অসম চুক্তিৰ ৪০ বছৰ সম্পূৰ্ণ! এটা এটাকৈ চৰকাৰৰ দোষ হিচাপে কৰিলে জাতীয় পৰিষদে…
স্বাধীনতা দিৱসৰ পূৰ্বে ৰাইজক এক বিশেষ আহ্বান অসম জাতীয় পৰিষদৰ। বিজেপিক গাদীৰ পৰা আঁতৰ কৰাৰ দাবী কৰে পৰিষদে। উল্লেখ্য যে অসম চুক্তিৰ ৪০ বছৰ সম্পূৰ্ণ হ'ব। তাৰ পূৰ্বে চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰে পৰিষদে।

লুৰিণ জ্যোতি গগৈ
দেশৰ ৭৯তম স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত অসম জাতীয় পৰিষদৰ বিস্ফোৰণ। বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি পৰিষদে কয় যে, বিজেপিক ক্ষমতাচ্যুত কৰাটো জাতীয় দায়িত্ব। অসম চুক্তিৰ ৪০ বছৰ সম্পূৰ্ণ হ’ল। কিন্তু এই ৪ দশক ধৰি অসমীয়া জাতিয়ে কেৱল প্ৰতাৰণাৰ মুখ দেখি আহিছে।
পৰিষদে কয় যে, “কাইলৈ ১৫ আগষ্ট। অসম চুক্তিৰ কাইলৈ ৪০ বছৰ সম্পূৰ্ণ হ’ব। ১৯৮৫ চনৰ ১৫ আগষ্টৰ দিনটোত অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল। অসম চুক্তিৰ মূল বিষয় আছিল ৪টা- বিদেশী চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন, বিদেশী বহিষ্কৰণ আৰু অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচ। বিগত ৪০ বছৰত অসম চুক্তিৰ কৰিবলগা যি ৪টা মূল কাম, যাৰ বাবে অসম আন্দোলন হৈছিল, ৮৫৫জন শ্বহীদ হৈছিল, সহস্ৰজন ঘূণীয়া হৈছিল। কিন্তু বিদেশী চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন, বহিষ্কৰণ আৰু অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচ – এই তিনিটা কামহে নহ’ল”।
পৰিষদে আৰু কয়, “অসম চুক্তি সম্পাদন কৰিছিল ভাৰত চৰকাৰে। ভাৰতৰ সংসদে তাত অনুমোদন জনাইছিল। তাৰ লগে লগে এই চুক্তি এটা ৰাষ্ট্ৰীয় দায়বদ্ধতা হৈ পৰিল। সেই দায়বদ্ধতা পালনৰ দায়িত্ব ভাৰত ৰাষ্ট্ৰৰ। ৰাষ্ট্ৰৰ দায়বদ্ধতাৰ প্ৰশ্নত কোন দল কেন্দ্ৰত ক্ষমতাত আছে, সেইটো গৌণ। ভাৰত ৰাষ্ট্ৰই চুক্তিৰ জৰিয়তে অসমৰ জনসাধাৰণৰ দায়িত্ব লৈছে, সেয়া পালন কৰাটো ভাৰত ৰাষ্ট্ৰৰ কৰ্তব্য”।
আৰু কয়, “ইতিপূৰ্বে কেন্দ্ৰত শাসন চলোৱা বিভিন্ন দলৰ চৰকাৰ অসম চুক্তি ৰূপায়ণত ব্যৰ্থ হৈছে। গতিকে বিগত ৪০ বছৰে কেন্দ্ৰত শাসনত থকা প্ৰতিটো দলৰ প্ৰতি আমাৰ ক্ষোভ আছে। বিজেপি দলে অসম চুক্তি আখৰে আখৰে ৰূপায়ন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ২০১৪ চনৰে পৰা বিজেপি দলে অসম চুক্তি ৰূপায়ন আৰু বিদেশী বহিস্কৰণৰ প্ৰতিশ্ৰুতি দি অসমবাসীৰ সমৰ্থন লৈছিল। ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে ( ২৭ এপ্ৰিল, ২০১৪) নৰেন্দ্ৰ মোদীয়ে “১৪ মে’ৰ পাছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধি যাব লাগিব” বুলি হুংকাৰ দি অসমবাসীৰ সমৰ্থন আদায় কৰিছিল। ২০১৬ চনৰ অসমৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে অসমৰ বাবে প্ৰকাশ কৰা’ ভিজন ডকুমেন্ট’ত অসম চুক্তি আখৰে আখৰে ৰূপায়ন, বিদেশী চিনাক্ত আৰু বহিষ্কৰণ, অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল” ।
পুনৰ ক্ষোভ উজাৰি পৰিষদে কয়, “কিন্তু চৰকাৰ গঠনৰ পাছত প্ৰতিশ্ৰুতি পালনৰ সলনি তাৰ বিপৰীত স্থিতি গ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী আইন (কা’) প্ৰয়োগ কৰি অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদানৰ বাট মুকলি কৰে। ‘কা’ প্ৰণয়নৰ বিপৰীতে গঢ়ি উঠা গণ আন্দোলনৰ সময়ত পুনৰ অসম চুক্তিৰ ৬নং দফা ৰূপায়নৰ প্ৰতিশ্ৰুতি দিয়াই নহয়, উক্ত দফা ৰূপায়নৰ দিক্ নিৰ্দেশনাৰ বাবে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) শ্ৰী বিপ্লৱ কুমাৰ শৰ্মা কমিটী গঠন কৰি দি উক্ত কমিটীৰ প্ৰতিবেদন আখৰে আখৰে ৰূপায়নৰ অংগীকাৰ ব্যক্ত কৰে”।
“সংসদৰ মজিয়াত ( ৰাজ্য সভা, ২০১৯ চনৰ ১১ ডিচেম্বৰ ) কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ‘দাড়ি-কমা নকটাকৈ’ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন ৰূপায়নৰ প্ৰতিশ্ৰুতি দিয়ে। ২০১৯ চনৰ ৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ এখন গণসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম চুক্তি আখৰে আখৰে পালন কৰা হ’ব বুলি ঘোষণা কৰিছিল ৷ লগতে অসম চুক্তিৰ ৬নং দফা ‘বিলম্ব নকৰাকৈ’ ৰূপায়ন কৰা হ’ব বুলি কৈছিল ৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলে ‘জাতি-মাটি-ভেটি’ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল; আৰু সেই কথাত ভৰষা কৰি অসমবাসীয়ে ২০১৬ত বিজেপিক ক্ষমতাত আৰোহন কৰোৱাইছিল ৷ সেয়েহে বিজেপিৰ দায়িত্ব অধিক” – এই মন্তব্য পৰিষদৰ।
আৰু কয় যে, “বিজেপিয়ে দায়িত্ব পালনৰ সলনি ওলোটাই ‘কা’ প্ৰয়োগ কৰি অবৈধ অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ পথ প্ৰশস্ত কৰে। ইমানেই নহয়, ‘কা’ প্ৰয়োগেৰে অসমীয়া মানুহক সংখ্যালঘু হ’বলৈ এৰি দিয়ে,৬নং দফা ৰূপায়ন কমিটী গঠন কৰিও কমিটীৰ প্ৰতিবেদন গ্ৰহণ নকৰে আৰু অসমীয়াক সাংবিধানিক ৰক্ষাকৱচ নিদিয়াৰ ষড়যন্ত্ৰ কৰে”। পৰিষদে কয় যে, কা প্ৰয়োগেৰে অসম চুক্তিৰ আত্মা (৫নং দফা)ক হত্যা কৰা হৈছে। কা বিৰোধী গণ আন্দোলন প্ৰতিৰোধ কৰিবলৈ ৫জন যুৱকক শীতল মস্তিষ্কৰে গুলিয়াই হত্যা কৰা হৈছিল। তেওঁলোকক শ্বহীদ ঘোষণা কৰা হোৱা নাছিল আনকি কোনো ক্ষতিপূৰণো নিদিলে। এইবোৰ একো একোটা অপৰাধ বুলি কয় পৰিষদে।
আৰু কয় যে, “উক্ত অপৰাধৰ বাবে বিজেপি দলক শাসনৰ পৰা উৎখাত কৰাটো অসমীয়া মানুহৰ জাতীয় দায়িত্ব হিচাপে বিবেচনা কৰিবলৈ – ভাৰতৰ ৭৯তম স্বাধীনতা দিৱসৰ আগদিনা – আমি ৰাইজক আহ্বান জনাওঁ” ৷
অন্য খবৰ পঢ়কঃ স্বাস্থ্য সেৱাৰ পৰা ব্যৱসায়লৈ, কেবিনেটে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ জানক…