে এইটো নহয় যে অসমীয়া মানুহে CAA মানি লৈছে। আৰক্ষীৰ অত্যাচাৰ আৰু দমন অসমীয়াই পাহৰা নাই। অবৈধ বিদেশী বহিষ্কাৰ আৰু সমগ্ৰ দেশতে কা বলৱৎ কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই ১৮ আগষ্টত প্ৰতিবাদী কাৰ্যসূচীৰ গ্ৰহণ কৰিব। ধৰ্মৰ ভিত্তিত বিদেশীক ভাগ ভাগ কৰা নীতিক অসমীয়াই মানি নলয় ৷ বেদখলকাৰীৰ উচ্ছেদ প্ৰক্ৰিয়াত আছুৰ কোনো সদস্যক আইন হাতত তুলি নলবলৈও আহ্বান জনায় আছুৰ সভাপতিগৰাকীয়ে।

দুপৰীয়া বা নিশা আহাৰ খোৱাৰ পিছত চাহ খায় নেকি? জানেনে আপোনাৰ শৰীৰত কেনে প্ৰভাৱ পৰিব পাৰে?
ধনেৰে ভৰিব আপোনাৰ ঘৰ, মাথোঁ জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এইসমূহ সামগ্ৰী
ভাৰতীয়সকলে কিয় থাইলেণ্ড ভ্ৰমণ কৰি ভাল পায়? ৫টা ডাঙৰ কাৰণ প্ৰকাশ
ভাৰতীয় জাতীয় পতাকাৰ তিনিটা ৰঙৰ প্ৰকৃত অৰ্থ কি? জানোঁ আহক...