ৰিয়ান পৰাগৰ ভৰি স্পৰ্শ কৰিবলৈ অনুৰাগীক দিয়া হৈছিল নেকি ১০ হাজাৰ টকা? আকাশ চোপ্ৰাই ক’লে এইদৰে…

আইপিএল ২০২৫ৰ ষষ্ঠখন খেলত এজন অনুৰাগীয়ে নিৰাপত্তাৰ বেহু ফালি গুৱাহাটীৰ বৰ্ষাপাৰাৰ খেলপথাৰত প্ৰৱেশ কৰিছিল। অনুৰাগীজনে ৰাজস্থান ৰয়েলছৰ ষ্টেণ্ড-ইন অধিনায়ক ৰিয়ান পৰাগৰ ভৰি স্পৰ্শ কৰা দেখা গৈছিল। কিন্তু এই ঘটনাৰ পিছত ৰিয়ান পৰাগক লৈ উত্থাপন হৈছে ডাঙৰ অভিযোগ। এতিয়া বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আকাশ চোপ্ৰাই।

ৰিয়ান পৰাগৰ ভৰি স্পৰ্শ কৰিবলৈ অনুৰাগীক দিয়া হৈছিল নেকি ১০ হাজাৰ টকা? আকাশ চোপ্ৰাই কলে এইদৰে...

ৰিয়ান পৰাগ

Published: 

28 Mar 2025 | 01:39 PM

আইপিএল ২০২৫ৰ ষষ্ঠখন মেচ ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। খেলখন চলি থকা সময়তে এজন অনুৰাগীয়ে খেলপথাৰত প্ৰৱেশ কৰে। তেতিয়া ৰাজস্থান ৰয়েলছৰ ষ্টেণ্ড ইন অধিনায়ক ৰিয়ান পৰাগে বলিং কৰি আছিল। এই অনুৰাগীজন পোনে পোনে ৰিয়ান পৰাগৰ ওচৰলৈ গৈছিল আৰু তেওঁৰ ভৰি স্পৰ্শ কৰি সাৱটি ধৰিছিল। ইয়াৰ পিছতে নিৰাপত্তাৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি অনুৰাগীজনক খেলপথাৰৰ পৰা উলিয়াই আনে। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত।

এটা বিখ্যাত মিডিয়া হাউছে এই খবৰটো আন এটা দিশতহে উপস্থাপন কৰিছিল। য’ত দাবী কৰা হৈছিল যে, ৰিয়ান পৰাগে এই অনুৰাগীজনক তেওঁৰ ভৰি স্পৰ্শ কৰিবলৈ ১০ হাজাৰ টকা দিছিল। এতিয়া এই মিডিয়া হাউছক এনে বাতৰি লিখাৰ বাবে তীব্ৰ গৰিহণা দিছে ভাৰতীয় প্ৰাক্তন বেটছমেন আকাশ চোপ্ৰাই।

আকাশ চোপ্ৰাই তীব্ৰ সমালোচনা কৰিছে এনে ক্লিকবেট সাংবাদিকতাক। ইয়াৰ উপৰিও তেওঁ ক্ৰীড়া সংবাদ মাধ্যমত অধিক দায়িত্বশীলভাৱে বাতৰি প্ৰকাশৰ দাবী জনায়। সামাজিক মাধ্যমত ফটো এখন শ্বেয়াৰ কৰি  আকাশ চোপ্ৰাই লিখিছে, ‘হঠাতে এই লেখাটো দেখিলোঁ৷ শিৰোনামটো বিস্ফোৰক। কিন্তু তেওঁলোকে কেনেকৈ গ’ম পালে যে, ৰিয়ানে ভৰি চুবলৈ অনুৰাগী এজনক ধন দিছিল? সেই বিষয়ে লেখাটোত একো কোৱা হোৱা নাই। এয়া কোনোপধ্যে হ’ব নোৱাৰে। ক্লিক-বেট সাংবাদিকতাৰ জগতখনত এয়া এক নতুন নিম্ন স্তৰ। এয়া মূলসুঁতিৰ সংবাদ মাধ্যম।’ আকাশ চোপ্ৰাৰ এই পোষ্টটো ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, এই ঘটনা মেচখনৰ দ্বিতীয় ইনিংছৰ সময়ত সংঘটিত হৈছিল। কেকেআৰৰ বেটিঙৰ সময়ত বলিং কৰি আছিল ৰিয়ান পৰাগে। পৰাগে চতুৰ্থ অভাৰত বলিং কৰিবলৈ ওলোৱাৰ সময়ত অনুৰাগীজনে খেলপথাৰত প্ৰৱেশ কৰি প্ৰথমে ৰিয়ানৰ ভৰি দুখন চুই তাৰ পিছত সাৱটি ধৰিলে। ইয়াৰ পিছতে নিৰাপত্তাৰক্ষীয়ে লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অনুৰাগীজনক খেলপথাৰৰ পৰা উলিয়াই আনে।

অৱশ্যে ঘৰুৱা খেলপথাৰত অনুষ্ঠিত এই মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ৰাজস্থান ৰয়েলছ। প্ৰথমে বেটিং কৰি ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১৫১ ৰানহে কৰিব পাৰিছিল দলটোৱে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে কলকাতা নাইট ৰাইডাৰ্ছে মাত্ৰ ১৭.৩ অভাৰত ২টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। উল্লেখ্য যে,  এই মেচত ৰাজস্থান ৰয়েলছৰ অধিনায়ক আছিল ৰিয়ান পৰাগও। আচলতে সঞ্জু চেমছন সম্পূৰ্ণ ফিট নোহোৱাৰ বাবেই তেওঁ প্ৰাৰম্ভিক মেচবোৰত বেটছমেন হিচাপে খেলি আছে, যাৰ বাবে দলৰ কামাণ্ড আছে ৰিয়ানৰ হাতত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...